“বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ” শীৰ্ষক আলোচনা সত্ৰ সম্পন্ন

0 19

গুৱাহাটী, ১১ অক্টোবৰ: গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ(Career opportunities after B.Tech)” শীৰ্ষক এখন আলোচনা সত্ৰ ১১ অক্টোবৰ, ২০২২ তাৰিখে অনুষ্ঠিত হয় । যান্ত্রিক অভিযান্ত্রিক বিভাগৰ অধ্যাপক লীনা এইছ নেমাদে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰা আলোচনা সত্ৰখনৰ সমল ব্যক্তি আই আই টি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষক-পিএমআৰএফ ধনঞ্জয় কুমাৰে শিক্ষাৰ্থীসকলৰ সৈতে ‘গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering, GATE)’ পৰীক্ষা আৰু প্ৰধানমন্ত্ৰীৰ গৱেষক ফেলো (পি এম আৰ এফ)[ Prime Minister’s Research Fellows (PMRF)] সম্পৰ্কে বিতংভাৱে আলোচনা কৰে আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More