বীৰ লাচিত সেনাৰ উদ্যোগত যোৰহাটত নাগৰিক সভা 

0 30
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুনঃ বীৰ লাচিত সেনা অসম, যোৰহাট জিলা সমিতিৰ  আহ্বানত যোৰহাটবাসী সচেতন নাগৰিকসকলৰ উপস্থিতিত ১৯ জুনত এখনি নাগৰিক সভা যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা নাগৰিক সভাখনিত অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° পৰাণ বৰুৱাৰ প্ৰস্তাৱ অনুসৰি সভাপতি হিচাপে সভাখনি পৰিচালনা কৰে বিশিষ্ট চিকিৎসক ডা° বলীন খাৰঘৰীয়াই। উক্ত নাগৰিক সভাখনিত শিক্ষা তথা সংস্কৃতিৰ নগৰী হিচাপে খ্যাত যোৰহাটত বৰ্তমান বাঢ়ি অহা কিছুমান অসামাজিক কাৰ্যকলাপ, ড্ৰাগ্‌চৰ অবাধ প্ৰচলন, চোৰৰ চুৰিকাৰ্য, বিশুদ্ধ খোৱাপানীৰ অভাৱ, ৰাস্তা-ঘাটৰ দুৰৱস্থা, পাৰ্কিঙৰ সমস্যা, পদপথত খোজকাঢ়ি যোৱাৰ পৰিৱে‍শ নোহোৱা হোৱা, পদপথ বেদখল কৰি য’তে ত’তে বেহা মেলা, লেচী তথা বিভিন্ন চিকিউৰিটি এজেঞ্চিৰ কৰ্মচাৰীৰ অমানবীয় আচৰণ,  যোৰহাট পুলিচ প্ৰশাসনৰ গা এৰা মনোভাৱ, টোকোলাই নৈৰ ওপৰত বেদখল, জাবৰ নিষ্কাষণৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাৰ চৰম ব্যৰ্থতা, ব্যৱসায়িক প্ৰতিস্থানসমূহত যথোপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা নথকা, দল সংগঠন তথা নাগৰিকসকলৰ দ্বাৰা প্ৰেৰণ কৰা স্মাৰক পত্ৰ তথা আবেদন সমূহক প্ৰশাসন যন্ত্ৰই গুৰুত্ব প্ৰদান নকৰা ইত্যাদি এশ এবুৰি সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। সভাত যোৰহাটৰ বিদ্বৎ সমাজৰ গৰিষ্ঠসংখ্যক নাগৰিক উপস্থিত থাকি নিজ নিজ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি বীৰ লাচিত সেনা, অসম, যোৰহাট জিলা সমিতিৰ এই পদক্ষেপৰ শলাগ লয়। লগতে সভাত আলোচনা হোৱা বিষয়সমূহৰ ওপৰত বীৰ লাচিত সেনা অসম, যোৰহাট জিলা সমিতিক নাগৰিকসকলৰ সৈতে একমত হ’লে পৰৱৰ্তী কাৰ্যসূচী সমূহত সক্ৰিয় সহযোগিতা আগবঢ়াব বুলি দৃঢ়তাৰে জনায়। বিশিষ্ট জ্যেষ্ঠ অধিবক্তাসকল ৰিণ্টু গোস্ৱামী, শেৱালি গগৈ দত্ত, সুদীপ্ত নয়ন গোস্ৱামী, বিশিষ্ট ব্যৱসায়ীসকল ৰাজকুমাৰ বৰঠাকুৰ, প্ৰবীৰ শইকীয়া, আনন্দ আগৰৱালা, পুতুল বৰুৱা, ৰূপম ঠাকুৰ, গৌতম বৰুৱা, হেপ্পী সিং, ৰাজকুমাৰ দুৱৰা, উদয় শংকৰ শৰ্মা, লিপিকা দাস, দেৱজিত দত্ত, সিদ্ধাৰ্থ শংকৰ দত্ত, মৃদুল হাজৰা, প্ৰকাশ বৰুৱা, বিশিষ্ট সমাজসেৱীসকল হেৰম্ব প্ৰসাদ ফুকন, সূৰ্য গগৈ, গোপাল দত্ত, ত্ৰিদিব দত্ত, নয়নজ্যোতি শৰ্মা, ৰিজ আহমেদ, ড° প্ৰণৱ চেতীয়া, দিলিপ বৰা, ঈশ্ৱৰ প্ৰসন্ন বৰদলৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাবু দত্তকে প্ৰমুখ্য কৰি ভালেসংখ্যক সচেতন নাগৰিকে যোৰহাটক পুনৰ সুন্দৰকৈ গঢ়ি তোলাৰ ঈচ্ছাৰে বক্তব্য আগবঢ়ায়। বীৰ লাচিত সেনা অসমৰ লগতে আন আন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলো সৎ প্ৰচেষ্টাৰ লগত সহযোগিতা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিলে জ্যেষ্ঠ নাগৰিকসকলে। সভাৰ শেষত সভাপতিৰ অনুমতি সাপেক্ষে আহিবলগীয়া সময়ৰ সমস্যা তথা সমাধান সূত্ৰ সমূহৰ আলোচনা তথা সমাধানৰ বাবে এটা হোৱাটচ এপ গ্ৰুপ খুলিবৰ অনুমতি বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিক প্ৰদান কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More