শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ তেজপুৰ ৰাজহচক্ৰ অধীনস্থ তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়াচাপৰি বনাঞ্চলত আজি তৃতীয় দিনলৈ উচ্ছেদ অভিযান চলে । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ অভিযানত অবৈধ বসতি স্থাপন কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয়।ইপিনে তৃতীয় দিনৰ উচ্ছেদ অভিযানস্হলীত কংগ্ৰেছ দলৰ তথা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই উপস্থিত হৈ এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ চেষ্টা কৰে৷ তেওঁ আজি চিতল মাৰিত উচ্ছেদ চলি থকা সময়ত উপস্থিত হৈ এই উচ্ছেদ নিয়ম বহিৰ্ভূত বুলি দাবী কৰে আৰু এয়া অভয়াৰণ্যৰ অংশ নহয় বুলি কয়। উক্ত স্থানত কোনো দণ্ডাধীশ উপস্থিত নথকাকৈ উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ কৰা বিধায়ক হুদাই চিতলমাৰীৰ উচ্ছেদিত অংশটো স্হানীয় সুধীৰ পাৰ গাঁও পঞ্চায়ত অন্তৰ্গত এটা খণ্ড বুলি দাবী কৰে৷ বিধায়কজনে তেওঁৰ দেহৰক্ষী সহ উচ্ছেদ স্হলীত উপস্থিত হৈ উচ্ছেদত ব্যৱহাৰ কৰা আৰু ইয়াত থকা বাসগৃহ সমূহ ভঙাত ব্যস্ত থকা এক্সকেভেটৰ সমূহৰ কাম বন্ধ কৰি দিয়ে৷ বিধায়কজনক এই সময়ত তাত উচ্ছেদৰে জড়িত চৰকাৰী পক্ষই বাধা দিয়া দেখা নগ’ল৷ ইপিনে যোৱা তিনিদিনে চলা অভিযানৰ বিপৰীতে কালিলৈকে হোৱা উচ্ছেদ আৰু কৃষিতলিত নিশ্চিহ্ন কৰাৰ বিৰুদ্ধে বেদখলকাৰী সকলে বিৰোধিতা কৰিছে৷এনেবোৰ অঞ্চলত তেওঁলোক ১৯৯১ ৰ পৰাই বাস কৰি আহিছে বুলি দাবী কৰা উচ্ছেদিত লোকসকলে তেওঁলোকৰ হাতত, আধাৰ, পান কাৰ্ড, আৰু ভোটাৰ কাৰ্ড আছে বুলিও দাবী কৰে৷উল্লেখযোগ্য যে,উচ্ছেদ অভিযানৰ আগতে শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰা হৈছিল চৰকাৰী ভূমি খালী কৰাৰ বাবে। বেদখলকাৰী সকলে এই জাননী লাভ কৰাৰ পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ে তিনি মাহৰ সময় সীমা বান্ধি দি তেওঁলোকৰ শস্য বা ফচল কটাৰ পিছতহে শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিব পাৰিব বুলি নিৰ্দেশ দিয়া বুলি দাবী কৰে । বেদখলকাৰী সকলে অভিযোগ কৰে যে – জিলা প্ৰশাসনে উচ্চতম ন্যায়ালয়ৰ নিদেৰ্শ নামানি হেজাৰ হেজাৰ বিঘা মাটিৰ খেতি বাটিত টেক্টৰ চলাই খেতি সম্পূৰ্ণ নষ্ট কৰি পেলায়। কৃষি কৰি পৰিয়াল পোহপাল দিয়া এই পৰিয়াল সমূহৰ দায়িত্ব কোনে ল’ব বুলি প্ৰশ্ন কৰি তেওঁলোকে আনকি উচ্ছেদিত সকলক গুলিয়াই মাৰিবলৈ তেজপুৰত উপস্থিত হৈ এইসকল লোকে চৰকাৰলৈ আহ্বান জনায়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.