বৃষ্টিপাতঃ শুকুৰবাৰে মৌচিনৰামে নিজেই ভাঙিলে ৫৬ বছৰৰ অভিলেখ
মৌচিনৰামৰ পিছে পিছে চেৰাপুঞ্জী
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন : দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত এতিয়া অবিৰাম বৃষ্টিপাতৰ যেন প্ৰতিযোগিতাহে হৈছে ! পাহাৰ-পৰ্বত, ভৈয়াম ক’তো বাকী নাই। আজি প্ৰায় এমাহমানৰ পৰাই নিৰৱিচ্ছিন্ন ভাবে অহা মুষলধাৰ বৰষুণৰ পানীৰ ধলে এই অঞ্চলটোত এফালৰ পৰা চলোৱা বিধ্বংসী কাৰ্যকলাপৰ সবিশেষ নিশ্চয় নথিভুক্ত হৈছে। স্বীকাৰ কৰিব লাগিব, এইবছৰৰ এইটো সময়ত হোৱা বৃষ্টিপাতে যেন সৰ্বকালৰ অভিলেখ ভঙ্গ কৰিছে। মে’-জুন মাহৰ এই সময়ছোৱাত বৃষ্টিপাতৰ অভিলেখ ভঙ্গ হোৱাৰ লগতে আকৌ কিছু কিছু অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অভাৱনীয় ভাবে হ্ৰাস হোৱাৰ ঘটনাইও চিন্তাৰ উদ্ৰেক কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অতি শেহতীয়া তথ্য অনুযায়ী, যোৱা শুকুৰবাৰে মৌচিনৰামত বৃষ্টিপাতৰ পৰিমাণ আছিল ১০০৩.৬ মিলিমিটাৰ, যিটো জুন মাহত এটা দিনৰ সৰ্বোচ্চ পৰিমাণ। ইয়াৰ পূৰ্বে পৃথিৱীৰ আটাইতকৈ সৰ্বাধিক বৃষ্টিপাতৰ স্থান ৰূপে পৰিগণিত হোৱা মৌচিনৰামত সৰ্বাধিক বৃষ্টিপাতৰ পৰিমাণ আছিল ১৯৬৬ চনৰ ৭ জুন তাৰিখে ৯৪৪.৭ মিলিমিটাৰ। মৌচিনৰামে ৫৬ বছৰৰ অভিলেখ ভঙ্গৰ পাছত দহ কিলোমিটাৰ নিলগত থকা চেৰাপুঞ্জীত যোৱা বুধবাৰে নথিভুক্ত হৈছিল ৮১১.২ মিলিমিটাৰ, যিটো ১৯৯৫ চনৰ জুন মাহৰ পৰা সৰ্ববৃহৎ পৰিমাণ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১২২ বছৰীয়া ইতিহাসত ই তৃতীয় বৃহৎ পৰিমাণৰ বৃষ্টিপাতৰ পৰিমাণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, গড় বছৰেকীয়া বৃষ্টিপাত ১১৮০২.৪ মিলিমিটাৰ (১৯৭৪-২০২২)ৰ অভিলেখেৰে মৌচিনৰাম এতিয়া ভাৰতবৰ্ষৰ সবাতোকৈ অধিক বৃষ্টিপাত হোৱা স্থান। ১১৩৫৯.৪ মিলিমিটাৰ (১৯৩১-২০২০) বৃষ্টিপাতেৰে চেৰাপুঞ্জী মৌচিনৰামৰ পাছতেই আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সূত্ৰই জনোৱা মতে, জুনৰ এক তাৰিখৰ পৰা উত্তৰ-পূব আৰু পূব ভাৰতত সাধাৰণতে হ’বলগীয়া পৰিমাণতকৈ ৩৯ শতাংশ অধিক বৃষ্টিপাত হৈছে। এই সময়ছোৱাত মেঘালয়ত ৮৬৫.৭ মিলিমিটাৰেৰে ১৫৩ শতাংশ, অৰুণাচল প্ৰদেশত ২৫৩.১ মিলিমিটাৰেৰে ২২ শতাংশ, অসমত ৩৭২.৯ মিলিমিটাৰেৰে ৭৯ শতাংশ অধিক বৃষ্টিপাত হোৱাৰ তথ্য নথিভুক্ত হৈছে। ইয়াৰ বিপৰীতে আকৌ মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ক্ৰমান্বয়ে ৫০, ৪৬ আৰু ৩৮ শতাংশ কম বৃষ্টিপাত হৈছে।