বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ

ৰাজ্য চৰকাৰক উচ্ছেদ-অভিযান অব্যাহত ৰখাৰ আহ্বান

0 27

লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জাতি-মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ আস্হা লাভ কৰি শাসনলৈ অহা এই চৰকাৰখনে উচ্ছেদিত বেদখলকাৰীসকলক পুনৰ সংস্থাপন দিবলৈ বিচৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰি কয় যে বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই সেই বেদখলকাৰী সকলৰ ওপৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰি পুনৰ অন্য ঠাইত সংস্থাপিত কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক। যদি কোনো ভূমিহীন পৰিয়ালক আবেদনৰ ভিত্তিত চৰকাৰে মাটি প্ৰদান কৰিছে তাত কবলগীয়া আমাৰ একো নাই কিন্তু অবৈধ ভাৱে দখল কৰা আইন ভংগকাৰী বেদখলকাৰীসকলক পুনৰ মাটি প্ৰদান কৰিবলৈ বিচৰাটো গ্ৰহণযোগ্য নহয়। একেটা বিবৃতিটিতে বৈশ্য আৰু দাসে কয় যে উচ্ছেদ কাৰ্যক এচাম ধুৰন্ধৰ ৰাজনীতিবিদে যিদৰে মানৱতা দোহাই দি বেদখলকাৰীক উৎসাহ প্ৰদান কৰা লগতে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে তাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই অভিযান যাতে আৰু তীব্ৰতৰ হয় তাৰবাবে এই অভিযান অব্যাহত ৰখাৰ লগতে চৰকাৰক বেদখলকাৰী সকলৰ ওপৰত কঠোৰ ব্যৱস্থা হাতত লবলৈ আহ্বান জনায়। আনহাতে বৈশ্য আৰু দাসে কয় যে বেদখলকাৰী সকলক পুনৰ সংস্থাপন কৰি উৎসাহিত কৰাৰ পৰিৱৰ্তে কাৰাদন্দৰে দণ্ডিত কৰাৰ লগতে উচ্ছেদৰ নামত খৰচ হোৱা ধনৰাশি সমূহ বেদখলকাৰীৰ ওপৰত জাপি দি ৰাজকোষত ব্যয় যাতে তেখেতসকলে নিজে বহন কৰিব লগীয়া হয় তেনে এক নীতি প্ৰস্তুত কৰিবলৈ চৰকাৰক পৰিষদে দাবী জনায় । বিবৃতিটোৰ শেষত বৈশ্য আৰু দাসে কয় যে বেদখলকাৰীসকল যাতে পুনৰ সংস্থাপিত হব নোৱাৰে তাৰ বাবে চৰকাৰক এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে ভোটৰ লালসাত বেদখলকাৰী সমৰ্থনত দৰদ দেখুওৱাৰ ৰাজনৈতিক দলসমূহকো অসমৰ ৰাইজে বৰ্জন কৰাৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থত সকলোকে একত্ৰিত হবলৈ সংগঠনটোৱে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More