বৈদেশিক সচিব হিচাপে বিনয় মোহন কোৱাট্ৰাৰ আজি কাৰ্যভাৰ গ্ৰহণ

0 13
 শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে’: নেপালত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিনয় মোহন কোৱাট্ৰাই(৫৭) আজি ভাৰতৰ ৩৪ তম বৈদেশিক সচিব ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৩০ এপ্ৰিল তাৰিখে হৰ্ষবৰ্দ্ধন শ্ৰীলাংই বৈদেশিক সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত কোৱাট্ৰাই আজি এই নতুন পদবীটোত যোগদান কৰিছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকে ধৰি ভাৰতৰ চুবুৰীয়া দেশসমূহৰ অস্থিৰ ভূ-ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতিত কোৱাট্ৰাৰ বৈদেশিক সচিব হিচাপে নিযুক্তি কিছু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ১৯৮৮ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া ৰূপে তেওঁৰ আছে ৩৩ বছৰীয়া কূটনৈতিক সেৱাৰ প্ৰচুৰ অভিজ্ঞতা। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ইউৰোপৰ দেশসমূহৰ লগত দীৰ্ঘ দিন ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত কোৱাট্ৰা ইয়াৰ পূৰ্বে নেপালৰ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনৰ পৰা ২০১৭ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব ৰূপেও দায়িত্বভাৰ চম্ভালিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More