ব্রহ্মোছ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণঃ ৫০০ কিলোমিটাৰ নিলগত লক্ষ্যভেদ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : চুখই-৩০ যুদ্ধ বিমানৰ পৰা ব্রহ্মোছ মিছাইলৰ পৰীক্ষাত সফল ভাৰত। কালি ১২ মে’ত বঙ্গোপসাগৰত একেবাৰে নিখুঁত লক্ষ্যত আঘাত সানিলে মিছাইলটোৱে। বায়ুসেনাৰ তৰফৰ পৰা এক বিবৃতিত এই কথা জনোৱা হৈছে। বায়ুসেনাই জনাইছে যে, এইবাৰেই প্রথম Su-30 MKI এয়াৰক্রাফ্টৰ পৰা BrahMos মিছাইল নিক্ষেপ কৰা হৈছিল। দূৰৰ লক্ষ্য যে চুখইৰ পৰা মিছাইলেৰে ভেদ কৰিবলৈ যে সক্ষম দেশ, সেই কথা প্রমাণ হৈ গ’ল। ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে, আগন্তুক দিনত উল্লেখযোগ্য ভূমিকা ল’ব এই নতুন কৌশলে। ইন্দো-ৰাছিয়ান যৌথ উদ্যোগত নিৰ্মাণ হৈছে এই ব্রহ্মোছ মিছাইল। প্রায় ২৯০ কিলোমিটাৰ দূৰত গৈ ই আঘাত সানিবলৈ সক্ষম। শব্দৰ তিনিগুণ গতিত ই গতি কৰিব পাৰে। এয়াৰ ভাইচ মাৰ্চাল (অৱসৰপ্রাপ্ত) অনিল গোলানিয়ে জনাইছে যে, এই কৌশল একেবাৰে গেম চেঞ্জাৰ। সম্প্রসাৰিত লক্ষ্যত ই আঘাত সানিবলৈ সক্ষম। ইফালে সূত্রৰ খবৰ মতে, ভাৰতে ইয়াতকৈয়ো দূৰলৈ নিক্ষেপ কৰিব পৰাকৈ মিছাইল উন্নীত কৰাৰ বাবে চেষ্টা চলাই আহিছে। প্রায় ৮০০ কিলোমিটাৰ নিলগৰ লক্ষ্যত আঘাত সানিব পাৰিব এই মিছাইলে। উল্লেখ্য যে, যোৱা ৯ মার্চত ভাৰতে ভুলবশতঃ এটা ব্রহ্মোছ মিছাইল এৰি দিছিল। সেইটো গৈ পাকিস্তান পাইছিলগৈ। ৰুটিন পৰীক্ষাৰ সময়ত তেনে হৈছিল। ইয়াৰ পিছতেই প্রতিৰক্ষা মন্ত্রীয়ে জনাই দিছিল যে, ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সময়ত SOP বজাই ৰাখিব লাগিব। এই ব্রহ্মোছ মিছাইল জল, স্থল আৰু আকাশত আঘাত সানিবলৈ সক্ষম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More