ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল

নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ প্ৰকাশ কৰে যে সম্প্ৰতি লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি৷ ভাল কাম কৰিলে দলীয় টিকট পাব পূৰ্বৰ সাংসদেও৷ অৱশ্যে এইক্ষেত্ৰত দলে লব সিদ্ধান্ত৷ কাক দলীয় টিকট দিব সেয়া নিৰ্ণয় কৰিব দলে৷ কিন্তু নিৰ্বাচনৰ বাবে সাংগঠনিক কাম কাজ অব্যাহত আছে বিজেপি দলৰ ৷ আজি তেজপুৰত এইদৰে প্ৰকাশ কৰিলে দেশৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ এক দলীয় কাৰ্যসূচীৰে তেজপুৰৰ বাটমাৰি স্হিত সন্মিলন কেন্দ্ৰত বিয়লি উপস্থিত হোৱা সোনোৱালে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অভূতপুৰ্ব প্ৰগতি হৈছে৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত উন্নয়নৰ কাম যথেষ্ট পৰিমাণে আগবাঢ়িছে বুলি মন্তব্য কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আৰু কয় যে,কংগ্ৰেছৰ কাৰ্যকালত ভাবিব নোৱৰা কাম এতিয়া সম্ভৱ হৈছে৷ দীৰ্ঘদিন কংগ্ৰেছে দেশ শাসন কৰিছে যদিও তেওঁলোক নোৱাৰা কাম মোদীৰ নেতৃত্বত সম্ভৱ হৈছে বুলিও কয় সোনোৱালে৷ তেওঁ লগতে কয় যে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থিক উন্নয়নত গুৰুত্ব দিয়া হৈছে৷ নদী পৰিবহণত গুৰুত্ব দি ব্ৰহ্মপুত্ৰৰে নদী যাতায়াত সুচল কৰা হব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে কয় যে, ৰিভাৰ ক্ৰুজৰ দলটো আহি বিশ্বনাথ তেজপুৰত উপস্থিত হ’বহি বুলি উল্লেখ কৰি লগতে কয় যে,শীঘ্ৰেই বিশ্বনাথত নিৰ্মাণ কৰা হ’ব এক ফ্লটিং ৰিভাৰ পৰ্ট৷ তাৰ বাবে নিবিদা সংগ্ৰহ কৰা হৈছে বুলিও সোনোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী জাহাজ আৰু যাত্ৰীৰ বাবেও পুনৰ জাহাজ চলাচল কৰিব বুলি তেওঁ সদৰী কৰে৷উল্লেখযোগ্য যে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত সমাগত নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয় যে যি কেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হোৱা নাই সেই ৰাজ্যত বিজেপিৰ চৰকাৰ গঠনৰ বাবে প্ৰয়াস কৰিছে দলটোৱে৷উল্লেখ্য যে,সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম বাৰৰ বাবে আজি তেজপুৰত উপস্থিত হয় । তেওঁক শোণিতপুৰ জিলাৰ বিজেপি নেতা কৰ্মী একাংশৰে অন্তৰংগ আলাপত অংশ লয় আৰু এই অনুষ্ঠানত জিলা বিজেপিৰ তৰফৰ পৰা সোনোৱালক উষ্ম আদৰণি জনোৱা হয়৷উল্লেখযোগ্য যে,আজি সোনোৱালক ইয়াত সংগ দিয়ে বৰছলাৰ বিধায়ক গণেশ লিম্বুৱে৷আনহাতে,কেন্দ্ৰীয় বন্দৰ,জাহাজ,জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সোনোৱালে শোণিতপুৰ জিলা সমিতিৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়াৰ লগত কৰা অন্তৰংগ আলোচনাত মিলিত হয় আৰু চৰকাৰৰ বিভিন্ন জনকল্যানমূলক আচঁনিৰ সফল ৰূপায়ণৰ লগতে আচঁনি সমূহ জনসাধাৰণৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ আহ্বান জনায়। দুদিনীয়া ভ্ৰমনসূচীৰে শোণিতপুৰলৈ অহা মন্ত্ৰী গৰাকীয়ে কালি সন্ধিয়া জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে আজি পুৱা বিশ্বনাথ চাৰিআলিৰ এক দলীয় সভাত অংশ গ্ৰহন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More