ব্ৰিকছত ধৰিব নেকি ভাঙোন?

চীন আৰু ৰাছিয়াৰ স্থিতিক লৈ সন্দেহ

0 20

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগ অহাৰ লগে লগে ব্ৰিকছৰ ভিতৰত বিভাজনৰ সম্ভাৱনা বৃদ্ধি পাইছে। একে সময়তে পৰিৱৰ্তিত ভূ-কৌশলগত পৰিস্থিতিৰ লগে লগে ২০০৯ চনত গঠন হোৱা গোটটোৰ মূল কেন্দ্ৰও সলনি হৈছে বুলি যোৱা সপ্তাহত ব্ৰিকছ সন্মিলনৰ পিছত কূটনৈতিক শিবিৰটোৱে কয়। ব্ৰাজিল, ৰাছিয়া, চীন আৰু ভাৰতৰ সৈতে ২০০৯ চনত ব্ৰিক গঠন কৰা হৈছিল। দুবছৰৰ পাছত দক্ষিণ আফ্ৰিকাই ব্ৰিকছত যোগদান কৰে। এইবাৰ আৰ্জেণ্টিনা আৰু ইৰাণে এই গোটত যোগদান কৰিবলৈ আবেদন কৰাৰ বিপৰীতে চীনো ব্ৰিকছ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে। কিন্তু বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, অৰ্থনৈতিক, বাণিজ্য, নিৰাপত্তা আৰু সাংস্কৃতিক যোগাযোগৰ মঞ্চ হিচাপে স্থাপন কৰা গোটটো ক্ৰমশঃ লক্ষ্যৰ পৰা ফালৰি কটাৰ দিশত আগবাঢ়িছে। যোৱা ব্ৰিকছ সন্মিলনৰ পিছত বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াসকলে ঘৰুৱাভাৱে কৈছিল যে, চীন ব্ৰিকছক আমেৰিকা আৰু পশ্চিমৰ বিৰুদ্ধে মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈ আগ্ৰহী। জানিব পৰা মতে চীনৰ এই পদক্ষেপৰ ফলত ভাৰতে অধিক সমস্যাৰ সন্মুখীন হৈছে আৰু ভাৰতে সুষম কূটনীতিৰ পিছত লগা হৈছে। কূটনৈতিক শিবিৰৰ মতে, ২০০৯ চনৰ পৰা ব্ৰিকছে বাণিজ্যিক ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিছে (ব্ৰিক্স ডেভেলপমেণ্ট বেংকৰ দৰে পদক্ষেপ), কিন্তু নিৰাপত্তা আৰু ৰাজনীতিৰ ক্ষেত্ৰত একো কৰা হোৱা নাই। প্ৰতি বছৰে ব্ৰিকছ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক হয়। কিন্তু তেনে এক ঐকমত্য নাই। যোৱা মাহত চীনে লস্কৰ-ই-তৈবাৰ নেতা আব্দুল ৰেহমান মাক্কিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদী তালিকাত স্থান দিয়াৰ বাবে ভাৰত-আমেৰিকাৰ যৌথ প্ৰস্তাৱত বাধা প্ৰদান কৰিছিল। ইয়াৰ এদিন পূৰ্বে চীন আৰু ভাৰতকে ধৰি পাঁচখন দেশে ব্ৰিকছৰ বাৰ্ষিক নিৰাপত্তা বৈঠকত সন্ত্ৰাসবাদ বিৰোধৰ ক্ষেত্ৰত সহমতত উপনীত হৈছিল। তাকো বহু বাধাৰ পিছত। কিন্তু এই মুহূৰ্তত গোটটোৰ অস্তিত্বৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি হৈছে চীন আৰু ৰাছিয়া, যিয়ে নিজৰ অৰ্থনৈতিক আৰু নিৰাপত্তাৰ দৃষ্টিভংগী সলনি কৰিব বিচাৰিছে। উদ্বোধনী ভাষণত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে বিশ্বৰ একপক্ষীয় ছবি অংকন কৰে, য’ত পশ্চিমীয়া আক্ৰমণকাৰী কঁপি উঠিছে! ব্ৰিকছ ৰাষ্ট্ৰসমূহক সামৰিক মিত্ৰতা আৰু একচেটিয়া অধিকাৰ (আমেৰিকা আৰু ইউৰোপ)ৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁৰ আহ্বান। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত বেইজিঙে ঘোষণা কৰা গ্ল’বেল ছিকিউৰিটি এলায়েন্সত ব্ৰিকছক যোগদান কৰিবলৈ বেইজিঙে আহ্বান জনায়। চীন চৰকাৰৰ এই নতুন পদক্ষেপৰ ব্যাখ্যা হৈছে আমেৰিকা নেতৃত্বাধীন পশ্চিমৰ বিৰুদ্ধে যুঁজৰ সমন্বয় সাধন কৰা। স্বাভাৱিকতে যদি চীন আৰু ৰাছিয়াৰ প্ৰচেষ্টা বাঢ়ি গৈ থাকে তেন্তে ভাৰতৰ বাবে ব্ৰিকছক ধৰি ৰখাটো কঠিন হৈ পৰিব। ভাৰতে এফালে সকলো উন্নয়নশীল দেশৰ আশা-আকাংক্ষাৰ প্ৰতি যিমান সতৰ্ক হৈ আছে সিমানেই নিজাববীয়াকৈ সতৰ্ক, আৰু বহুপক্ষীয় কূটনীতিৰ জৰিয়তে ৰাছিয়া আৰু আমেৰিকাৰ সৈতে একেধৰণৰ কৌশলগত সম্পৰ্কত আছে। ইউৰোপৰ সৈতে বাণিজ্য আৰু কৌশলগত সম্পৰ্কও বৃদ্ধি পাইছে। ফলত ব্ৰিকছত চীনৰ সৈতে ভাৰতৰ ক্ষমতা আৰু অস্তিত্ব সংগ্ৰাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। একাংশ বিশেষজ্ঞৰ মতে, এই যুদ্ধত ১৩ বছৰীয়া গোটটো ছিন্নভিন্ন হ’ব পাৰে।

শতাব্দ সম্পাদনা গোট

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More