বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি তুংগত

৪ মেত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ

0 17

 

শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ২১ এপ্ৰিলঃ বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনখনি অহা ২ , ৩ আৰু ৪ মেত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হব । অধিবেশনৰ আটাইবোৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসক সভাপতি , এমচিএলএ পবিত্ৰ কুমাৰ বড়ো আৰু তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু শিক্ষক ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰি অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে । শতাধিক কৰ্মচাৰীয়ে দিনে নিশাই বিভাগে বিভাগে কাম কাজ চলাই গৈ আছে । সমান্তৰালভাৱে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াই বিভিন্ন কামৰ তদাৰক কৰি আছে। উল্লেখযোগ্য যে ৰুষ্ট প্ৰকৃতিয়ে বিগত কিছুদিন অধিবেশনৰ কাম কাজ আগবঢ়াই নিয়াত বিধি পথালি দিছিল । যোৱা দুটা দিনত বতৰ ভাল হোৱাত যুদ্ধকালীন তৎপৰতাৰে দিনে নিশাই অধিবেশনৰ কাম কাজ চলাই থকা পৰিলক্ষিত হৈছে । ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কালি আৰু আজি একেৰাহে দুটা দিন অধিবেশনস্থলীত উপস্থিত হৈ অধিবেশনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লৈছে । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সংবাদ  মাধ্যমৰ আগত কয় — আমি বিশেষভাৱে আনন্দিত আৰু গৰ্বিত হৈছোঁ এই কাৰণেই যে ভাৰতৰ প্ৰথমগৰাকী নাগৰিক ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশনৰ ৪ মেত অনুষ্ঠিত হব লগা মুকলি অধিবেশনত অংশগ্ৰহণ কৰিব । এই দিনটো তামুলপুৰবাসীৰ বাবে, বড়ো সাহিত্য সভাৰ বাব , বিটিআৰবাসীৰ বাবে আৰু অসমবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হব । ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীৰ বাবে আৱশ্যকীয় বাট পথ সমূহ নিৰ্মাণৰ কাম প্ৰায় সমাপ্ত কৰি তোলা হৈছে । তেওঁ পুনৰ কয় যে বড়ো সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে অকল তামুলপুৰবাসীয়েই নহয় সমগ্ৰ বিটিআৰবাসীয়ে সাজু হৈছে । তেওঁ আকৌ কয় এই অধিবেশনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপৰি অসমৰ ৰাজ্যপাল , অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আন তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব । অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপ সমিতিয়ে নিজৰ নিজৰ দায়িত্ব চমজি লোৱা বুলি জানিবলৈ দি প্ৰমোদ বড়োৱে এই অধিবেশনখনি সকলো ফালৰ পৰা সফল হব বুলি আশা প্ৰকাশ কৰাৰ লগতে জাতি ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ ঐকান্তিক সহায় সহযোগিতা তেওঁ কামনা কৰে । 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More