বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য গৌজন ফৌথাৰ

বড়ো ভাষাটো ডিজিটেলাইজড কৰিবলৈ গৈ আছোঁ --- তৰেন বড়ো 

0 41

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ৩ মে : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে তামুলপুৰ কচুবাৰী গৌজন ফৌথাৰ । খাম, চিফুং, বাঁহীৰ শব্দই মুখৰিত কৰি তোলে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ । বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা বতৰ ফৰকাল হৈ পৰাত আদৰণি সমিতি আৰু বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উচাহ দুগুণে বৃদ্ধি পায় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বড়ো জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লানি নিছিগা সোঁত বয় অধিবেশনথলীলৈ। পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি তৰেন বড়োৱে ।  ভাষণত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে কয় বড়ো সাহিত্য সভা , বড়ো ছাত্ৰ সন্থা আৰু বড়ো ৰাইজৰ সহযোগত আমি বড়ো ভাষা সাহিত্যক আগবঢ়াই লৈ যোৱাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছো । ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কাইলৈ অনুষ্ঠিত হব লগা মুকলি সভাত উপস্থিত থাকিব । এয়া আমাৰ এক ইতিহাস হৈ থাকিব। তামুলপুৰত ৰাষ্ট্ৰপতিক আনিব পৰাতো আমাৰ গৌৰৱ। তেওঁ পুনৰ কয় বড়ো জাতিয়ে বিশ্বৰ দৰবাৰত মানুহ হিচাপে বাচি থাকিব লাগিব। আমি চেলেঞ্জিং ভাব লৈ কাম কৰি যাব লাগিব। বড়ো সাহিত্য সভাই ১৯৫২ চনৰ পৰা আহি আহি সত্তৰ বছৰত ভৰি দিলে । এই দীঘলীয়া সময়ৰ মাজতে ১৯৬২ চনত বড়ো মাধ্যমৰ প্ৰৱৰ্তন হ’ল । কাইলৈৰ দিনটোত ৰাষ্ট্ৰপতিৰ পৰা এটা মেচেজ পোৱাৰ আশা প্ৰকাশ কৰি তেওঁ কয় বড়ো ভাষাটো ডিজিটেলাইজ কৰিবলৈ গৈ আছো । তাৰ বাবে বড়ো ভাষাটো সংযোগী ভাষা কৰিবলৈ বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু ৰাইজৰ প্ৰচেষ্টাত ই- টিটচিং, ই – লাৰনিং , ই – ইডুকেচন কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । বড়ো এটা শৃংখলাবদ্ধ জাতি হিচাপে ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ হলেই নহব তথ্য আৰু প্ৰযুক্তিৰ সৈতে দৌৰিবলৈ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব । ভাষণত বড়ো জাতিটো বিশ্বৰ দৰবাৰত এটা পূৰ্ণাংগ জাতি হিচাবে আৰু বড়ো ভাষাটো এটা সংযোগী ভাষা হিচাবে পৰিণত হব বুলি আশা প্ৰকাশ কৰে তৰেন বড়োৱে । তেওঁ পুনৰ কয় বিটিআৰ চুক্তিৰ আধাৰত শোণিতপুৰ, বিশ্বনাথ চাৰিআলি আৰু গহপুৰ অঞ্চলৰ বড়ো জনগোষ্ঠী প্ৰধান অঞ্চল সমূহ বিটিআৰত সন্নিবিষ্ট কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে । বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ আমি বিটিআৰ চৰকাৰক অনুৰোধ জনাইছো । বিটিআৰ চুক্তিৰ ছিক্স পইন্ট থ্ৰী ধাৰাটো কাৰ্যকৰী কৰিবলৈ কালিৰ প্ৰতিনিধি সভাত আলোচনা কৰা হয় । সভাপতিৰ ভাষণৰ পিচতে মাষ্ট পাষ্টৰ অভিবাদন গ্ৰহণ কৰে । ইয়াৰ পিচতে শ্বহীদ তৰ্পন কৰে নিখিল বড়ো সাহিত্য সভাৰ উপ -সভাপতি দীননাথ বসুমতাৰীয়ে । বড়ো সাহিত্য সভাৰ প্ৰয়াত প্ৰাক্তন বিষয়ববীয়া সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিখিল বড়ো সাহিত্য সভাৰ উপ-সভাপতি ৰমেলা ইছলাৰীয়ে । পুৱা ১০ বজাত নিখিল বড়ো সাহিত্য সভাৰ উপ- সভাপতি সীতাৰাম বসুমতাৰীৰ অধ্যক্ষতাত স্মৃতি গ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে । গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই কয় – বড়ো সাহিত্য সভাৰ অধিবেশনথলীত বিভিন্ন জাতি -জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰিছে । ফলত সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে অধিবশনথলী । আজি অসমীয়া আৰু বড়ো ভাষাৰ কিতাপ উন্মোচন হৈছে । গতিকে ইংৰাজী ভাষাই কেতিয়াও অসমীয়া বা বড়ো ভাষাক বিলুপ্ত ঘটাব নোৱাৰে । ভাষাৰ সমন্বয়ৰ দ্বাৰা সকলো ভাষা গঢ়ি উঠিছে । গ্ৰন্থ উন্মোচনী সভাত অংশ গ্ৰহণ কৰি অতিৰিক্ত আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় -মাতৃভাষাই ব্যক্তি আৰু সমাজ জীৱনক সত্ত্বা দিয়ে । বড়ো ভাষা এটা চহকী ভাষা আৰু ইয়াৰ সংস্কৃতিও চহকী । বড়ো জনগোষ্ঠীৰ ভাষা, সাহিত্য সমৃদ্ধিশালী । সেয়ে জাতিটোৰ উত্তৰণ সম্ভৱ হৈ পৰিছে । গ্ৰন্থ উন্মোচনী সভাত স্মৃতি গ্ৰন্থ ” বিসম্বি ” উন্মোচনৰ লগতে বহুকেইগৰাকী লেখকৰ প্ৰায় এশখন গ্ৰন্থ উন্মোচন কৰা হয় । উল্লেখ্য যে আজিৰ উন্মোচনী সভাত এগৰাকী নেপালী লেখিকা অঞ্জনা দেৱী উপাধ্যায়ৰ বড়ো ভাষাত লিখা গ্ৰন্থ উন্মোচন কৰা হয় । অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা , বড়ো সাহিত্য সভাৰ উপ-সভানেত্ৰী ৰমিলা ইছলাৰী, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী , প্ৰাক্তন এৱছু নেতা ৰোমিও পি নাৰ্জাৰী , চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ অনিল বড়ো , প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো ,বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী উপস্থিত থাকে । আজি আবেলি বড়ো সাহিত্য সভাৰ উপ-সভানেত্ৰী ৰোমিলা ইছলাৰীৰ সঞ্চালনাত “ৰাষ্ট্ৰীয় শিক্ষা-নীতি ,২০২২ শীৰ্ষক আলোচনা চক্ৰ এখন অনুষ্ঠিত হয় । আলোচনা চক্ৰত অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুই অংশ গ্ৰহণ কৰি কয় – আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থা বৃটিছে প্ৰৱৰ্তন কৰিছে । ভাৰতক শাসন কৰিবলৈ কেৰানি নিয়োগ কৰিছিল বৃটিছ চৰকাৰে । মন্ত্ৰীগৰাকীয়ে পুনৰ কয় – চাকৰি কেন্দ্ৰীক শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাই গুণগত শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তন কৰা হৈছে । নতুন শিক্ষানীতিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব । গুণগত শিক্ষাৰ বাবে মানৱ সম্পদ সৃষ্টি হব লাগিব । সেইখিনি কৰাৰ বাবে বড়ো ছাত্ৰ সন্থাই আগবাঢ়ি যাব লাগিব । ভাষাটো হ’ল এটা স্কিল । যিবিলাক শিক্ষানুষ্ঠানত সকলো ভাষাই শিকোৱা হয় তেনে শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যায় । বড়ো সাহিত্য সভাইও জাতিটোক আগবঢ়াই নিয়াৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আলোচনা চক্ৰত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ প্ৰফেচাৰ চন্দন শৰ্মাই অংশ গ্ৰহণ কৰি কয় – ভাৰতত আত্ম নিয়ন্ত্ৰণৰ যি আন্দোলন চলিছিল – তাৰ ভিতৰত এৱছুৰ আন্দোলন আছিল ঐতিহাসিক আন্দোলন । নিজস্ব ভাষা সংস্কৃতিক আগবঢ়াই নিয়াত লিখিত সমলৰ প্ৰয়োজন । সমল সমূহৰ পৰাহে ইতিহাস ৰচনা কৰিব পাৰি । মৌখিক লোক কথাই ইতিহাস ধৰি ৰাখে । কাইলৈ অধিবেশনৰ অন্তিম দিন । কাইলৈ মুকলি সভাত ভাগ লব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More