বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন আৰম্ভ
উদুলি মুদুলি গৌজন পথাৰ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২ মে :এক উদুলি মুদুলি পৰিবেশৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত গৌজন পথাৰত এতিয়া বলিছে উচাহৰ ঢল । সকলোৰে মাজত পাৰ ভঙা উচাহ । সীমাহীন আশা, সীমাহীন প্ৰত্যাশা । অকল বড়ো জনগোষ্ঠীয়েই নহয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত দেখা গৈছে কেৱল হাঁহি স্ফূৰ্তি আনন্দ । বড়ো জনগোষ্ঠীৰ উপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ উমৈহতীয়া প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে গৌজন পথাৰ অৰ্থাৎ শান্তিৰ পথাৰ । উল্লেখযোগ্য যে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশন । আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী মুখ্যদ্বাৰ মুকলি কৰে উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য ড° ধৰ্ম নাৰায়ণ দাসে। অতিথিগৃহৰ দ্বাৰ মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই । প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে সমাজকৰ্মী পাৰুল ভৰালী বড়োৱে । ইয়াৰ পিছতেই কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ পিছত সন্ধিয়া অনুষ্ঠিত হয় বড়ো সাহিত্য সভাৰ প্ৰথমখন প্ৰতিনিধি সভা। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰথমখন প্ৰতিনিধি সভা। জানিব পৰা মতে অসমৰ ভিন্ন প্ৰান্তৰ উপৰি বাংলাদেশ, নেপাল আদিৰ পৰাও প্ৰতিনিধি আহি এই অধিবেশনত অংশগ্ৰহণ কৰিছে।
কাইলৈ অধিবেশনৰ দ্বিতীয় দিন
কাইলৈ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে । পুৱা ৯ বজাত শ্বহীদ তৰ্পন কৰিব বড়ো সাহিত্য সভাৰ উপ সভাপতি ডঃ দীননাথ বসুমতাৰীয়ে । পুৱা ৯.৩০ বজাত বড়ো সাহিত্য সভাৰ প্ৰয়াত প্ৰাক্তন বিষয়ববীয়াসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰিব উপ সভানেত্ৰী ৰমেলা ইছলাৰীয়ে । পুৱা ১০ বজাত অনুষ্ঠিত হব স্মৃতি গ্ৰন্থ, অন্যান্য গ্ৰন্থ আৰু চি.আই. আই.এল. সংস্থাৰ গ্ৰন্থ গেওলাং উন্মোচনী অনুষ্ঠান। বড়ো সাহিত্য সভাৰ উপ সভাপতি সীতাৰাম বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হব লগা অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে। অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই । দিনৰ ১১ বজাত প্ৰদৰ্শনী মঞ্চত অনুষ্ঠিত হব লগা কবি সন্মিলনখন উদ্বোধন কৰিব লেখক ৰাখাও বসুমতাৰীয়ে । একে সময়তে আন খন মঞ্চত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হব সম্বৰ্ধনা আৰু বঁটা বিতৰণ অনুষ্ঠান । বিয়লি ২ বজাত অনুষ্ঠিতব্য বড়ো সকলৰ ইতিহাস শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই । বড়ো সাহিত্য সভাৰ উপ সভাপতি ড° দীন নাথ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত হব লগা আলোচনা চক্ৰ খনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° বনবিনা ব্ৰহ্ম আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক বিদ্যাসাগৰ নাৰ্জাৰীয়ে । বিয়লি তিনি বজাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সঞ্চালনাত অনুষ্ঠিত হব নতুন শিক্ষানীতি ২০২০ শীৰ্ষক আলোচনা চক্ৰ । অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই উদ্বোধন কৰিব লগীয়া আলোচনা চক্ৰ খনিত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো আৰু এন চি ই আৰ টিৰ যুটীয়া সঞ্চালক ড° অজন্তা ব্ৰহ্মই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব । বিয়লি ৫ বজাত প্ৰয়াত অভিৰাম বড়ো সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিচিৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাই । সন্ধিয়া ৬ বজাত দ্বিতীয় প্ৰতিনিধি সভা । সন্ধিয়া ৭ বজাত প্ৰয়াত যোগেন বসুমতাৰী আৰু প্ৰয়াত পৰমেশ্বৰ বসুমতাৰী সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই।
উল্লেখযোগ্য যে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত এই অধিবেশনস্থলীত এখনি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে । বিটিচিৰ কৃষি বিভাগৰ উদ্যোগত তামুলপুৰ মহকুমা কৃষি বিষয়া কমলজ্যোতি দাস , কৃষি উন্নয়ন বিষয়া নিৰঞ্জন হাজোৱাৰী, দানচাৰাঙ বসুমতাৰী, সহকাৰী কৃষি পৰিদৰ্শক ধীৰেন্দ্ৰ নাথ দাসৰ পৰিচালনাত কৃষি বিপনী , ব্ৰাউফ্ৰেডৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত ব্ৰাউফেডৰ কৰ্মচাৰী দীপাংকৰ মোছাহাৰী আৰু মৃদুল বৈশ্যৰ পৰিচালনাৰে বিশেষ হস্ত তাঁত বস্ত্ৰ শিল্পৰ বিপনী, পশু চিকিৎসা বিভাগৰ বিপনী, ৰেচম বিভাগৰ বিপনীকে ধৰি কেইবাখনো বিপনীয়ে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ।
ইপিনে আজি দিনৰ ৪ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আহি অধিবেশনস্থলীত উপস্থিত হয় । মুখ্যমন্ত্ৰী শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো নেতাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অধিবেশনৰ কাম কাজ সমূহ তদাৰক কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় — বড়ো সাহিত্য সভা যদিও আমি দেখাত এনে লাগিব যে ইয়াত বড়ো সকলৰ সমস্যা বা বড়ো সাহিত্যৰ কথা আলোচনা হব । কিন্তু প্ৰতিটো ভাষাই আচলতে আমাৰ জাতীয় জীৱনৰ সম্পদ । বিশেষকৈ জনজাতীয় ভাষা সমূহ আমাৰ ভাৰতবৰ্ষৰে এক সম্পদ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি আহিছে । তাৰ পৰিপ্ৰেক্ষিতত এই সাহিত্য সভাত সকলো জাতি জনগোষ্ঠীৰ লোক সকলে অংশগ্ৰহণ কৰিব । তামুলপুৰ বা বিটিচি বা অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক বড়ো সাহিত্য সভাৰ ফালৰ পৰাও সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে । ই সচাকৈয়ে আদৰণীয় । অহা ৪ মেত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰি এই অধিবেশনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব । ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইয়াত হৈ থকা ব্যৱস্থাৱলীৰ বুজ লবলৈ মই আহিছোঁ। বৰষুণ বতৰৰ মাজতো ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ তথা বড়ো সাহিত্য সভাৰ কার্যকর্তাই সকলো সুন্দৰভাৱে ব্যৱস্থাৱলী সম্পূৰ্ণ কৰিছে । নিৰাপত্তাৰক্ষীৰ দিশৰ পৰাও কটকটীয়া ব্যৱস্থা কৰা হৈছে । মই ভাবো ৰাষ্ট্ৰপতি ভ্ৰমণ সফল হব ।