“বৰগীত”ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ তনুশ্ৰী দত্তলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বটা”

0 39

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ জুন : পশ্চিম কাৰ্বি আংলংস্থিত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সংস্কৃতি বিকাশ মঞ্চই প্ৰতিবছৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কলা কুশলীক “অসম গ্ৰাম্য শিৰোৰত্ন বটা” প্ৰদান কৰি আহিছে। নগাঁৱৰ কামপুৰত অনুষ্ঠিত বঁটা বিতৰণী সভাত যোৰহাটৰ কলখোৱাৰ জীয়ৰী আৰু মাজুলীৰ ” কলা ভূমি মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়”ৰ ছাত্ৰী তনুশ্ৰী দত্তক অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, ২০২১ বৰ্ষত “বৰগীত” বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদে ২৬ অক্টোবৰত “বৰগীতৰ সৰ্বোচ্চ সন্মান” এটি বটাৰে বিভূষিত কৰিব। যোৰহাট কলখোৱাৰ বেঙ্ক বিষয়া প্ৰতাপ ‌চন্দ দত্ত আৰু জোনালী দত্তৰ একমাত্ৰ কন্যা তনুশ্ৰীয়ে ইতিমধ্যে অসম সত্ৰ মহাসভাৰ অধীনত বৰগীতৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More