বৰেণ্য অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকস্তব্ধ জন্মভূমি তেজপুৰ

0 57

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ অক্টোবৰঃ ৰাজ্যক চলচ্চিত্ৰ জগতৰ এগৰাকী চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যখনৰ লগতে ওপজা স্হান, সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪২ চনৰ ২ছেপ্তেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু অসমীয়া চলচ্চিত্ৰজগতৰ মহীৰূহ সদৃশ অতি জনপ্ৰিয় অভিনেতা গৰাকীয়ে জন্ম সূত্ৰেই পিতৃ মঞ্চকোঁৱৰ চন্দ্রধৰ গোস্বামীৰ জৰিয়তে যেন এক দূৰন্ত অভিনয় প্ৰতিভা লৈহে জন্ম গ্ৰহণ কৰিছিল। ৭ – ৮ বছৰ বয়সতে “লাচিত বৰফুকন” নামৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছৰ পৰা যেন আৰু পিছলৈ উভতি চাব লগা হোৱা নাছিল। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতেই পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰ বাবে ঢাপলি মেলা নিপন গোস্বামীয়ে “সংগ্ৰাম”, “ডক্টৰ বেজবৰুৱা, শেষ বিচাৰ, আজলী নবৌ, ককা দেউতা নাতি আৰু হাতী, নয়ন মণি, জীৱন সুৰভি, প্ৰতিমা, শকুন্তলা আৰু শংকৰ জোচেফ আলি, দূৰণিৰ ৰং, চিৰাজ, ব’হাগৰ দুপৰীয়াকে ধৰি শতাধিক চলচ্চিত্ৰত দক্ষতাৰে অভিনয় কৰি অসমীয়া দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।সেইখিনি সময়তে পুণেৰ প্ৰতিষ্ঠানত সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, নবীন নিশ্চল, জালাল আগা, ৰাকেশ পাণ্ডে আদিক সহপাঠী হিচাপে পোৱা তেজপুৰ কলিবাৰীৰ বিখ্যাত বাসগৃহটিৰ পৰাই অভিনয় ক্ষেত্ৰখনত একানপতীয়াকৈ লাগি পৰা এইগৰাকী অতি জনপ্ৰিয় অভিনেতাই তেজপুৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাধ্যমিক শিক্ষা আৰু দৰংমহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি ঢাপলি মেলিছিল পুণেলৈ। অসমীয়া চলচ্চিত্ৰৰ লগতে কহিনুৰ, আৱাহন, হেঙুল, শকুন্তলা আদি ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰা নিপন গোস্বামীয়ে ভ্ৰাম্যমাণৰ মঞ্চত কৰা “অসীমত যাৰ হেৰাল সীমা” ৰ চন্দনৰ চৰিত্ৰৰ অভিনয়ৰ সাৱলীলতা আজিও দৰ্শকৰ অন্তৰত সাচ বহি আছে। ১৯৫৭ চনত মুক্তি লাভ কৰা ফণী শৰ্মা পৰিচালিত “পিয়লি ফুকন” চৰিত্ৰত অভিনয় কৰাৰ সময়ত পিতৃ চন্দ্রধৰ গোস্বামীয়ে কৰিছিল নামভূমিকাত অভিনয়।IMG 20221027 WA0049 এইগৰাকী পুৰোধা শিল্পীৰ বাসগৃহৰ সন্মুখতে উপস্থিত হৈ আজি সান্নিধ্য লাভ কৰা আন এগৰাকী অভিনেতা, কলাগুৰুৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শোক প্ৰকাশ কৰি তেওঁৰ অভিনয় প্ৰতিভা স্মৰণ কৰি সাংবাদিকৰ আগত গুৱাহাটীত নিপন গোস্বামীৰ লগত “লাচিত বৰফুকন” নাটকত কৰা স্মৃতি ৰোমন্থন কৰি নিপন গোস্বামীৰ নাটক সম্পৰ্কে যি জ্ঞান আছিল সেই জ্ঞান পাহৰিব নোৱাৰো বুলি মন্তব্য কৰি শিল্পী গৰাকীয়ে “ডক্টৰ বেজবৰুৱা” চিনেমাত কৰা মনপৰশা অভিনয়ৰ পিছত থমকি ৰ’ব লগা হোৱা নাই বুলি কৈ সৰুৰে পৰা এগৰাকী ষ্টাইলিষ্ট আছিল বুলি মন্তব্য কৰে। আনহাতে তেজপুৰৰ বহু মঞ্চ নাটকৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠা লাভ কৰি এগৰাকী অবিসম্বাদী অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নিপন গোস্বামীৰ অন্যতম ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লেখক ঐশ্বৰ্য্য কাকতিয়ে নিপন গোস্বামী অতি মানুহ ভাল পোৱা অভিনেতা আছিল বুলি পূৰ্বৰ বহু স্মৃতি ৰোমন্থন কৰি সাংবাদিকৰ কয় – অতি অভিন্ন হৃদয়ৰ দুই বন্ধু নিপন আৰু দীনেশৰ মাজৰ পৰা আজি কায়িক ভাবে আঁতৰি গ’ল নিপন। জীৱনৰ বিয়লি বেলাত হয় পত্নীৰ সান্নিধ্য নহয় বন্ধুৰ সান্নিধ্যই মানসিক প্ৰশান্তি প্ৰদান কৰে। সেয়েহে বন্ধুৰ মৃত্যু অসহনীয় বুলি কৈ “উপপথ” নাটকত তেওঁৰ সৈতে কৰা অভিনয়ৰ স্মৃতি ৰোমন্থন কৰে। উল্লেখ্য যে, এইগৰাকী পুৰোধা অভিনেতাৰ পুৱা ৯ বাজি ১৫ মিনিটত পৰলোকপ্ৰাপ্তি ঘটাৰ বতৰা পোৱাৰ পিছতে শোকাচ্ছন্ন হৈ সমগ্ৰ তেজপুৰবাসী। শিল্পী গৰাকীৰ মৃত্যুত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, সদৌ অসম সাংবাদিক সন্থা, , শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী,তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতি কমল হাজৰিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, তেজপুৰ জনসাংস্কৃতিক পৰিষদ, দামোদৰ দেৱ সংঘ, অসম নাট্য সন্মিলন, সাংস্কৃতিক অনুষ্ঠান চাতক, জ্যোতি ভাৰতী, তৰুণ অসম সংঘ, অসমীয়া ক্লাব, অসমীয়া ভাষা উন্নতি সাধিনী সভাকে ধৰি তেজপুৰৰ বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।IMG 20221027 WA0047

জ্যোতি ভাৰতীত শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ শ্ৰদ্ধাঞ্জলি

বিশিষ্ট শিল্পী গৰাকীৰ ওপজা চহৰ তেজপুৰৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ “জ্যোতি ভাৰতী” ত শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ প্ৰায় সকলো অনুষ্ঠানৰ প্ৰতিনিধিৰ লগতে শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়৷

বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি

আনহাতে শিল্পী গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো আজি সন্ধিয়া অনুষ্ঠিত হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাণ ঠিয়েটাৰৰ কৰ্মকৰ্তা সকলে অংশ লয়৷

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ শোক প্ৰকাশ

অসমীয়া নাট্যক্ষেত্ৰ আৰু চলচ্চিত্ৰ জগতলৈ অসীম অৱদান আগবঢ়োৱা মহানায়কজনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু মনোজ কুমাৰ শইকীয়াই বৰেণ্য অভিনেতা গৰাকীৰ বিয়োগ এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে৷সকলো ধৰণৰ চৰিত্ৰত সাৱলীল অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা নিপন গোস্বামী অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰকৃতাৰ্থত এগৰাকী মহানায়ক আছিল বুলি উল্লেখ কৰি হাজৰিকা আৰু শইকীয়াই শিল্পী গৰাকীৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

বিহু কৃষ্টি পৰিষদ , অসমৰ শোক প্ৰকাশ

বিহু কৃষ্টি পৰিষদ অসমৰ উপসভাপতি নৰহৰি চুতীয়াই শোক প্ৰকাশ কৰি কয় যে এই অসহনীয় খবৰটোৱে অসমৰ সংস্কৃতিৰ জগতখন অন্ধকাময় কৰি তুলিছে। যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ। আমি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ৷

শোণিতপুৰ জিলা শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোক

অসমীয়া চলচিত্ৰ জগতৰ অভিনয় ক্ষেত্ৰৰ মহীৰূহ, তেজপুৰ গৌৰৱ, তেজপুৰ বেছেৰীয়াস্থিত দেৱদামোদৰীয় শ্ৰীশ্ৰীমুৰাৰী সত্ৰৰ শিষ্য নিপন গোস্বামীৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিয়ে। এক বিবৃতিত জিলা সংঘৰ সংঘাধিকাৰ বলেন্দ্ৰ নাথ শৰ্মা শাস্ত্ৰী আৰু সংঘাধিকৰ্তা ডাঃ যুগল কৃষ্ণ ডেকাই অসমীয়া চলচিত্ৰ জগতৰ মহানায়ক নিপন গোস্বামীৰ বিয়োগে অসমৰ সাংস্কৃতিক জগতখন উকা কৰি থৈ গ’ল বুলি মন্তব্য কৰে। সংঘই প্ৰয়াত গোস্বামীৰ বিদেহ আত্মাৰ বৈকুণ্ঠগমনৰ প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদকৰ শোক প্ৰকাশ
তেজপুৰ অ:ভা:উ:সা: সভা কলিবাৰীৰ সাধাৰণ সম্পাদক শান্তনু বৰুৱাই বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয়,মৰমলগা ধুনীয়া শিল্পীজন আৰু নাই !অসমৰ অভিনয় জগতৰ মহীৰূহ স্বৰূপ নিপন গোস্বামীৰ অবৰ্তমানত আমি অতি দুখিত! তেওঁৰ স্থান পূৰণ কৰিবলৈ দ্বিতীয় জন আজি আমাৰ মাজত নাই। এনে নিপুণ অভিনেতা এগৰাকী আজি স্মৃতি হৈ ৰোৱাত তেওঁ অভিনয় কৰি যোৱা বোলছবি বোৰৰ অভিনয়ে আৰু সেই সুৰীয়া গীত বোৰে নিশ্চয় তেওঁক অমৰ কৰি ৰাখিব। অপেচাদাৰী নাট্য মঞ্চৰ পৰা ভ্ৰাম্যমান নাট্য মঞ্চলৈকে, অনাতাঁৰৰ পৰা দূৰদৰ্শন লৈকে তেওঁৰ স্বাক্ষৰ নাই ক’ত ? এনেহেন সুদৰ্শন, অভিনয় নিপুণ, সৰবৰহী, শিল্পী জনাৰ বিয়োগত আমি তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই গভীৰ দুখ প্ৰকাশ কৰিছোঁ । শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।একেদৰেই এইগৰাকী বৰেণ্য শিল্পীৰ বিয়োগত তেজপুৰ সাহিত্য সভা,অসম নাট্য সন্মিলন,নটৰাজম কলা মন্দিৰ,বাঁহবাৰী ঊষা নাট্য সমাজ, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা,মাজগাঁও বৰনামঘৰ পৰিচালনা সমিতিকে ধৰি বহু অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More