বৰ্খাস্ত, প্ৰতিবাদৰ মাজতে তিনিচুকীয়াৰ এ এছ টি চিত দপ দপকৈকৈ জ্বলিল যাত্ৰাৰ বাবে সাজু ডে’ ছুপাৰ

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে আজি পুৱা তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ এছ টি চি বাছ আস্থানত সংঘটিত হয় এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে আজি পুৱা ৭:৪৫ বজাত তিনিচুকীয়াৰ পৰা তেজপুৰলৈ যাত্ৰা কৰিবলগীয়া এ এছ ১২ বি চি ৯৪৪৭ নম্বৰৰ মুন ট্ৰেভেলছৰ ডে’ ছুপাৰখন যাত্ৰাৰ কিছুসময়ৰ পূৰ্বে দপ দপকৈ জ্বলি উঠে ৷ সেই সময়ত বাছখন এ এছ টি চি বাছ আস্থানৰ পাছফালৰ পাৰ্কিঙত ৰখাই থোৱা আছিল ৷ পৰিবহণ নিগমৰ অধীনত চলা বাছখনৰ কৰ্মচাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁলোকে বাছখন ধুই চাফা কৰি বাহিৰলৈ চাহ খাবলৈ যোৱাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ বাছখনৰ পাছফালৰ অংশৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ ৷ সেই সময়ত তাত উপস্থিত থকা লোকসকলে অগ্নি নিৰ্বাপিত কৰাৰ প্ৰচেষ্টা চলাই যদিও জুইৰ লেলিহান শিখাই কেইটামান মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বাছখন আগুৰি ধৰে ৷ পাছত ঘটনাস্থলীত উপস্থিত হোৱা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে যদিও ইয়াৰ পূৰ্বেই সম্পূৰ্ণ বাছখন জুইত জাহ যায় ৷ সৌভাগ্যক্ৰমে সেই সময়ত বাছখনত কোনো লোক নাছিল ৷ যান্ত্ৰিক বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে পৰিবহণ নিগমৰ ৭৭১ বিষয়া, কৰ্মচাৰীক বৰ্খাস্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল ৷ কিন্তু প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই তিনিচুকীয়াৰ পৰিবহণ নিগমৰ বাছ আস্থানত আজি পুৱা সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড ৷ এই ঘটনাৰ পাছত তাত উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপৰি জিলা পৰিবহণ বিষয়াও উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সাংবাদিকৰ আগত কয় যে কিদৰে বাছখনত অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ উচিত তদন্ত কৰা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More