ডাঃ সুৰজিৎ গিৰি
মোবাইলৰ কৰ্কশ মাতত সাৰ পাই ফোনটো ধৰো।২৮ মেৰ ৰাতি ১১:৪৫ মান বাজিছিল।
“ছাৰ, মই লখিমপুৰ মেডিকেল কলেজৰ পৰা কৈছো।১০ টা এন্টিভেনম দি থকা হৈছে কিন্তু লৰাটোৰ কোনো উন্নতি হোৱা নাই?”
ডাঃ লুইছ বৰবৰাৰ কথাত একেকোবে টোপনিৰ জালটো ভাঙি গৈছিল।
সংক্ষেপে গোটেই ঘটনা আৰু লক্ষণবোৰ বুজ লৈ সেইয়া ফেঁটী সাপৰ লক্ষণ বুলি আমি আশ্বস্ত হৈছিলো।আৰু দহটা এন্টিভেনম, মুঠ ২০ টা এন্টিভেনম ২০ মিনিটৰ ভিতৰত দি নিঅস্তিগ্মীন বেজী দিবলৈ বিধান দিওঁ।আমাৰ ডিমৌ চিকিৎসালয়ৰ প্ৰটকলবোৰ ডাঃ লুইছৰ হোৱাটছ এপত পঠাই দিওঁ।
“লুইছ আমাৰ প্ৰটকল মতে দৰৱবোৰ দিয়া। সম্পূৰ্ণ ভাল হৈ যাব লাগে।আধা ঘন্টা মানত ৰোগীজনে চকু মেলিব লাগে।
ঢকুৱাখনাৰ ২৬ বছৰীয়া গৌৰৱে আবেলি প্ৰায় ৬:৩০ মান বজাত বাৰীত কিবা এটা কৰি আছিল।প্ৰায় ৬:৪৫ মিনিটত সো ভৰিত তেজ ওলাই থকা গৌৰৱে প্রত্যক্ষ কৰে।কিহে কামুৰিছে তেওঁ গম পোৱা নাছিল।কৰবাত উজুটি খাই তেজ বিৰিঙিছিল বুলি ভাবিছিল।সেইবাবে গৌৰৱে বৰ বিশেষ গুৰুত্ব দিয়া নাছিল।কিন্তু প্ৰায় আধা ঘণ্টাৰ পাচত, গৌৰৱৰ মূৰৰ বিষ হয় আৰু মূৰটো ঘুৰোৱা যেন লাগে।ক্ৰমাৎ গৌৰৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত আত্মীয়ই গৌৰৱক স্থানীয় চিকিৎসালয়লৈ প্ৰায় ৮ মান বজাত লৈ যায়।কিন্তু স্থানীয় চিকিৎসালয়খনে লখিমপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰে।
বিচনাত উঠাৰ আগে আগে ৰাতি প্ৰায় ৯:৪০ মিনিট মানত আন নওন (অচিনাকি) নম্বৰ এটাৰ পৰা ফোন আহে।
“ছাৰ,মই ৰিমজিম গগৈ।ডিব্ৰুগড়ৰ পৰা কৈছো।মোৰ ভাইটিক সাপে দংশন কৰিছিল আবেলি প্ৰায় ৬:৩০ মান বজাত।ভাইটিয়ে সাপ বুলি জনা নাছিল আৰু কাকো একো কোৱা নাছিল।এতিয়া অলপ চিৰিয়াছ।মোৰ মাৰ ঘৰ ঢকুৱাখনাত।ভাইটিক এতিয়া লখিমপুৰ মেডিকেল কলেজলৈ লৈ গৈ আছে।” অত্যন্ত ভীতি বিহ্বল হৈ একে উশাহতে তেওঁ কথাখিনি কয়।
“মেডিকেল কলেজ পাবলৈ কিমান সময় লাগিব?”
“এক ঘণ্টা মান লাগিব”
“ভৰিটো একদম লৰচৰ কৰিব নকব”
আকৌ একে কাহিনী।স্থানীয় হস্পিটেলৰপৰা বিয়াগোম হস্পিটেললৈ স্থানান্তৰ!
আপোনালোকৰ অঞ্চলৰ ২০ কিলোমিটাৰ পৰিসীমাত আপোনালোকে এখোজ আগবাঢ়ি আহি সৰ্প দংশনৰ চিকিৎসাৰ সু-ব্যৱস্থাবোৰ কৰিব পাৰিলেহে আমি অনাগত দিনত বহু মৃত্যু বাধা দিব পাৰিম! মনত ৰাখিব সৰ্প দংশনৰ প্ৰাৰম্ভিক লক্ষণত এন্টিভেনম বেজী আদি প্ৰয়োগ কৰিলে ICU ৰ সাধাৰণতে প্ৰয়োজন নহয়!
বিষাক্ত সৰ্প দংশনত আৰু মাৰাত্মক লক্ষণ দেখা দিয়াৰ পাছত এন্টিভেনম আৰু নিঅস্তিগ্মীন বেজী ৰোগীক প্ৰয়োগ নকৰাকৈ ৰেফাৰ কৰা মানে ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া।
ৰাইজ আৰু সমাজৰ স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি আক্ৰুশ দিনে দিনে বাঢ়ি যোৱাৰ কাৰণে কোনো ডাক্তৰ বা নাৰ্চে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আক্রমত্মাক হব নিবিচাৰে।ৰিক্স লোৱাতকৈ ৰেফাৰ কৰিব চেষ্টা কৰে।আজিৰ তাৰিখত এনে মনোভাৱ হোৱাটো স্বাভাৱিক।সংকটজনক ৰোগীৰ চিকিৎসাত ৰোগী মৃত্যু হোৱাৰো অৱকাশ থাকে।ৰোগীৰ অপকাৰ হলেই আত্মীয়ই ডাক্তৰক প্ৰহাৰ কৰিব উদ্যত হয়।আগতে ৰেফাৰ নকৰিলে কিয়?সা-সুবিধা কম আছিল যদি এনেই কেলৈ ৰাখি থলে।ইত্যাদি ইত্যাদি।তাৰোপৰি সংবাদ মাধ্যমবোৰো আমাৰ স্বাস্থ্যকৰ্মীসকলক তুলা-ধুনা দিবলৈ সেই ক্ষণলৈকেহে যেন ৰৈ থাকে।ডিজিটেলৰ যুগত নিমিষতে তুলা-ধুনাবোৰ ভাইৰেল হৈ যায়।মুহূৰ্ততে স্বাস্থ্যকৰ্মী কেইজনক বিভিন্ন বিশেষণেৰে বিভূষিত কৰা হয়।ৰাতিটোৰ ভিতৰতে আমাৰ ৰাইজ একো একোজন বিশেষজ্ঞ চিকিৎসকলৈ ৰূপান্তৰ হয়।স্বাস্থ্যকৰ্মীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল মানসিক অশান্তিত ভোগে।সেইবাবে আজিকালি কোনেও মুমূৰ্ষু ৰোগীক জীৱন দান দিবলৈ এঘড়ী যুঁজিব নিবিচাৰে।সেইবাবেই আজিকালি আমাৰ স্বাস্থ্যকৰ্মীসকলে ৰক্ষণাত্মক ভূমিকা গ্ৰহণ কৰে আৰু ৰিক্স লোৱাতকৈ স্থানান্তৰিত কৰিব চেষ্টা কৰে।কাৰণ এখন সৰু আৰু সীমিত সা-সুবিধা থকা চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীয়ে মুমূৰ্ষু ৰোগীক ডাঙৰ হস্পিটেললৈ স্থানান্তৰিত কৰাত বিভাগীয় বা অইনগত ভাবেও কোনো বাধা নাই।
সৰ্প দংশনৰ চিকিৎসা কৰ্ত্যবত থকা সকলো ডাঃ, নাৰ্চে জানিবই লাগিব।সকলো হস্পিটেলৰ সকলো স্বাস্থ্যকৰ্মীয়ে সৰ্প দংশনৰ চিকিৎসাত পাৰ্গত হবলৈ হলে, আমাৰ ৰাইজ,সমাজে কৰ্ত্যবত থকা স্বাস্থ্য কৰ্মীসকলক সহযোগ কৰিবই লাগিব।তেওঁলোকক সাহস দিবই লাগিব।নহলে আপোনাৰ আত্মীয় সৰু গ্ৰাম্য চিকিৎসালয়ৰ পৰা ডাঙৰ হস্পিটেল বা চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ হৈ থাকোতে আধা বাটতে মৃত্যুবৰণ কৰিব।
গৌৰৱ লখিমপুৰ মেডিকেল কলেজলৈ সুস্থ অৱস্থাত পাবগৈ নে?
এইবোৰ ভাবি থাকোতে কেতিয়ানো টোপনি গলো গমেই নাপালো।
ৰাতি ১১:৪৫ মান বজাত লুইছৰ ফোনটো পাই মনটো সেমেকি গল।গৌৰৱ একেবাৰে মৃতপ্ৰায়।সম্পূৰ্ণৰূপে অজ্ঞান।উশাহটো চুটি চুটি কৈ টানি আছে মাত্ৰ।পালছ অক্সিমেটেৰত অক্সিজেনৰ পৰিমাণ মাত্ৰ ৬০%।কিমান দেৰিৰ পৰা এই অৱস্থা একো কব নোৱাৰি।
কি বা হব এতিয়া?এইবোৰ ভাবি বিছনাৰ পৰা উঠি বেলেগ এটা ৰূমলৈ গুচি গলো।মাজ ৰাতি মোবাইলত কথা-বতৰা পাতি থাকিলে মোৰ পৰিয়ালৰো টোপনি ভাগিব।
অতি ক্ষিপ্ৰতাৰে ডাঃ লুইছ আৰু তেওঁৰ সহ-কৰ্মীসকলে গৌৰৱক কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা(ভেণ্টিলেচন)কৰাৰ লগতে আমাৰ ডিমৌৰ প্ৰটকল মতে ২০ টা এন্টিভেনম বেজী ২০ মিনিটৰ ভিতৰতে খৰকৈ যাব দি নিঅস্তিগ্মীন বেজী দিয়ে।
এতিয়া মাথো অপেক্ষা।
“ছাৰ, আমি ডিব্ৰুগড়ৰপৰা লখিমপুৰলৈ গৈ আছো।ভাইটিৰ ভাল হবনে?”ৰাতি প্ৰায় ১২:০৫ মিনিট মানত বায়েক ৰিমজিম গগৈৰ হোৱাটছ এপ মেছেজটো পাই কি উত্তৰ দিওঁ ভাবি পোৱা নাছিলো।কাৰণ এই মুহূৰ্তত আমি একো কব নোৱাৰো।
ৰাতিৰ যাত্ৰা, বেছিকৈ চিন্তা কৰিলে তেওঁলোকৰ বিপদও হব পাৰে।সেয়েহে তেওঁলৈ হোৱাটছ এপতে লিখি উত্তৰ দিলো,
“সম্পূৰ্ণ ভাল হৈ যাব, একো চিন্তা কৰিব নালাগে।”
আমিহে জানিছিলোঁ, কি কি হব পাৰে।যদি গৌৰৱৰ অক্সিজেনৰ পৰিমাণ বহু সময়লৈকে কম হৈ আছিল, মগজুৱে কমকৈ অক্সিজেন পাব আৰু গৌৰৱ কমা অৱস্থালৈও গতি কৰিব পাৰে।আমাৰ এন্টিভেনমে ফেঁটী সাপৰ বিহ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰিব পাৰিব।কিন্তু একমাত্ৰ লখিমপুৰ মেডিকেল কলেজলৈ আহি থাকোতে মগজুৱে অক্সিজেন নোপোৱাটোৱেই কাল হব পাৰে।
তথাপি আমি আশাবাদী।ভাল খবৰ অহালৈ বাট চালোঁ।
১০ মিনিটৰ পাছতে ডাঃ লুইছৰ ফোনটো ধৰো নধৰোঁকৈ ধৰিলো।বায়েক ৰিমজিমক দিয়া মিছা আশ্বাস সঁচালৈ ৰূপান্তৰ হবনে?
“ছাৰ গৌৰৱে চকু মেলিছে।আমাৰ কথাত মূৰ দুপিয়াইছে।”
লুইছক ধন্যবাদ দি ৰাতি প্ৰায় ১২:৩০মিনিট মানত বিচনাত উঠো।
আজি গৌৰৱ সম্পূৰ্ণ সুস্থ।ভৰিত ঘাঁ অলপ লাগিছে।সেইয়া ড্ৰেছিং কৰি থাকিলে ভাল হব।ইয়াৰ কৃতিত্ব সেই ৰাতি উজাগৰে থাকি গৌৰৱক অতি ক্ষিপ্ৰতাৰে চিকিৎসা প্ৰদান কৰা ডাঃ লুইছ আৰু উপস্থিত সকলো স্বাস্থ্যকৰ্মীসকল।
ৰাতিটো মৃত্যুৰ লগত যুঁজি জয়ী হৈ জীৱনদান দিয়া সেইসকল স্বাস্হ্যকৰ্মী সকলক আমি ধন্যবাদ দিছোঁনে? নালাগে ধন্যবাদ।তেওঁলোকৰ লগত সৌহাদ্যপূর্ণ ব্যৱহাৰ কৰিছোনে?নে কেতিয়াবা তেওঁলোকৰ পৰাজয়ক ডাক্তৰৰ ভুল চিকিৎসা বুলি ভাইৰেল কৰিবলৈ ৰৈ আছো?কভিড বেমাৰৰ সময়ত আমাৰ স্বাস্থ্যকৰ্মীসকলক উৎসাহ -উদগনি আপোনালোকেই দিছিল।কভিড আহিল কভিড গল।কিন্তু সৰ্প দংশন আৰু সৰ্প দংশনজনিত মৃত্যুবোৰ আমাৰ সমাজৰ স্থায়ী সমস্যা।আমাৰ সমাজৰ আওপুৰণি স্থায়ী সমস্যা সমাধানৰ কাৰণে ডাঃ লুইছ আৰু তেওঁৰ লগৰ সকলো স্বাস্থ্য কৰ্মীসকলৰ প্ৰচেষ্টাক আপোনালোকে প্ৰশংসা নকৰিবনে?
উত্তৰ আপোনালোকলৈ থলো।
আমাৰ ৰাইজ, সমাজ আজি অত্যন্ত ব্যস্ত।কাৰো সময় নাই।মই, মোৰ পৰিয়াল, মোৰ ঘৰ লৈ মই সুখী।বাকী যাৰ যি হয় হৈ থাকক।মোৰ লগত বা মোৰ মোৰ পৰিয়ালৰ লগত হোৱা নাই নহয়,সকলোৰে এনেকুৱা মনোভাৱ!
আপোনালোকৰ সময় নহব পাৰে কাৰণে এই লেখাটোৰে মই, ডাঃ লুইছ আৰু সেই ৰাতি উপস্থিত সকলো স্বাস্থ্যকৰ্মীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁলোক সকলো প্ৰসংশাৰ পাত্ৰ।
গৌৰৱৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।