ডাঃ সুৰজিত গিৰি
“ছাৰ, মই মাজুলীৰ কমলাবাৰীৰ পৰা কৈছো।মানুহ এগৰাকীক সকচু সাপে পাঁচ মিনিট মানৰ আগত ভৰিত দংশন কৰিছে।ভৰিটো তেজেৰে লুতুৰি পুতুৰি হৈ আছে।আমি কি কৰো এতিয়া?”
শ্ৰী মতী মেদেও শইকীয়া,৬৭ বছৰ
কমলাপুৰ,কমলাবাৰী
মাজুলী
যোৱা ৩ জুলাইৰ দিনটোত বহুত গৰম পৰিছিল।অসমৰ বিভিন্ন প্ৰান্তৰপৰা প্ৰায় ২১ জন ব্যক্তিক সৰ্প দংশনৰ খবৰ আহিল।ডিমৌ চিকিৎসালয়তে ডাঃ বিজিত বৰাই তেওঁৰ ৪ ঘণ্টাৰ কৰ্তব্যত সাত জনকৈ সৰ্প দংশনৰ ৰোগীক ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰে।
ৰাতি প্ৰায় ৮-৫০ মিনিট মানৰ কথা।ঘৰখনত লাইট নাছিল।মেদেওয়ে শুৱনি কোঠাটোতে ৰাতিৰ সাজৰ ভাত খাবলৈ বুলি পিৰাখন টানিবলৈ লওঁতেই জিৰণি লৈ থকা সাপডালৰ ওপৰত বাওঁ ভৰিটো পৰে।সম্ভৱ সাপডালে মাটিৰ আৰু খেৰৰ ঘৰটোত ঠাণ্ডা পাই জিৰণি লৈ আছিল চাগৈ।
সকচু, শঙ্খচূড়, গোৱাল আদি বিভিন্ন নামেৰে ঠাইভেদে এই সাপডাল জনাজাত।ইংৰাজীত banded krait বুলি কোৱা হয়!
একেবাৰে শান্ত সাপ।তাৰ ওচৰত আমি বহি থাকিলেও একো নকৰে।তাৰ ওপৰেদি আমি জঁপিয়াই গলেও একো নকৰে।কাৰণ সি জানে, তেওঁ কি হয়।বেলেগ সাপৰ দৰে দৌৰা দৌৰিও নকৰে।ধীৰ সুস্থিৰ।সি জানে, সি এডাল অত্যন্ত বিষাক্ত সাপ।কোনোবাই তাক গছকিব, ধৰিব বা কষ্ট দিব,এবাৰ মাত্ৰহে দংশন কৰিব।বিন্দু মাত্ৰ বিহ ঢালি দিয়ে।আক্ৰান্ত জন যদিও ভয় খাই, কিন্তু যিহেতু দংশন কৰা ঠাইত অকণো বিষ নহয় আৰু কোনো ধৰণৰ পৰিৱৰ্তন নহয়, ভুক্ত ভুগি জনে বিশেষ মনকাণ নিদিয়ে।কিন্তু ৪-৬ ঘণ্টামানৰ পৰা ভুক্ত ভুগি জনৰ উশাহ লব অসুবিধা হয় আৰু হস্পিটেল পাওঁ মানে মৃত হয়।কেতিয়াবা কেনেবাকৈ হস্পিটেল আহি পালেও, এই অৱস্থাত এন্টিভেনমে কাম নকৰে আৰু ভেন্টিলেচনৰ প্ৰয়োজন হয়।ইয়াৰ বিহে এনেকৈ কাম কৰে যে ১০-১৫ দিন লৈকে ভেন্টিলেচনৰ প্ৰয়োজন হয়।আৰোগ্য হব নে নাই কোনেও নাজানে।
আমাৰ ভাৰতত এই সাপৰ দংশনৰ কোনো প্ৰটকল নাই।খুব কম গৱেষণা পত্ৰত ইয়াৰ দংশনৰ কথা কোৱা হৈছে, তাকো বাংলাদেশ আৰু নেপালৰ পৰা।প্ৰায় সকলোৰে মৃত্যু হৈছিল।মৃত্যু হোৱাৰ কাৰণ তেওঁলোকে দেৰিকৈ হস্পিটেললৈ আহিছিল।সেইবাবে এই সাপডাললৈ আমাৰ বৰ ভয় লাগে।বিশেষকৈ যত icu আদি নথকা গ্ৰাম্য চিকিৎসালয় বোৰত ইয়াৰ বিহৰ লগত যুদ্ধ কৰা সহজ নহয়।
এই সাপৰ বিহ তেজত সোমোৱাৰ পাছত গন্তব্য স্থানলৈ গৈ কাম কৰিবলৈ কিছু সময় লাগে।এই সাপৰ গন্তব্য স্থান মগজু আৰু স্নায়ু।স্নায়ুক ই এনেভাৱে অৱশ কৰে যে ভুক্তভুগিজন জীয়াই থকা মৃত ব্যক্তি লৈ ৰূপান্তৰ হয়।চকু থৰ লাগে, টিপিয়াব নোৱাৰে, হাত ভৰি কাটিলেও লৰচৰ কৰিব নোৱাৰে,কথা নোলায়।মাত্ৰ হৃদপিণ্ডটো
ঢ়ুপোক ঢাপকৈ মাৰি থাকে।বহুতে মৰিলে বুলি ভাবি দেহটো সৎকাৰৰ বাবে খৰিৰ যা-যোগাৰ কৰে।
এই সাপৰ বিহ কেনেবাকৈ যদি গন্তব্য স্থান পায় তেনেহলে এন্টিভেনমে বিহটোক গন্তব্যস্থান(স্নায়ু আৰু মগজু) ৰপৰা আঁতৰাব নোৱাৰে বাবে বহু দিনলৈ ভেন্টি লেছন দিব লগত পৰে।
অৰ্থাৎ এই সাপডালে প্ৰায়ে দংশন নকৰে।কিন্তু গচকি দিলে বা ধৰিবলৈ গলে ই দংশন কৰিব পাৰে আৰু চিকিৎসা নললে মৃত্যু অনিবাৰ্য।
সৰ্প দংশন চিকিৎসাত জড়িত হোৱাৰে পৰা এনে ৰোগী আহিলে কি কৰিম বুলি বিভিন্ন চিন্তা চৰ্চা কৰিব ধৰিছিলোঁ।কাৰণ আমাৰ অসম মুলুকত এই সাপডাল পৰ্যাপ্ত পৰিমাণে আছে।সেয়েহে সৰ্প দংশনৰ চিকিৎসাৰ মোৰ গুৰু মহাৰাষ্ট্ৰৰ ডাঃ বাৱাস্কাৰ আৰু কলিকতাৰ ডাঃ দয়াল বন্ধু মজুমদাৰৰ লগত কথা পাতি আমি কিছুমান সিদ্ধান্তত উপনীত হৈ আমাৰ নিজস্ব এটা প্ৰটকল বনাই থৈ দিওঁ।
আমাৰ ৰাইজে এই সাপডাল ভালদৰে চিনি পায় আৰু আমাৰ সৰ্প দংশনৰ আছুতীয়া কক্ষত এই সাপডালৰ ফটো আছে।যেতিয়া কোনো ভুক্তভোগীয়ে এই সাপডাল ফটোত চিনাক্ত কৰে,আমি আৰু ৰৈ নাথাকো।তৎক্ষণাত ২০ টা এন্টিভেনম বেজী দিয়াৰ লগতে কেলচিয়ামৰ বেজী দিম।সেই বাবে প্ৰত্যেক গ্ৰাম্য চিকিৎসালয়ত সৰ্প দংশনৰ আছুতীয়া কক্ষৰ কথাত আমি জোৰ দিওঁ।এনে কক্ষ থাকিলে কথাবোৰ বহু সহজ হয়।
এই সাপৰ দংশনৰ আমাৰ প্ৰথম ৰোগী, শিৱসাগৰ গণক পট্টিৰ পংকজ ভৰালী।
দিন ৪ আগষ্ট ২০২১ বৰ্ষ ।সাপডাল ধৰিব যাওঁতে সোঁ হাতৰ বুঢ়া আঙুলিত দংশন কৰে।ভয়তে মই আৰু আত্মীয় প্ৰায় ৰাতি ৯ মান বজাত প্ৰগতি হস্পিটেল আহি পাওঁ।দংশনৰ ৪০ মিনিটত ২০ টা এন্টিভেনম বেজী আৰু কেলচিয়াম বেজী দিয়া হয়।এই বছৰ জুন মাহত,ভৰিৰে গছকি দিয়া বাবে একে সাপৰ দংশনত দুজনকৈ ভুক্ত ভুগি ডিমৌ চিকিৎসালয়ত তৎক্ষণাত ভৰ্তি হয়।দংশনৰ ৪০-৫০ মিনিটৰ ভিতৰতে বেজীবোৰ দিয়া হয়।সকলো সুস্থ।অৰ্থাৎ আমাৰ নিজস্ব প্ৰটকলে কাম দিছিল।
কিন্তু মাজুলীৰ কমলাবাৰী ঘটনাটো একেবাৰে বেলেগ আছিল।সাপডালে ইমানেই জোৰকৈ দংশন কৰিছিল যে ভৰিটো তেজেৰে লুতুৰি পুতুৰি হৈছিলগৈ।অৰ্থাৎ বহুত বিহ দিছিল।
“ছাৰ, মই মাজুলীৰ কমলাবাৰীৰ পৰা কৈছো।মানুহ এগৰাকীক সকচু সাপে পাঁচ মিনিট মানৰ আগত ভৰিত দংশন কৰিছে।ভৰিটো তেজেৰে লুতুৰি পুতুৰি হৈ আছে।আমি কি কৰো এতিয়া?”
প্ৰতিবেশী শ্রী মান ব্ৰজেন নেওগয়ে উৎকণ্ঠাৰে ফোন কৰে।লগতে তেওঁ দংশন কৰা ভৰিটোৰ ফটো আৰু সাপৰ ফটোটো হোৱাটছ এপত পঠিয়াই দিয়ে।ৰাস্তাৰ এপাৰে মেদেওৰ ঘৰ, সিপাৰে ব্ৰজেনৰ ঘৰ।শ্ৰী মান ব্ৰজেন নেওগ মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক।
মই তেওঁক সাপডালৰ ভয়াবহতাৰ কথা কৈ তৎক্ষণাত গড়মূৰ চিকিৎসালয়লৈ যাব দিহা দিওঁ।শ্ৰী মান ব্ৰজেনে ১০৮ এম্বুলেন্স নাপাই,নিজৰ বাহনতে গড়মূৰলৈ বুলি ৰাওনা হয়।ডাক্তৰ মাণিক মিলি, ডাঃ পুলক ফুকনৰ তত্বাৱধানত কৰ্তব্যৰত চিকিৎসক ডাঃ ৰানোজ পেগু আৰু ডঃ ৰময়া পেগুক সতৰ্ক কৰা হয়।
আমাৰ কথা শুনি ব্ৰজেন নেওগে মেদেওক তৎক্ষণাত হস্পিটেল যোৱাৰ কথা দোহাৰে।সাপৰ দংশনত মেদেওয়ে ইমান দুখ পোৱা নাছিল, যিমান দুখ ব্ৰজেনৰ কথা শুনি পাইছিল।আমাৰ সকলোৰে ভাত সাজৰ প্ৰতি বৰ মোহ।ৰাতিপুৱা ভাত,দুপৰীয়া ভাত আৰু ৰাতিও ভাত।দিনটো ভাত এসাজ নাখালে যেন আমি শক্তি নাপাওঁ।অসমৰ বাহিৰলৈ গলেও সদায় আমাৰ চকু কেইটাই ভাতহে বিচাৰি থাকে।আমি অসম বাসীৰ বাবে আমাৰ প্রিয় খাদ্য আমাৰ ভাত।কিন্তু আমি পাহৰি যোৱা উচিত নহয় যে আজি আমি ভাত সাজ খাব পাইছো মাত্ৰ আমাৰ পৰিৱেশত থকা সাপবোৰৰ বাবেহে।
যি কি নহওঁক, মেদেও আইতায়ে ভেকাহি মাৰি উঠিল,
“ৰবা হে ! ভাত মুঠি খাই লওঁ”
ব্ৰজেনৰ মূৰত যেন ব্ৰজহে পৰিল।তেওঁ আমাৰ কথা শুনি যিমান উচ পিচাই আছিল, মেদেউৰ যেন একো সাৰ সুৰ নাই।
মইও মনে মনে ভাবিলোঁ ১ ঘণ্টাৰ ভিতৰত দৰৱ কেইটা পালেই ৰোগীক সম্ভাৱ্য বিপদৰ পৰা বাচিব পাৰিব।
সকলোৰে প্ৰচেষ্টাত দংশনৰ প্ৰায় ৪৫ মিনিটত বেজী কেইটা কোনো হানি বিঘিনি নোহোৱাকৈ মেদেওক প্ৰয়োগ কৰা হয়।ডাক্তৰ মাণিক মিলি, ডাঃ পুলক ফুকনৰ তত্বাৱধানত কৰ্তব্যৰত চিকিৎসক ডাঃ ৰানোজ পেগু আৰু ডঃ ৰময়া পেগুৰ দ্বাৰা বেজী কেইটা প্ৰয়োগ কৰা হয়।তেওঁলোক সকলো প্ৰশংসাৰ পাত্ৰ।
আমি সুখী আমাৰ নিজস্ব প্ৰটকলে নতুন জীৱন দান দিছে।
আজি ব্ৰজেন নেওগ প্ৰশংসাৰ পাত্ৰ।তেওঁ আমাক খবৰ দিয়াৰ লগতে নিৰাপদ আৰু সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত এম্বুলেন্সলৈ ৰৈ নাথাকি মাত্ৰ আধা ঘণ্টাত গড়মূৰ চিকিৎসালয় আহি পায়।শ্ৰী মান ব্ৰজেন আমাৰ এজন VRT(venom response team)!যেতিয়ালৈকে VRT ৰূপী ব্ৰজেনৰ দৰে মানুহ আমাৰ সমাজত আছে, আমি অদূৰ ভৱিষ্যতে সৰ্প দংশনত শূন্য মৃত্যু সম্ভৱ।
স্বাস্থ্যকৰ্মী থাকিলেই নহব, চিকিৎসালয় থাকিলেও নহব, যন্ত্ৰ পাতি থাকিলেও নহব, এন্টিভেনম থাকিলেই নহব, ভুক্তভুগিজন সময়ত হস্পিটেল আহি পাব লাগিব।কাৰণ এই সাপডালৰ বিহ গন্তব্য স্থান পালে বিপদ,বিভিন্ন গৱেষণা পত্ৰত এই সাপৰ মৃত্যুৰ কিৰিলিবোৰহে বিৱৰণ আছে।সেয়েহে মোৰ আপাত দৃষ্টিত ব্ৰজেন নেওগেহে মেদেওক সম্ভাব্য বিপদৰ পৰা উদ্ধাৰ কৰিছে।এই সুযোগতে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
ডাঃ মাণিক মিলিৰ মতে মাজুলীত এয়াই প্ৰথম এন্টিভেনম বেজী দি ৰোগী বিপদ মুক্ত কৰা হৈছে।
আপুনি বাৰু একো একোজন ব্ৰজেন নেওগ হবনে??
আমি আশা বাদী !