ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয় – শংকৰ শইকীয়া
তেজপুৰ সাহিত্য সভাৰ উদ্যোগত "মাতৃভাষাৰ ব্যৱহাৰিক প্ৰয়োগ - সমস্যা আৰু সমাধান" শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান
১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই নিজৰ ভাষা ৰক্ষাৰ বাবে মাত মাতিবলৈ সংকোচ কৰা উচিত নহয়
উঠি অহা প্ৰজন্মক সঠিক পথ নিৰ্দেশনাৰে ভাষাৰ সুৰক্ষাৰ বাবে একত্ৰিত ভাবে আগবঢ়াই নিব লাগিব – বৃন্দাবন গোস্বামী
বিশিষ্ট শিক্ষাবিদ-লেখক উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়াক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৩ অক্টোবৰঃ ভাষা শিক্ষা আৰু শিক্ষাৰ মাধ্যম দুটা সম্পূৰ্ণ পৃঠক বিষয়। অন্যথা জকাইচুকীয়া অসমীয়া মাধ্যমৰ বিদ্যালয় শিক্ষা লাভ কৰি বহু কৃত্যবিদ্য অসমীয়াই ইংৰাজী ভাষাত শ্ৰেষ্ঠ গ্ৰন্হসমূহ সৃষ্টি কৰিব পাৰিলেহেঁতেন নে বুলি আজি তেজপুৰত মন্তব্য কৰে প্ৰগতিশীল লেখক – কবি শংকৰ শইকীয়াই। উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আজি অনুষ্ঠিত হয় শিক্ষাবিদ – লেখক, সাহিত্যিক উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়া সোঁৱৰণী “মাতৃভাষাৰ ব্যৱহাৰিক প্ৰয়োগ – সমস্যা আৰু সমাধান” শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াৰ পৌৰোহিত্যত সম্পাদক দেৱব্ৰত শৰ্মা আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বিষয়ৰ ওপৰত অতি বিশ্লেষণাত্মক আৰু চিন্তাগধূৰ দীঘলীয়া ভাষণ প্ৰদান কৰি শংকৰ শইকীয়াই কয় –
নবজাত শিশু এটিয়ে মাতৃৰ কোলাত যিদৰে পৰম শান্তিৰে নি:পালিৰে শুই থাকে সেই কথাটোতে আপোনত্বৰ মাজৰে স্বাচ্ছন্দ্যভাবে জীয়াই থকাৰ চেতনা জড়িত। ঠিক তেনেদৰে ভাষা এটা কোৱাৰ ক্ষেত্ৰত স্বাচ্ছন্দ্যবোধৰ সৰ্বাধিক প্ৰয়োজন আছে। শিশুৰ সাংস্কৃতিক, মানসিক বিকাশৰ বাবে যিদৰে মাতৃৰ প্ৰয়োজন, মাতৃদুগ্ধৰ প্ৰয়োজন ঠিক তেনেদৰে মাতৃভাষাত কথা কোৱা, শিক্ষা লাভ কৰাৰ মাজতে জাতীয় চেতনাৰ প্ৰস্ফুৰণ, সাংস্কৃতিক বিকাশৰ তত্ব নিহিত আছে। মাতৃৰ নাড়ীৰ সৈতে বিচ্ছিন্ন এটি শিশুৰ মানসিক বিকাশ পঁয়া লগা বিধৰ হোৱাৰ দৰে মাতৃভাষাৰ ব্যৱহাৰ নকৰা জাতি এটায়েও পঁয়া লগা জাতি এটাত পৰিণত হ’বলৈ বাধ্য। বজাৰ আৰু পথাৰ নাথাকিলে জাতীয় শাহ নাথাকে। বজাৰ আৰু পথাৰ জাতীয় হৈ নাথাকিলে ৰান্ধনিশাললৈকে আমদানিকৃত ভাষা সোমাৱাটো নিশ্চিত বুলি কৈ কেনেদৰে আমাৰ পাকঘৰলৈ শাক পাচলিৰ সলনি “চবজি” সোমাই আহিল বা সকলোতে “বনোৱা” শব্দটো সোমাই আহিল, যেনে দাঢ়ি বনোৱা, চুলি বনোৱা, ভাত বনোৱা, ঘৰ বনোৱা তাক কোনেও তলকিবই নোৱাৰিলে বুলি সংশয় প্ৰকাশ কৰে। আনহাতে এক ভাষা, এক ৰাষ্ট্ৰ, এক সংস্কৃতি, এক সংবিধানৰ কথা কোৱা কেন্দ্ৰীয় চৰকাৰখনে বহুত্ব ভাষা-ভাষী,বিচিত্ৰ সংস্কৃতি, বহুত্ব জাতিৰ ধাৰণাক আজি নস্যাৎ কৰি গৈছে বুলি কৈ এনে চেতনাৰ চৰকাৰখনে ভিন্ন জাতিৰ মাতৃভাষাৰ প্ৰচলনৰ গুৰুত্ব বুজি পাবলৈ সক্ষম নে বুলি প্ৰশ্ন উত্থাপন কৰে। ভাষা এটাৰ যদি প্ৰয়োগ নাইকিয়া হয় বা ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকে তেনেহলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয়। সেয়েহে কাব্য ঋষি নীলমণি ফুকন দেৱে ৰুগ্ন শৰীৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জ্ঞানপীঠ বঁটাৰ বাবে অভিনন্দন জনাবলৈ যাওঁতে “ভাষাটো নেৰিবা। মাত হেৰালে মাটি হেৰায়। মাটি হেৰালে জাতিটোও হেৰায়” বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি মাত – মাটি আৰু জাতি – এই তিনিটা ইটোৰ লগত সিটো নিকপকপীয়াকৈ বান্ধ খাই আছে বুলি মন্তব্য কৰে। আনহাতে মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত থকা সমস্যাৰ উৎস বিচাৰিলে চৰকাৰেই এই ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান জগৰীয়া বুলি কৈ ভাষাৰ ক্ষেত্ৰত চৰকাৰে বাৰে বাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বুলি উদাহৰণসহ মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এম বি বি এছ শিক্ষাৰ পাঠদান হিন্দী ভাষাত কৰাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এনে বহুতো মাতৃভাষা বিৰোধী সিদ্ধান্ত তথ্যসহ সদৰি কৰি শইকীয়াই আমাৰ ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত মাতৃভাষা বা চৰকাৰী ভাষা প্ৰয়োগত চৰকাৰৰ অনিহাই মাতৃভাষা ব্যৱহাৰিক প্ৰয়োগত বাধাৰ সৃষ্টি কৰিছে বুলি কয়। তাৎপৰ্যপূৰ্ণ ভাবে শইকীয়াই ভাষণ প্ৰসংগত বজাৰৰ গৰাকী পুঁজিপতি শ্ৰেণী আৰু চৰকাৰী ব্যৱস্থাটোৱে গাখীৰ মিঠৈ হৈ ক্ৰ’ণি কেপিটেলিজিমৰ নীতিৰে মাতৃভাষাৰ ব্যৱহাৰিক প্ৰয়োগৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰি বজাৰৰ লগত ভাষাৰ দৰে সংস্কৃতিৰো সম্পৰ্ক আছে বুলি কয়। বজাৰে মানুহৰ মনস্তত্ব, সংস্কৃতি, ৰুচি – অভিৰুচিৰো পৰিৱৰ্তন ঘটায় – শাসক, শোষক আৰু বজাৰৰ সন্মিলিত শক্তিয়ে সংস্কৃতিৰো কেনেদৰে পৰিৱৰ্তন ঘটায় তাৰ উদাহৰণত আমাৰ সমাজলৈও ক্ৰমশঃ শিপোৱা ধন তেৰচ, কৰৱা চৌথ, হনুমান পূজা, ব’ল বম, গণপতি বাপ্পা মৌৰয়্য, ৰক্ষা বন্ধন আদিৰ দৰে অলেখ ধৰ্মীয় সংস্কৃতিৰ আগ্ৰাসনেও ভাষাৰ লগতে সংস্কৃতিৰো অকাল বিয়োগৰ যোগ দেখা দিছে বুলি উদ্বেগ প্ৰকাশ কৰে। সেয়েহে এনে সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ভাষা চেতনা, জাতীয় চেতনা বৃদ্ধিৰ বাবে প্ৰতি মুহূৰ্ততে জনসজাগতাৰ হকে প্ৰতিজন অসমীয়াই মাত মতা উচিত উচিত বুলি কৈ ১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই মাত মাতিবলৈ সংকোচ কৰা উচিত নহয় বুলি মন্তব্য কৰে। উল্লেখ্য যে আজিৰ এই বক্তৃতানুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়েও শেহতীয়াকৈ অসমীয়া ভাষা – সংস্কৃতিলৈ অহা দুৰ্যোগ উপশমৰ বাবে উঠি অহা প্ৰজন্মক একত্ৰিত কৰি এই ক্ষেত্ৰত সঠিক পথ নিৰ্দেশনাৰে সামূহিক ভাবে আগবাঢ়িব লাগিব বুলি ভাষণ প্ৰদান কৰি শিক্ষাগুৰু উত্তম চন্দ্ৰ চেতিয়াৰ স্মৃতি ৰোমন্থন কৰে। ইয়াৰ আগেয়ে উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে কন্যা তথা প্ৰবীণ শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়াই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।