ভাষা প্ৰেম, জাতি প্ৰেম: অসম আৰু ছিক্কিম

0 109

ধ্ৰুৱজ্যোতি শইকীয়া, অসম

     কিছুদিন জীৱনে বিশ্ৰাম ললে । আচলতে বিশ্ৰাম জীৱনৰ এক প্ৰয়োজনো, যিমানে ব্যস্ততা নথাকক কিয়, জীৱনক সেউজীয়া কৰি ধৰি ৰাখিবলৈয়ে সাৰ পানী ৰূপত বিশ্ৰামৰ আৱশ্যক হৈ পৰে । মোৰ বেলা বিশ্ৰাম যেনিবা প্ৰেস্ক্ৰাইবড্ ৰূপত আহিল । এক অন্য অভ্যৰ্থনা জীৱনৰে । দিনকেইটাৰ দিনলিপি বুলিবলৈ, নতুন বুলিবলৈ একো নাই । নিতৌ একেই পুনৰাবৃত্ত আখৰা । কোনো আহিছে মুখেৰে খাব পৰাবোৰকে সৰু টেবলেট একোটাৰ ৰূপত মুখত গুজি দিছে, কোনোৱে পিয়াহৰ পানীকণ বিচনাৰ কাষতে থিয় কৰাই থোৱা ষ্টিলৰ মাৰিডালত প্লাষ্টিকৰ বটলটোৰে এডাল নলিচাৰে যতনাই দিছেহি । বুকুখনৰ মাতবোৰ ক্ষণিকৰ ব্যৱধানত বিপ বিপ হৈ এখন শেষ নোহোৱা পাহাৰৰ দৰে বৈ পৰিছে, কোনো বাণিজ্যিক বিৰতি নোহোৱাকৈ অহৰহ চলি থকা চিত্ৰপট স্বৰূপ সেই স্ক্ৰীণখনত ।

মোৰ চৌপাশে এলাহ, সময়বোৰ নাযায় নোপোৱাই লগা এলাহ । মোবাইলটো ঘৰৰ মানুহ আহিলে এপাক চাওঁ, খবৰ পাওঁ । খবৰ কাৰো লোৱা হোৱা নাই।  ডাক্তৰৰ পৰামৰ্শত ষ্ট্ৰেচ বোলা সকলোতকৈ ভয়ংকৰ উপসৰ্গটোৰ কাৰক এই মোবাইল বোলা ভাইৰাচটোৰ পৰা নিলগে থকা আৰু কোনো প্ৰকাৰৰ মানসিক চাপ নোলোৱাকৈ কিছুদিন জিৰণি লোৱা । বচ ! তাকে কৰিছো । ছিক্কিমৰ ধুনীয়া ধুনীয়া বগা ফ্ৰক পৰিহিতা ভনীবোৰ, সিহঁতৰ হাঁহিবোৰৰ সংগত পাৰ কৰা এক সময়ৰ ধাৰা ।

ছিক্কিমত নেপালী নাজানিলে জীৱন নৰ্থ ছিক্কিমৰ জহকালিৰ পাহাৰবোৰৰ দৰেই শুকান খহটা হৈ পৰে । অসমৰ দৰে নহয়, “আছে ভাষা নাই টান, লোকৰবোৰ লওঁতেই, হয় থানবান ।”  কম ৰ’ব ! সিদিনা, দিনটো সঠিককৈ মনত নাই তথাপি, দুপৰীয়া এক্ষন্তেকলে মোবাইলটো হাতত পালো, ফেচবুক তহিলং কৰি দেখিলো এটি খবৰ, তিনিচুকীয়াৰ । খবৰটো বৰ সুখজনক নাপালো, তথাপি জনা হোৱাৰে পৰা বুজি উঠা কথা, আমি নিজে খাল খান্দি পিছলি গাঁতত পৰা মানুহ, সেয়ে ক্ৰমে এনে দুৰ্ভাগ্যজনক ঘটনাবোৰ বাঢ়িয়ে আছে, বাঢ়িয়ে থাকিব ।

আপোনালোকে চাগে কোনটো ঘটনা বুজিছেই, নক’লেও বুজি উঠিব । আচলতে বিতৰ্কৰ ঘেৰাটো বৰ ডাঙৰ আমাৰ। ভাষা, নামঘৰ, বিহু ইত্যাদি ইত্যাদি আচল বিতৰ্কবোৰ চেৰ পেলায় গামোচা, জাপিলৈ আমাৰ বিতৰ্কৰ ব্যস্ততা বাঢ়ে বাবেই আনে আসৈ পায় । যাহওক, দিনে দুটামান আখৰহে লিখিব পাৰোঁ, ভাগৰ লাগে তথাপি লিখিছোঁ, দুখন নিকটৱৰ্তী ৰাজ্যৰ দুটা সমসাময়িক জাতিৰ কথা, এটাৰ ভাষা প্ৰেম, আনটোৰ হকে বিহকে বিতৰ্ক প্ৰেম ।

এইক্ষেত্ৰত আমি অসমীয়াই বাঙালী ভাষীৰ পৰা শিকিবলগীয়া অনেক আছে, বিশেষকৈ জাতিপ্ৰেম আৰু ভাষা প্ৰেমৰ বিষয়ে । ২৩০০ বছৰৰো পুৰণি ভাষা অসমীয়া অথচ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ কঠোৰ পৰিশ্ৰমত অলংকৃত হোৱা নৱ ভাষা বাঙালীৰ উদয়ৰ কাৰণ আছিল আৰু এতিয়াও চাৰিওফালে বাঙালী ভাষাৰ দপদপনিৰ কাৰণ তেওঁসৱৰ ভাষা প্ৰেম । এইখিনিতে, অসমীয়া ভাষাটো বাঙালী ভাষাৰ অন্তৰ্গত ৰূপ বোলা সকলক কৈ থওঁ, ভাষালৈ কৰা গৱেষণাই অসমীয়া ভাষাক বাঙালী ভাষাতকৈ পুৰণি ভাষা বুলি প্ৰমাণ কৰি থৈছে, প্ৰাচীন শিলালিপিৰ আলমত । কিন্তু আমি অসমীয়াৰ “ঘৰ কা মূৰ্গী দাল বৰাবৰ” মনোভাৱৰ বাবেই বাৰে বাৰে পদানত হৈ আহিছে জাতিটো, ভাষাটো । ভাষা থাকিলেহে জাতি থাকিব । যাহওক, এই কথা বুজাবলৈ বহুলোক আছে যদিও বুজিবলৈ কোনো নাই, সেয়ে মূল কথালৈ আগবাঢ়ো ।ravangla bnnnr

ছিক্কিমলৈ সেই এটা দশক পূৰ্বে অহা । চাকৰি এৰি স্বাধীনতাৰ পৰশত জাগি উঠা আত্মসন্মানকণক পুনৰ পদানত কৰাৰ হাবিয়াস নজগাত হেতা ধৰিবলৈ শিকিলোঁ । বৰ্তমানৰ হুৱাটচ্ এপৰ গৰাহত পৰা আধুনিক গীতাখনে “ধৰ্মই কৰ্ম” সংস্কৃতি বোলাৰ পৰতে মই আচল মদ্ভাগৱৎ গীতাৰ চতুৰ্থ অধ্যায়ৰ কৰ্মযুগৰ আলমত “কৰ্মই ধৰ্ম” বোলা আপ্তবাক্যক জীৱনৰ অংশ কৰি পেলালো । লোকৰ ঠাই । সৰু হ’লেও নিজা ভাষা সংস্কৃতিলৈ সৰৱ সচেতন এখন পৰিস্কাৰ তথা সৰল মানুহৰ ঠাই ছিক্কিম । ১৯৭৫ চনৰ পৰা ভাৰতৰ অংগ ৰাজ্য হৈ পৰা এখন স্বাধীন ৰাজতন্ত্ৰ ছিক্কিম । ভূটীয়া, লেপচা, নেপালী এই তিনিটা মূল জাতিৰ বসতি প্ৰধান কণমানি ৰাজ্য ছিক্কিম, চৰকাৰী ভাষা বুলিলে ইংৰাজীৰ বাহিলে মূলতে তিনিটা ভূটীয়া বা ছিক্কিমিজ, লেপচা আৰু নেপালী। য’ত ৰাজ্যখনৰ প্ৰায় ৯৪ শতাংশ লোকেই নেপালী ভাষী অৰ্থাৎ মাতৃভাষাৰ হিচাপত ৬৭ শতাংশ নেপালী সম্প্ৰদায়ৰ লোক যদিও কথিত ভাষা ৰূপে নেপালী ভাষাই সৰ্ব স্বীকৃত ভাষা । মোৰ প্ৰথমখন ফাষ্ট ফুড জইন্টটো খোলাৰ বেলাৰ কথা, ছিক্কিমত তেতিয়া মোৰ এটা বছৰ পাৰ হৈছে । মাত নোলোৱা বুঢ়া শালিকীৰ দৰেই মোৰ মুখত নেপালী ফুটাব পৰাকৈ ভাষা কোৱটো সক্ৰিয় কৰিব পৰা নাই, বুজি পাওঁ ঠিকেই কিন্তু উত্তৰবোৰ দিওঁতে মোৰ মুখত হিন্দী-ইংৰাজীৰ বাদে ছিক্কিমৰ ৰাজ্যিক ভাষাটো জিভালৈ অহাই নাছিল । স্থানীয় গ্ৰাহকসকলে কেৱল ছিক্কিমৰ জোঁৱাই বুলিহে চাগে মোক সহ্য কৰিছিল, অন্যথা ছিক্কিমত ইয়াৰ স্থানীয় ভাষা অবিহনে কোনো কাম নচলে । আমাৰ অসমৰ দৰেই, ইয়াৰ মানুহবোৰো চাকৰিমুখী-চৰকাৰমুখী । ব্যৱসায় বণিজত সেয়ে বাহিৰা মানুহেই বেছি । অধিকাংশ চুবুৰীয়া ৰাজ্য বিহাৰৰ । কিছু ৰাজস্থানী বনিয়া কিন্তু স্থানীয় ভাষাৰ বলতেই নেকি বঙালীপট্টী ছিক্কিমত নেদেখিলো, চুম্বকৰ সমমেৰুৰ বিকৰ্ষণৰ উদাহৰণতে কিজানি ছিক্কিমত বাঙালী সম্প্ৰদায়ৰ লোকৰ সংখ্যা সীমিত ।
মোৰ ফাষ্ট ফুডখনৰ প্ৰয়োজনৰ খাতিৰতে লাহে লাহে ছিক্কিমৰ দোকান পোহাৰবোৰৰ সৈতে ক্ৰমে সম্পৰ্ক গঢ় লৈ উঠিছে । শাক-পাচলিৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সকলো দোকান পোহাৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ গৰাহত । অসমৰ দৰে ইয়াতো দুই এক বিদ্ৰোহী নোলোৱা নহয়, কেৱল কথাত । কামৰ ফালৰ পৰা বিশেষকৈ ব্যৱসায়ৰ দিশৰ পৰা আমাৰ অসমীয়াৰ দৰেই ইয়াতো স্থানীয় লোকৰ হাতত মদৰ দোকানবোৰহে ।

ছিক্কিমত ছিক্কিমৰ ভাষাতেই পাঠদান হয়, ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতো নেপালী ভাষা বাধ্যতামূলক । ভূটীয়া আৰু লেপচা ভাষা ঐচ্চিক । ইয়াত ভাৰতীয় হিন্দী বলয়ৰ প্ৰভাৱ পৰা নাই বুলিলেও ভুল নহব কাৰণ আৰম্ভণিতে কৈছো ছিক্কিমত থাকি নেপালী নাজানিলে কোনো কামেই নহয় । স্থানীয় লোকেই দাবী কৰিব নেপালীত কওক বুলি, আমাৰ দৰে অনা-অসমীয়াৰ অসমীয়া কোৱাত হোৱা কষ্ট লাঘৱ কৰিবলৈ ইয়াত সচৰাচৰ কোনোৱে জনাই নজনাই হিন্দীত চেল নেবেলাই, ইংৰাজীৰ পাৰদৰ্শিতাও নেদেখায় । ছিক্কিমত ব্যৱসায়সূত্ৰেই কেইবাটাও বিহাৰী পৰিয়ালৰ সৈতে ঘনিষ্ঠ হ’লো । আচৰিত কি পালো জানে, তেওঁলোকে নিজা ঘৰতো নেপালী ভাষাতে কথা পাতে । লৰা ছোৱালীয়ে সলসলীয়াকৈ নেপালী কয়, সেয়ে তেওঁলোকৰ নিজা উৎসৱ পাৰ্বন পালনৰ সময়তো কোনো স্থানীয় লোকৰ অসুবিধা নহয় । ধৰ্ম পালন কৰে সকলোৱে স্বকীয়তাৰে, কিন্তু ভাষালৈ কোনো কম্প্ৰমাইজ নহব ! সকলোৱে নেপালীতে কথা কব ।
এদিন, হলচেলাৰ এজনৰ সৈতে কথা পতাৰ বেলা কৈছিলো আমাৰ অসম হিন্দীভাষী আৰু ইয়াৰ হিন্দীভাষীৰ তুলনাৰে, আপোনালোকৰ নিজা ভাষাটোত কথা পাতিবলৈ মন নাযায় নে? তেওঁ কৈছিল, আমি বিহাৰী মানুহ । কামানি কৰিবলৈ আহিছো । সেয়ে যেনে দেশ তেনে বেশ পৰিধান কৰোঁ, নিজা ঘৰলৈ (বিহাৰলৈ) গ’লে নিজৰ ভাষা, ইয়াত চলিবলৈ ইয়াৰ মতেই আচৰণ কৰিব লাগিব ।
অসমত বাৰু আজিৰ দিনত এনে সুবিচাৰ পামনে? সেয়ে কিজানি তাহানিতে যি জ্যোতি প্ৰসাদ আগৰৱালা আৰু একেবাৰে পিছৰ কালৰ বুলিলে জি এল আগৰৱালাৰ বাহিৰে আন উদাহৰণ নোলাব কিজানি । আমাৰ নিজা মনস্তাত্বিত খহনীয়াৰ সুযোগতে আজি আমাৰ ভাষাটোৰ ভেটি দুৰ্বল হৈ পৰিছে । অথচ আমি একো কৰিব নোৱাৰো, নকৰোঁ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More