ভাস্কৰ্য আৰু শিল্পৰ দিন পালন

নন্দ কিশোৰ মহেশ্বৰীৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে: লখিমপুৰৰ সমাজ জীৱনৰ এজন সমাজ কৰ্মী, স্থপতি, শিল্পী, সাহিত্যিক, সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ আজি ৭৪ সংখ্যক জন্ম দিন। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে মহেশ্বৰীৰ জীৱিত কালৰে পৰা অনুষ্ঠিত কৰি অহা “ভাস্কৰ্য আৰু শিল্পৰ দিন” আজি পালন কৰে।IMG 20220509 WA0012 সেইমৰ্মে আজি পুৱা ১১ বজাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত মহেশ্বৰীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে একালৰ ঘনিষ্ঠ সহযোগী নবিউল হুছেইনে। ভাষণত তেখেতে মহেশ্বৰীৰ জীৱনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্তই প্ৰয়াত মহেশ্বৰীক লখিমপুৰৰ এজন প্ৰকৃত সমাজকৰ্মী বুলি মন্তব্য কৰে। প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতি চাৰণ অনুষ্ঠানত সাংবাদিক শৈলেন বৰুৱা, প্ৰিয়মজ্যোতি ফুকন কুমুদ শইকীয়া আদিয়ে নন্দ কিশোৰ মহেশ্বৰীৰ লগত কটোৱা দিনবোৰৰ স্মতি ৰোমন্থন কৰে। আজিৰ অনুষ্ঠানতে প্ৰয়াত মহেশ্বৰীৰ এটি প্ৰতিমূৰ্তি লখিমপুৰ নগৰৰ কোনো এটা স্থানত নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয়। সেইমৰ্মে প্ৰেছ ক্লাবৰ উদ্যোগত অচিৰে এখন ৰাজহুৱা সভা আহ্বান কৰি লখিমপুৰীয়া ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ হব বুলি ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More