ভাৰতক চাপত ৰখাৰ বুদ্ধি ! পাৰমাণৱিক অস্ত্র আধুনিকীকৰণ চীনৰ

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুন : বিগত কেইবাটাও বছৰত ভাৰতে প্রতিৰক্ষা বিভাগ অনেক উন্নত হৈছে। নতুন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে সামৰিক বিভাগত। তদুপৰি অত্যাধুনিক সৰঞ্জামেৰে ভাৰতৰ সেনাবাহিনী সজাই তোলা হৈছে। কিন্তু তাৰ পিছতো দুঃশ্চিন্তাই পিছ এৰা নাই ভাৰতৰ। নতুন দিল্লীৰ চিন্তাৰ পাৰদ আৰু বেছি বঢ়াই পাৰমাণৱিক অস্ত্র সমুখত ৰাখি চীনে ক্রমান্বয়ে নিজৰ ক্ষমতা বঢ়াই আছে। বর্তমান চীনৰ হাতত ৩৫০টা পাৰমাণৱিক ৱাৰহেড আছে। যি ভাৰতৰ দুগুণ। বিশ্বৰ অন্যতম দুই শক্তিশালী দেশ ৰাছিয়া আৰু আমেৰিকাৰ তুলনাত চীনৰ এই সংখ্যা বহু বেছি। এই কথা ছুইডেনৰ এটা সংস্থাই তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে। ছুইডেনৰ অস্ত্র ব্যৱসায় আৰু নিৰস্ত্রীকৰণ ট্রেকিং ৱাচডগ ষ্টকহোম ইন্টাৰনেচনেল পীচ ৰিচার্চ ইনষ্টিটিউট বা চিপ্রিয়ে ১৩ জুনত এক প্রতিবেদন প্রকাশ কৰিছে। সেই প্রতিবেদনত জনোৱা হৈছে, বিগত কেইটামান বছৰত আন্তর্জাতিক সমীকৰণ ওলট পালট হ’বলৈ আৰম্ভ কৰিছে। যাৰ ফলত চীনে নিজক সামৰিক ক্ষেত্ৰত আৰু শক্তিশালী কৰি তোলাৰ ওপৰত জোৰ দিয়ে। মূলতঃ পাৰমাণৱিক প্রতিৰোধ আৰু প্ৰত্যাক্ৰমণৰ ওপৰত চীনা প্রশাসনে জোৰ দিছে। চিপ্রিয়ে প্রতিবেদনখনত আৰু জনাইছে যে, ২০২১ চনৰ পৰা চীনৰ ৱাৰহেড মজুতৰ সংখ্যা পৰিৱর্তন হৈ থাকে। এই ৱাৰহেডসমূহ বেলিষ্টিক ক্ষেপণাস্ত্র বা পাৰমাণৱিক অস্ত্র বহন কৰিব পৰা বিমানৰ সহায়ত ব্যৱহাৰ কৰা যাব। চিপ্রিয়ে তেওঁলোকৰ প্ৰতিবেদনত জনাইছে, এটা দশক আগলৈকে চীনৰ পিপলছ লিবাৰেচন আর্মি মূলতঃ তৰল ইন্ধনযুক্ত বেলিষ্টিক ক্ষেপণাস্ত্রৰ ওপৰত নির্ভৰশীল আছিল। এই বেলিষ্টিক ক্ষেপণাস্ত্রসমূহ মূলতঃ স্থলভাগৰ পৰা উৎক্ষেপণ কৰা সম্ভৱ। অৱশ্যে বহুকেইটা সমুদ্রভিত্তিক বেলিষ্টিক ক্ষেপণাস্ত্র চীনৰ আছিল। ২০১৭ চনৰ পৰা আন্তর্জাতিক সমীকৰণবোৰ সলনি হ’বলৈ ধৰে। আমেৰিকাৰ লগত বাণিজ্যিক যুদ্ধত নামে চীন। টাইৱানক কেন্দ্র কৰি একাধিক বিদেশী ভাবুকিৰ সম্মুখীন হ’বলগীয়া হয় চীন। ইয়াৰ পিছতো বিগত পাঁচ বছৰ ধৰি চীনে নিজৰ সামৰিক বিভাগক ন সাজেৰে সজাবলৈ আৰম্ভ কৰে। বিশেষকৈ অত্যাধুনিক পৰমাণু অস্ত্রৰ ওপৰত চীনে জোৰ দি আহিছে। ছিঙ্গাপুৰত সম্প্রতি চাংগ্ৰীলা নামৰ এখন আন্তর্জাতিক সন্মিলন হৈ যায়। তাত চীনৰ প্রতিৰক্ষামন্ত্রী ৱেই ফেংহেই দেশৰ পাৰমাণৱিক অস্ত্র বৃদ্ধি কৰাৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে, চীনে যিদৰে পাৰমাণৱিক আক্ৰমণ প্রতিৰোধত নিজৰ প্রযুক্তিগত দিশৰ পৰা উন্নত কৰিছে, সেয়া প্রশংসাৰ যোগ্য। চীনৰ প্রতিৰক্ষা মন্ত্রীৰ এই বিবৃতিৰ এদিন পিছতেই চিপ্রিৰ প্রতিবেদনখন প্রকাশ পায়। ছিঙ্গাপুৰৰ সন্মিলনত ফেংহেই কয় যে, বিগত পাঁচ দশক ধৰি কৰা চেষ্টাৰ ফলত চীন প্রতিৰক্ষা ব্যৱস্থাত এই উচ্চতাত উপনীত হৈছে। অৱশ্যে চীনৰ নিজা নীতি আছে। তেওঁ দাবী কৰে যে, চীনে পাৰমাণৱিক অস্ত্রৰ দিশৰ পৰা নিজৰ ক্ষমতা বঢ়ালেও সেয়া আত্মৰক্ষাৰ বাবেহে। চীনে কোনোদিনে প্রথমেই পাৰমাণৱিক অস্ত্র ব্যৱহাৰ নকৰে বুলিও তেওঁ আশ্বাস দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More