ফিনলেণ্ডৰ এটা স্বতন্ত্ৰ অধ্যয়ন আৰু গৱেষণা সংস্থা Centre for Research on Environment & Clean Air এ অলপতে প্ৰকাশ কৰা ১৪ পৃষ্ঠাৰ এখন প্ৰতিৱেদনৰ তথ্যৰ পৰা দেখা গৈছে যে ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ দুমাহৰ পাছতো আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি প্ৰায়বোৰ ইউৰোপীয় দেশে ৰাছিয়াৰ পৰা বিভিন্ন জীৱাশ্ম ইন্ধন আমদানি কৰি আছে। আৰু সেই একেই সময়তে কিন্তু এই পশ্চিমীয়া ৰাষ্ট্ৰসমূহে বিশ্বৰ আন ৰাষ্ট্ৰসমূহক ৰাছিয়াৰ লগত কোনো বাণিজ্যিক সম্পৰ্ক নাৰাখিবৰ বাবে ফটোৱা জাৰি কৰিছে।
সংস্থাটোৰ তথ্য অনুযায়ী এই সময়ছোৱাত ৰাছিয়াৰ পৰা খাৰুৱা তেল, পেট্ৰ’জাত সামগ্ৰী, প্ৰাকৃতিক গেছ, লিকুইফাইড নেচাৰেল গেছ, কয়লাকে ধৰি মুঠ ৬৩ বিলিয়ন ইউৰো মূল্যৰ সামগ্ৰীৰ অধিকাংশ নিষেধাজ্ঞা বলবৎ কৰা ইউৰোপীয় দেশসমূহেই আমদানি কৰিছে। যুদ্ধৰ পাছৰ দুমাহত জাৰ্মানীয়ে অকলেই সৰ্বাধিক ৯.১ বিলিয়ন ইউৰো মূল্যৰ এনে সামগ্ৰী ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে। তেনেদৰে ইটালীয়ে ৬.৯ বিলিয়ন, চীনে ৬.৭ বিলিয়ন, নেদাৰলেণ্ডে ৫.৬ বিলিয়ন, তুৰস্কই ৪.১ বিলিয়ন, ফ্ৰান্সে ৩.৮ বিলিয়ন ইউৰো মূল্যৰ জীৱাশ্ম ইন্ধন এই সময়ছোৱাত ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে। ইউৰোপীয় সংঘৰ অন্তৰ্ভুক্ত দেশসমূহেই মুঠ ৬৩ বিলিয়ন ইউৰো মূল্যৰ ৭১ শতাংশ এনে সামগ্ৰী ৰাছিয়াৰ পৰা আমদানি কৰিছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰই এই দুমাহত ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰা খাৰুৱা তেলৰ পৰিমাণতকৈ অধিক আমদানি কৰিছে। ফিনলেণ্ডৰ সংস্থাটোৱে নিৰীক্ষণ কৰা তথ্য মতে ইউৰোপলৈ আমদানি কৰা জীৱাশ্ম ইন্ধন পৰিবাহী জাহাজ সমূহৰ অধিকাংশই নেদাৰলেণ্ডৰ ৰ’টাৰডাম আৰু মাছভ্লাক্টে, ইটালীৰ ক্ৰিষ্টেন, পোলেণ্ডৰ ডাস্ক আৰু বেলজিয়ামৰ ঝিব্ৰেগ বন্দৰত লঙ্গৰ পেলাইছে। যুদ্ধৰ পৰৱৰ্তী দুমাহত ৰাছিয়াৰ পৰা ইউৰোপীয় দেশসমূহলৈ খাৰুৱা তেল আৰু কয়লাৰ ৰপ্তানিৰ পৰিমাণ ক্ৰমে ২০ আৰু ৪০ শতাংশ হ্ৰাস পাইছিল যদিও লিকুইফাইড নেচাৰেল গেছ আৰু পাইপ লাইনেদি পৰিবাহী গেছৰ পৰিমাণ ক্ৰমে ২০ আৰু ১০ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ইউৰোপীয় দেশসমূহে সাধাৰণতে ৰাছিয়াৰ পৰা ২৫ শতাংশ খাৰুৱা তেল, ৪৫ শতাংশ প্ৰাকৃতিক গেছ, আৰু ৪৪ শতাংশ কয়লা আমদানি কৰে। যুদ্ধৰ পূৰ্বে ২০২১ চনত ইউৰোপীয় সংস্থাৰ অন্তৰ্ভুক্ত দেশসমূহে ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধন আমদানি কৰিছিল প্ৰায় ১৫০ বিলিয়ন ডলাৰ।