ভাৰততেই সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা হয়

0 15
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ এপ্ৰিলঃ  কা আন্দোলনৰ সময়ৰ কথা মনত আছেনে? ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ বাবে যে অসমত হাহাকাৰ লাগিছিল। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততেই সকলোতকৈ বেছি ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হয়। ২০২১ চনত ভাৰতত ১০৬বাৰ ইন্টাৰনেট বন্ধ কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল কাশ্মীৰতেই ইন্টাৰনেট বন্ধ কৰা হৈছে ৮৫বাৰ। Access Nowৰ ৰিপ’র্টত এই তথ্য উল্লেখ কৰা হৈছে। উক্ত ৰিপ’র্টত উল্লেখ কৰা হৈছে যে, ২০২১ চনত বিশ্বৰ ৩৪খন দেশত অন্ততঃ ১৮২বাৰ ইন্টাৰনেট বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ ভিতৰত ভাৰততে সকলোতকৈ বেছিবাৰ, অর্থাৎ ১০৬বাৰ ইন্টাৰনেট বন্ধ কৰা হৈছিল। এইবাৰৰ সতে একাদিক্ৰমে চাৰি বছৰ ধৰি ইন্টাৰনেট বন্ধৰ নিৰিখত একেবাৰে ওপৰৰফালে থাকিল ভাৰত। ম্যানমাৰত অন্ততঃ ১৫বাৰ নেট বন্ধ কৰা হৈছিল। ছুদান আৰু ইৰাণতো ৫ বাৰকৈ নেট বন্ধ কৰা হৈছিল। আনহাতে জম্মু আৰু কাশ্মীৰ এলেকাত অন্ততঃ ৮৫ বাৰ নেট বন্ধ কৰা হৈছে। কিন্তু কিয় বাৰে বাৰে ভাৰতত নেট বন্ধ কৰিবলগীয়া হয়? পৰিসংখ্যা অনুসৰি দেখা গৈছে যে, বেছিভাগ ক্ষেত্রত আইন শৃঙ্খলা পৰিস্থিতিৰ অৱনতিৰ কাৰণে নেট বন্ধ কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্রণালয় অথবা ৰাজ্যৰ গৃহ মন্ত্ৰালয়ৰ অনুৰোধত এইদৰে নেট বন্ধ কৰা হৈছে। ২০২০ চনতো ভাৰতত সকলোতকৈ বেছিবাৰ নেট বন্ধ কৰা হৈছিল। গোটেই বিশ্বৰ ভিতৰত ১৫৫ বাৰৰ ভিতৰত কেৱল ভাৰততেই ১০৯বাৰ নেট বন্ধ কৰা হৈছিল। উল্লিখিত ৰিপ’ৰ্টটোত কোৱা হৈছে যে, এছিয়া পেচিফিক অঞ্চলৰ সাতখন দেশত অন্ততঃ ১২৯ বাৰ নেট ছাট ডাউন কৰা হৈছে। তাৰ ভিতৰত আছে আফগানিস্তান, বাংলাদেশ, চীন, ভাৰত, ইন্দোনেছিয়া, ম্যানমাৰ আৰু পাকিস্তান।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More