ভাৰতত আর্থিক অৱস্থাৰ উন্নতি হৈছেনে অৱনতি? কি কৈছে সমীক্ষাই

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ : চলিত বছৰত পৃথিৱীত নতুনকৈ ২৬ কোটি ৩০ লাখৰো বেছি মানুহ চৰম দাৰিদ্ৰতাৰ মুখত পৰিব পাৰে। সদ্য প্রকাশিত Oxfam Internationalৰ প্ৰতিবেদনত এনেদৰেই দাবী কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগত আৰু নানা বিষয়ৰ প্ৰতিবেদন প্ৰকাশ কৰিছে Oxfam Internationalৰ তৰফৰ পৰা। ইয়াৰ প্রধান কাৰণ কৰ’নাকালৰ সংকট, উপার্জনৰ বৈষম্য, খাদ্যৰ মূল্যবৃদ্ধি। প্ৰতিবেদনত দাবী কৰা হৈছে, প্রতি ৩৩ ঘণ্টাত ১০ লাখ মানুহৰ ক্ষেত্রত এই সংকট বাঢ়িব পাৰে। লিঙ্গ বৈষম্যৰ কথাও কোৱা হৈছে প্ৰতিবেদনত। উল্লেখ কৰা হৈছে কোভিডৰ আগৰ পৰিসংখ্যা। য’ত কোৱা হৈছিল নাৰী আৰু পুৰুষৰ আয়ৰ ব্যৱধান মিলিবলৈ ১০০ বছৰমান লাগিব। কিন্তু কোভিডৰ পৰৱর্তী সময়ৰ পৰিসংখ্যাত কোৱা হৈছে যে, ১৩৬ বছৰ লাগি যাব সেয়া মিলিবলৈ। কৰ’নাৰ কাৰণে পুৰুষসকলতকৈ মহিলাই বেছি পৰিমাণে কাম হেৰুৱাইছে। পর্যটন ক্ষেত্রত ব্যৱসায়ৰ অৱস্থা সকলোতকৈ বেয়া হৈছে। তাৰ প্রভাৱ পৰিছে মহিলাসকলৰ পেছাৰ জগততো। এয়া হ’ল গোটেই পৃথিৱীৰ সার্বিক অৱস্থা। কিন্তু এই পৰিস্থিতিত ভাৰতৰ অৱস্থা কেনে? কি কোৱা হৈছে প্ৰতিবেদনত? প্ৰতিবেদনত কোৱা হৈছে যে, ২০০০ চনৰ পিছৰ পৰা দাৰিদ্র্য কমোৱাৰ দিশত আগুৱাইছে ভাৰত। ২০০৪ চনত জনসংখ্যাৰ নিৰিখত ৩৭.২ শতাংশ মানুহ আছিল দাৰিদ্র্যসীমাৰ তলত। ২০১৫ চনত আহি হয়হি ১৩.৬ শতাংশ। তাৰ পিছতো প্রতি বছৰে ভাৰতত সাধাৰণ মানুহৰ ৰোজগাৰ অলপ হ’লেও গড় হিচাপত বাঢ়িছে। কিন্তু পৰিস্থিতি কিছু জটিল হৈ পৰিছে কৰ’নাৰ কাৰণে। এই পৰিস্থিতিত বহু মানুহে কাম হেৰুৱাইছে। যদিও ভাৰতে সেই অৱস্থা চম্ভালিবলৈ চেষ্টা কৰিছে। তথাপি শিক্ষা আৰু স্বাস্থ্যক্ষেত্রত সকলোৱে প্রাথমিক সুবিধাখিনি পোৱাৰ ক্ষেত্রতো সমস্যা আছে। সেই সমস্যাসমূহ কমিলে আগন্তুক দিনত ভাৰতত অর্থবৈষম্যৰ হাৰো কমিব বুলি আশা কৰি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More