ভাৰতত চোৰাংচোৱাগিৰি পাকিস্তানী সাংবাদিকৰ

নুছৰত মিৰ্জাৰ বিস্ফোৰক দাবী

0 6
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাইঃ বিগত ভাৰত ভ্ৰমণক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে এজন পাকিস্তানী সাংবাদিকে। সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক চাকিল চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুছৰত মিৰ্জাই কয় যে তেওঁ বহুবাৰ ভাৰত ভ্ৰমণ কৰাৰ পিছত পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱাক (আইএছআই) গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত নুছৰটে এই প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। তেওঁ কেনেকৈ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তাক লৈ তেওঁ গৌৰৱ অনুভৱ কৰা বুলিও ব্যক্ত কৰিছে। তেওঁ স্মৰণ কৰি কয় যে, যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া ভাৰতৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰীয়ে তেওঁক ভাৰতলৈ আমন্ত্ৰণ জনাইছিল। ২০০৭ চনৰ পৰা ২০১৬ চনলৈ ভাৰতৰ দ্বাদশ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আনছাৰীয়ে। তেওঁ লগতে কয় যে, তেওঁ ভাৰত ভ্ৰমণৰ বাবে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ পৰা কেইবাটাও সুবিধা লাভ কৰিছিল। তেওঁ কয় যে, ভাৰতত সাধাৰণতে মাত্ৰ তিনিটা স্থানতহে ভিছাৰ বাবে আবেদন কৰিবলৈ অনুমতি দিয়া হয়। কিন্তু সেই সময়ত ২০০২ চনৰ নৱেম্বৰৰ পৰা ২০০৮ চনৰ নৱেম্বৰলৈকে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পাকিস্তানৰ ৰাজনীতিবিদ তথা লেখক খুৰ্শ্বিদ কাছুৰীয়ে নুছৰাটক ৭টা চিটি ভিছা লাভ কৰাত সহায় কৰিছিল। তেওঁ ৫ বাৰ ভাৰত ভ্ৰমণ কৰাৰ লগতে দিল্লী, বেংগালুৰু চেন্নাই, পাটনা, কলকাতা ভ্ৰমণ কৰিছে। ২০১১ চনত তেওঁ মিলি গেজেটৰ প্ৰকাশক জাফৰুল ইছলাম খানকো সাক্ষাৎ কৰিছিল। মিৰ্জাই ২০১০ চনত ভাৰত ভ্ৰমণৰ বিষয়েও কয়। সেই সময়তে তেওঁ সন্ত্ৰাসবাদৰ ওপৰত এখন আলোচনা চক্ৰত অংশ লৈছিল। এই দুটা ভ্ৰমণৰ পিছত তেওঁ তেওঁলোকৰ বিষয়ে সকলো তথ্য আই এছ আইক প্ৰদান কৰা বুলি দাবী কৰে। তেওঁ দাবী কৰে যে, তেওঁ সকলো তথ্য কৰ্তৃপক্ষক গটাই দিছিল যদিও নেতৃত্বৰ সংকটৰ বাবে কোনেও গুৰুত্ব নিদিলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More