ভাৰতত জাপানী বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতা

৩৪ টা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াৰে মোদীৰ ঘূৰণীয়া মেজমেল

0 48

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে’ জাপানী প্ৰধানমন্ত্ৰী ফুমিয়’ কিছিডাৰ আমন্ত্ৰণ ক্ৰমে আৰু কোৱাড ২০২২ সন্মিলনত অংশগ্ৰহণৰ বাবে টকিয়’ত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যস্ততাপূৰ্ণ সূচীৰ পাতনি মেলে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে জাপানৰ শীৰ্ষস্থানীয় ৩৪ টা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগত এখন ঘূৰণীয়া মেজমেলত মিলিত হয়। ইয়াৰ পূৰ্বে মোদীয়ে ব্যক্তিগত ভাৱে প্ৰথমে প্ৰযুক্তি কৌশল সম্পৰ্কীয় প্ৰতিষ্ঠান NEC ৰ অধ্যক্ষ নাবুহিৰ’ এণ্ড’ ৰ লগত আলোচনাত বহে। ভাৰতৰ টেলিকম খণ্ডত প্ৰতিষ্ঠানটোৰ সহযোগিতাৰ কথা মোদীয়ে স্মৰণ কৰে আৰু ভাৰতৰ প্ৰযুক্তি খণ্ডত সম্প্ৰতি হোৱা অগ্ৰগতিৰ বিষয়ে এণ্ড’ক অৱগত কৰে। লগতে ভাৰতত ব্যৱসায়-বাণিজ্যৰ বাবে চৰকাৰে কৰ, শ্ৰমিক ইত্যাদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভালেমান সংস্কাৰৰ কথাও উল্লেখ কৰে। আলোচনা কালত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ গৰাকীয়ে ভাৰতত স্মাৰ্ট চিটী প্ৰকল্পৰ উপৰি শিক্ষা আৰু ল’জিষ্টিক খণ্ডত সহযোগিতা কৰাৰ আশ্বাস দিয়ে। ইয়াৰ পাছতে জাপানৰ বস্ত্ৰশিল্পৰ এটা প্ৰখ্যাত ব্ৰেণ্ড Uniqlo ৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া তাদাছি য়ানাইৰ লগত হোৱা আলোচনাত মোদীয়ে ভাৰতৰ বস্ত্ৰশিল্প উদ্যোগত প্ৰতিষ্ঠানটোক বিনিয়োগৰ বাবে আহ্বান জনাই কয় যে, প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ দ্বাৰা এতিয়া ভাৰতবৰ্ষত বস্ত্ৰশিল্প উদ্যোগক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। য়ানাইএ ভাৰতত উৎপাদন আৰু খুচুৰা বিক্ৰী খণ্ডত বিনিয়োগৰ বাবে সন্ধান চলাব বুলি আশ্বাস প্ৰদান কৰিছে। ষ্টাৰ্টআপ খণ্ডত অধিক বিনিয়োগৰ বাবে মোদীয়ে চফ্ট বেঙ্কৰ প্ৰতিষ্ঠাপক মাছায়’ছি ছনক সাক্ষাৎ কালত অনুৰোধ জনায়। ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জাপানৰ এজন প্ৰখ্যাত উদ্যোগপতি ছুজুকি কৰ্পোৰেছনৰ উপদেষ্টা অ’ছামু ছুজিকিৰ লগতো দীঘলীয়া সময়ৰ বাবে বাৰ্তালাপ হয়। আলোচনা কালত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত বৈদ্যুতিক বাহন আৰু বেটেৰী নিৰ্মাণ উদ্যোগত বিনিয়োগৰ বাবে ছুজুকিক আহ্বান জনায়।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান সমূহৰ ৩৪ জন শীৰ্ষ বিষয়াৰ লগত এখন ঘূৰণীয়া মেজমেলত মিলিত হয়। এই প্ৰতিষ্ঠান সমূহৰ ভিতৰত ঘাইকৈ আছিল অট’ম’বাইল, ইলেক্ট্ৰ’নিক্স, ছেমিকণ্ডাক্টৰ, ষ্টীল, প্ৰযুক্তি আৰু বাণিজ্য, বেংকিং আৰু বিত্তীয় সেৱা আগবঢ়োৱা খণ্ড সমূহ। প্ৰধানমন্ত্ৰী মোডীয়ে ‘সমগ্ৰ বিশ্বৰ বাবে ভাৰতত নিৰ্মাণ’ নীতিৰে জাপানী উদ্যোগপতিসকলক ভাৰতত বিনিয়োগৰ বাবে আহ্বান জনাই কয় যে, দেশখনত এতিয়া ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সংস্কাৰ সাধন কৰা হৈছে আৰু বিনিয়োগৰ বাবে এটা উপযুক্ত বাতাবৰণ সৃষ্টি কৰা হৈছে। সেয়ে এই সুবিধাৰ সুযোগ ল’বলৈ তেওঁ প্ৰতিষ্ঠান সমূহক অনুৰোধ কৰে। আশা কৰা অনুযায়ী প্ৰধানমন্ত্ৰী গৰাকীৰ জাপান ভ্ৰমণৰ সময়ত শীৰ্ষ উদ্যোগপতিসকলৰ লগত হোৱা আলোচনাই ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More