ভাৰতত মানুহৰ আয়ুস ৫ বছৰকৈ কমিছে

দায়ী বায়ু প্ৰদূষণ

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুন : ভাৰতত মানুহৰ গড় আয়ুস মাৰাত্মক হাৰত কমিছে। কোনো কোনো চহৰ বা তাৰ চৌপাশৰ এলেকাত মানুহৰ গড় আয়ুস কমি গৈছে ৭ বছৰ পর্যন্ত। ইয়াৰ বাবে দায়ী বায়ু প্ৰদূষণ। স্বাস্থ্যকৰ খাদ্য নোপোৱা, ধূমপানৰ কাৰণে গড় আয়ুস কমি যোৱাৰ পৰিমাণ যথাক্রমে ১.৮ বছৰ আৰু ১.৫ বছৰ। কিন্তু বায়ু প্ৰদূষণৰ কাৰণে কমি গৈছে গড়ে ৫ বছৰকৈ। এই কথা কৈছে শেহতীয়া এক সমীক্ষাই। সম্প্রতি University of Chicagoৰ Energy Policy Instituteৰ তৰফৰ পৰা পৃথিৱীৰ বিভিন্ন দেশত Air Quality Life Index (AQLI)ক লৈ এক সমীক্ষা চলোৱা হয়। তাৰ প্ৰতিবেদন প্রকাশ হৈছে যোৱা ১৪ জুনত। আৰু তাতেই পোহৰলৈ আহিছে এই তথ্য। কি কি কোৱা হৈছে এই প্ৰতিবেদনত? চাওঁ আহক। বায়ু প্ৰদূষণৰ নিৰিখৰ ক্ষেত্ৰত দেশৰ সকলো চহৰৰ ভিতৰত দিল্লীৰ অৱস্থা সকলোতকৈ শোচনীয়। এই চহৰত গড়ে প্রতিজন মানুহৰ আয়ুস প্রায় ৯.৭ বছৰ কমি গৈছে প্ৰদূষণৰ কাৰণে। সমীক্ষাত কোৱা হৈছে যে, ভাৰতৰ সকলোতকৈ প্ৰদূষিত ৰাজ্যসমূহ হ’ল উত্তৰ প্রদেশ, বিহাৰ, হৰিয়ানা, ত্রিপুৰা। এই ৰাজ্যবোৰত মানুহৰ গড় আয়ুস কমিছে ৮.২ বছৰ, ৭.৯ বছৰ, ৭.৪ বছৰ আৰু ৬ বছৰ। সমগ্ৰ পৃথিৱীৰ ভিতৰত বায়ু প্ৰদূষণৰ নিৰিখ অনুসৰি ভাৰত ২ নম্বৰত থকা দেশ। এক নম্বৰত আছে বাংলাদেশ। সমগ্ৰ ভাৰত মিলি মানুহৰ গড় আয়ুস ৫ বছৰ কমিছে বায়ু প্ৰদূষণৰ কাৰণে, সেই ক্ষেত্ৰত বাংলাদেশত সেয়া ৬.৯ বছৰ। ইয়াৰ পিছত আছে নেপাল (৪.১ বছৰ), পাকিস্তান (৩.৮ বছৰ) আৰু ডেমক্রেটিক ৰিপাব্লিক অব কঙ্গো (২.৯ বছৰ)।
সমীক্ষাত কোৱা হৈছে যে, গোটেই পৃথিৱীতেই বায়ু প্ৰদূষণৰ মাত্রা বাঢ়িছে। তাৰ ফলত গড়ে ২.২ বছৰকৈ আয়ুস কমি গৈছে সমগ্ৰ পৃথিৱীৰ মানুহৰ। কিন্তু ভাৰতত আৰু উপমহাদেশৰ দেশবোৰত এই সংকটে ভয়ানক আকাৰ লৈছে। খুব দ্রুতভাৱে ইয়াৰ প্রতিকাৰ নকৰিলে, মানুহৰ আয়ুস আৰু কমাই দিব পাৰে। ক’ৰনাৰ সংকট কালত সমগ্ৰ পৃথিৱীতেই প্ৰদূষণৰ মাত্রা কিছু কমিছিল। নতুনকৈ পৃথিৱী ছন্দলৈ উভতাৰ পিছত পুনৰ এই সমীক্ষা চলোৱা হৈছে। এই সমীক্ষাত দেখা গৈছে, চীনত বায়ু প্ৰদূষণৰ মাত্রা বহুখিনি কমি গৈছে। ফলত দেশখনত গড়ে ৪ বছৰকৈ আয়ুস বাঢ়িছে মানুহৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More