ভাৰতত শীঘ্ৰেই পৰিহাৰ কৰা হ’ব ট’ল গেট আৰু ফাষ্টটেগ ব্যৱস্থা

0 90

শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে’ : ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ত গাড়ী চলোৱা সকলৰ বাবে সুখবৰ। সম্ভৱত: চলিত বছৰৰ ভিতৰতেই দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত থকা ট’ল গেট সমূহ বন্ধ কৰাৰ উপৰি ফাষ্টটেগ(FASTag) ব্যৱস্থা পৰিহাৰ কৰা হ’ব। ইয়াৰ সলনি উপগ্ৰহীয় সংযোগ ব্যৱস্থাৰে কৰ সংগ্ৰহ কৰা হ’ব। ইয়াৰ বাবে আনুষ্ঠানিক কোনো নিৰ্দেশ এতিয়াও কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা নাই যদিও দেশত শীঘ্ৰেই এনে এটা ব্যৱস্থা প্ৰৱৰ্তনৰ ইঙ্গিত পোৱা গৈছে।
নতুনকৈ প্ৰৱৰ্তন কৰিবলগীয়া এই ব্যৱস্থাটোত চালকে ৰাষ্ট্ৰীয় ঘাইপথ বা এক্সপ্ৰেছৱে’ত কিমান কিলোমিটাৰ বাহনখন চলালে তাৰ ওপৰত নিৰ্ভৰ কৰিহে কৰ আদায় দিব লাগিব। বৰ্তমান এখন বাহনে এখন ট’ল গেট অতিক্ৰম কৰি আনখন ট’লগেট পোৱাৰ বহু পূৰ্বেই গন্তব্যস্থল পালেও সমানেই কৰ আদায় দিব লাগে। বৰ্তমান ভাৰতবৰ্ষত ৯৭ শতাংশ বাহনে ফাষ্টটেগৰ মাধ্যমেৰে ট’ল গেটৰ কৰ আদায় দি আহিছে।
ইউৰোপৰ দেশসমূহত প্ৰচলিত ব্যৱস্থাটোৰ আৰ্হিত ভাৰতত নতুনকৈ প্ৰৱৰ্তন কৰিবলগীয়া এই ব্যৱস্থাটোৰ দ্বাৰা উপভোক্তাসকল সময় আৰু আৰ্থিক দুয়োটা দিশৰ পৰা লাভবান হ’ব বুলি চৰকাৰী ভাৱে কোৱা হৈছে। জাৰ্মানীত প্ৰচলিত এনেধৰণৰ ব্যৱস্থাটোত বাহনখনত সংযুক্ত উপগ্ৰহীয় সংযোগ মাধ্যমটোৰ দ্বাৰা বাহনখনে যেতিয়াই কৰযুক্ত পথটোত প্ৰৱেশ কৰিব তেতিয়াৰে পৰাই স্বয়ংক্ৰিয় ভাৱে কৰৰ হিচাপ আৰম্ভ কৰিব আৰু কিলোমিটাৰ ভিত্তিতহে সেই ধন আদায় দিব লাগিব।
ভাৰতবৰ্ষত ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিৱহণ মন্ত্ৰালয়ে এই নতুন ব্যৱস্থাটোৰ এটা পৰীক্ষামূলক অধ্যয়ন চলাই আছে আৰু ইয়াৰ অধীনত ১.৩৭ লাখ খন বাহনক অন্তৰ্ভুক্ত কৰিছে। ৰাছিয়া আৰু দক্ষিণ কোৰিয়াৰ এটা বিশেষজ্ঞৰ দলে এই ব্যৱস্থাটোৰ পৰীক্ষা-নিৰীক্ষা চলোৱাৰ পাছত ভাৰত চৰকাৰৰ ওচৰত কেই সপ্তাহমানৰ ভিতৰতে প্ৰতিৱেদন দাখিল কৰিব। অৱশ্যে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, দেশখনত এই নতুন ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ পূৰ্বে পৰিৱহণ নীতিৰ সংশোধনৰ আৱশ্যক হ’ব। বাহন সমূহতো গৰাকীসকলে উপগ্ৰহীয় সংযোগ ব্যৱস্থা বা জি পি এছ বাধ্যতামূলক ভাৱে সংযোগ কৰিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More