ভাৰতত শীঘ্ৰে 5G সেৱা

জুন মাহৰ ভিতৰতে 5G স্পেক্ট্ৰাম আৰু এয়াৰৱেভৰ নিলাম সম্পন্ন হব

0 56

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে’: শীঘ্ৰেই ভাৰতবৰ্ষত আৰম্ভ হ’ব তীব্ৰ গতিৰ 5G ম’বাইল সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে জনোৱা মতে এই বছৰতেই দেশত 5G সেৱা প্ৰৱৰ্তন কৰাৰ যো-জা সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ১৩ খন মহানগৰ দিল্লী, মুম্বাই, কলকতা, চেন্নাই, আহমেদাবাদ, গান্ধীনগৰ, বেঙ্গালুৰু, পুনে, হায়দৰাবাদ, লক্ষ্ণৌ, চণ্ডীগড়, গুৰুগ্ৰাম আৰু জামনগৰত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন আন নগৰ-মহানগৰ সমূহলৈ এই সেৱা সম্প্ৰসাৰিত কৰা হ’ব। ইতিমধ্যে ২২৪ কোটি টকা ব্যয়ৰে এই ১৩ খন মহানগৰত 5G সেৱাৰ যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ কাম সমাপ্ত হৈছে। কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে যে, জুন মাহৰ ভিতৰতে চৰকাৰে 5G স্পেক্ট্ৰাম আৰু এয়াৰৱেভৰ নিলাম সম্পন্ন কৰিব আৰু ছেপ্তেম্বৰ মাহত ইয়াক কাৰ্যকৰী কৰা হ’ব। ভাৰতৰ তিনিটা প্ৰধান দূৰসংযোগ প্ৰতিষ্ঠান জিঅ’, এয়াৰটেল আৰু ভ’ডাফোনে সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত নতুন এই সেৱা আৰম্ভ কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে। জিঅ’ৱে পৰ্যায়ক্ৰমে দেশৰ এহাজাৰ খন আগশাৰীৰ নগৰত 5G সেৱা প্ৰৱৰ্তনৰ বাবে ইতিমধ্যে পৰিকল্পনা সম্পূৰ্ণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More