নীৰৱ ঘাতক উষ্ণ প্ৰবাহঃ কৃষি- স্বাস্থ্যত বিৰূপ প্ৰভাব

ভাৰতবৰ্ষত প্ৰতিবছৰে অতি উচ্চ মাত্ৰাৰ তাপমানৰ বাবে ১০,১০০ কোটি শ্ৰম ঘণ্টা নষ্ট হয়

0 31
শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ এপ্ৰিলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাহিৰে এইকেইদিন উৎকট গ্ৰীষ্মপ্ৰবাহৰ ফলত সমগ্ৰ দেশতে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কেইবাখনো ঠাইত পাৰাস্তম্ভই ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড স্পৰ্শ কৰিছে। তাপপ্ৰবাহৰ ফলত কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যুও ঘটিছে। যোৱা ১২২ বছৰীয়া ইতিহাসত ২০২২ চনৰ মাৰ্চ মাহৰ উত্তাপে ভাৰতত অভিলেখ স্থাপন কৰিছে। বতৰ বিজ্ঞান বিভাগৰ পৰিসংখ্যা অনুযায়ী ভাৰতবৰ্ষত ১৯০১ চনৰ পাছত ২০২২ চনৰ মাৰ্চ মাহৰ উষ্ণতা সৰ্বাধিক আছিল। সাধাৰণতে ভাৰতবৰ্ষৰ উত্তৰ, দক্ষিণ আৰু পশ্চিম প্ৰান্তত এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰত  উষ্ণপ্ৰবাহৰ মাত্ৰা শীৰ্ষ পৰ্যায়ত থাকে কিন্তু বৰ্তমান ধীৰে ধীৰে এই পৰিঘটনা আগুৱাই অহাটো এটা চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে ই এটা বিপজ্জনক লক্ষণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সংজ্ঞা অনুযায়ী সমতল ভূমিত প্ৰকৃত সৰ্বোচ্চ তাপমানৰ পৰিমাণ ৪০ ডিগ্ৰী চেণ্টিগ্ৰেড বা অধিক আৰু পাৰ্বত্য অঞ্চলত ৩০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ অধিক হ’লে ইয়াক উষ্ণপ্ৰবাহ বুলি আখ্যা দিয়া হয়। তথ্য অনুসৰি এই উষ্ণপ্ৰবাহৰ ফলত ভাৰতত যোৱা ২০১০ চনৰ পৰা এতিয়ালৈকে ৬,০০০ জন লোকে অকাল মৃত্যুক সাৱটিব লগা হৈছে।
যোৱা ডিচেম্বৰ মাহত গৱেষণা পত্ৰিকা ‘নেচাৰ’ত প্ৰকাশিত এটা প্ৰৱন্ধৰ মতে যোৱা পাঁচটা বছৰত অতি মাত্ৰা তাপে দহন কৰা মুঠ জনসংখ্যাৰ হিচাপত পৃথিৱীৰ পাঁচখন দেশৰ ভিতৰত ভাৰতো এখন। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে উৎপন্ন হোৱা অত্যধিক তাপ আৰু আৰ্দ্ৰতাই সমগ্ৰ বিশ্বতে শ্ৰম ঘণ্টা(labour hour)ৰ ক্ষতি কৰিছে।
ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষতো অতি বেছি পৰিমাণে পৰাটো এটা উদ্বেগজনক বিষয় হৈ পৰিছে। কিয়নো দেশখনৰ অৰ্থনীতিৰ লগত এই শ্ৰম ব্যৱস্থাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ‘নেচাৰ’ৰ প্ৰৱন্ধটোৰ তথ্য মতে ভাৰতবৰ্ষত প্ৰতিবছৰে অতি উচ্চ মাত্ৰাৰ তাপমানৰ বাবে ১০,১০০ কোটি শ্ৰম ঘণ্টা নষ্ট হয় আৰু ই বিশ্বৰ ভিতৰতে সৰ্বাধিক। বিশেষকৈ গ্ৰীষ্মকালত অতি গৰম, আৰ্দ্ৰ পৰিৱেশত কৃষি আৰু নিৰ্মাণ খণ্ডৰ শ্ৰমিক সকলে কাম কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। এই শ্ৰম বিনষ্ট হোৱাৰ পৰিমাণ হৈছে এটা বছৰত প্ৰায় ৩.৫ কোটি লোকে দিনে ৮ ঘণ্টাকৈ কৰা শ্ৰমৰ সমান। গৱেষণা আৰু অধ্যয়নৰ পৰা ভাৰতবৰ্ষত ২০৩০ চনত উষ্ণ তাপপ্ৰবাহৰ বাবে কৃষি খণ্ডত ৯.০৪, নিৰ্মাণ খণ্ডত ৯.০৪, সেৱা খণ্ডত ১.৪৮ আৰু মেনুফেকচাৰিং খণ্ডত ৫.২৯ শতাংশ শ্ৰম ঘণ্টা লোকচান হোৱাৰ তথ্য প্ৰক্ষেপ কৰা হৈছে। আন এখন গৱেষণা পত্ৰিকা ‘লেনচেট’ৰ মতে ২০২০ চনত ভাৰতে অতি তাপমাত্ৰাৰ বাবে কৃষি খণ্ডত মুঠ ৬,৭০০ কোটি শ্ৰম ঘণ্টা হেৰুৱাবলগীয়া হয়। মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত মুখ্য ভুমিকা গ্ৰহণ কৰা এই খণ্ড কেইটাত হোৱা শ্ৰমৰ এনে লোকচানে স্বাভাৱিকতে অৰ্থনীতিত পোনপটীয়া প্ৰভাৱ পেলায়। মেকিনছে’ নামৰ বাণিজ্য অৰ্থনীতিৰ পৰামৰ্শদাতা প্ৰতিষ্ঠানটোৱে ভৱিষ্যদ্বাণী কৰা মতে ২০৩০ চনত ভাৰতবৰ্ষত অতিমাত্ৰা তাপপ্ৰবাহে দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.১৭ লাখ কোটি টকাৰ প্ৰতি এটা গুৰুতৰ ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে। পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিলে অহা কেইবছৰমানৰ ভিতৰত ভাৰতে প্ৰতিদিনে ৫,২৪২ কোটি টকাৰ মুঠ ঘৰুৱা উৎপাদন হেৰুৱাব লাগিব। অৰ্থাৎ প্ৰতি ঘণ্টাত লোকচানৰ পৰিমাণ হ’ব ২২ লক্ষ টকা।
     বিশেষজ্ঞ সকলে আশঙ্কা কৰা মতে গোলকীয় উষ্ণতা গড় ভিত্তিত ১ ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি হ’লে কৃষিজাত সামগ্ৰীৰ উৎপাদন হ্ৰাস, সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাটো অৱশ্যম্ভাৱী। ৰাষ্ট্ৰসংঘৰ আই পি চি চিৰ ২০২২ চনৰ প্ৰতিৱেদনত কোৱা হৈছে যে, গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিমাণ ১ ৰ পৰা ৪ ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি হ’লেই ধান উৎপাদনৰ হাৰ ১০ ৰ পৰা ৩০ শতাংশ হ্ৰাস পাব। ক্ৰমবৰ্ধমান উষ্ণ তাপমাত্ৰাৰ বাবে ভাৰতবৰ্ষত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যে বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বতৰৰ এই তাৰতম্যৰ বাবেই দেশত ঘেঁহুৰ উৎপাদন ১০ ৰ পৰা ৩৫ শতাংশ হ্ৰাস হৈছে।
জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো এতিয়া কেৱল বিশেষজ্ঞৰ আলোচনাৰ বিষয় হৈ থকা নাই, ই এতিয়া প্ৰতিজন লোকৰে দুৱাৰদলিত। বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল আৰু অনুন্নত দেশসমূহত ই এটা নীৰৱ ঘাতকৰ ৰূপত অৱতীৰ্ণ হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More