ভাৰতবৰ্ষৰ ইতিহাসত সৰ্ববৃহৎ ইনিচিয়েল পাব্লিক অফাৰ

৪ মে'ৰ পৰা আৰম্ভ জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰী

0 49

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ অৱশেষত দেশৰ বৃহত্তম বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰীৰ তাৰিখ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। অহা ৪ মে’ত ভাৰতীয় জীৱন বীমা নিগমৰ ‘ইনিচিয়েল পাব্লিক অফাৰ’ বা শ্বেয়াৰ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ৯ মে’ত ইয়াৰ বিক্ৰী বন্ধ কৰা হ’ব। উল্লেখযোগ্য যে, ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ অৰ্থাৎ সৰ্বাধিক সংখ্যক ‘ইনিচিয়েল পাব্লিক অফাৰ’। আজি কেইবামাহৰ পূৰ্বেই এই শ্বেয়াৰ বজাৰত মুকলি কৰাৰ পৰিকল্পনা আছিল যদিও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইয়াক পিছুৱাই দিয়া হৈছিল।
প্ৰথম অৱস্থাত জীৱন বীমা নিগমৰ ৫ শতাংশ শ্বেয়াৰ বিক্ৰীৰ দ্বাৰা চৰকাৰে ৭৫,০০০ কোটি টকা সংগ্ৰহৰ সিদ্ধান্ত লৈছিল যদিও পাছত ইয়াৰ পৰিমাণ ৩.৫ শতাংশলৈ হ্ৰাস কৰা হয়। মুঠ বিক্ৰী হ’বলগীয়া শ্বেয়াৰৰ সংখ্যা হৈছে ২২,১৩,৭৪,৯২০। ইয়াৰে ১৫,৮১,২৪৯ টা শ্বেয়াৰ জীৱন বীমা নিগমৰ কৰ্মচাৰী আৰু খুচুৰা বিনিয়োগকাৰী সকলৰ বাবে সংৰক্ষিত। নিগমৰ পলিছী হ’ল্ডাৰ সকলৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে ২,২১,৩৭,৪৯২ টা শ্বেয়াৰ। ২২ কোটিৰো অধিক শ্বেয়াৰ বিক্ৰীৰ পৰা চৰকাৰে আহৰণ কৰিব ২১,০০০ কোটি টকা। প্ৰতিটো শ্বেয়াৰৰ আৰম্ভণি মূল্য নিৰ্ধাৰণ কৰা হৈছে ৯০২ টকাৰ পৰা ৯৪৯ টকা আৰু ক্ৰেতাই নিম্নতম ১৫ টা শ্বেয়াৰ বা ইয়াৰ গুণিতক হিচাপত ক্ৰয় কৰিব পাৰিব। শ্বেয়াৰ ক্ৰয়ৰ ক্ষেত্ৰত নিগমৰ কৰ্মচাৰী আৰু খুচুৰা বিনিয়োগকাৰী সকলৰ বাবে ৪৫ টকা আৰু পলিছী হ’ল্ডাৰ সকলৰ বাবে ৬০ টকা ৰেহাই প্ৰদান কৰা হৈছে। শ্বেয়াৰ বিক্ৰীৰ এসপ্তাহৰ পাছত ১৭ মে’ তাৰিখে জীৱন বীমা নিগম ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত হ’ব আৰু ইয়াৰ পাছৰে পৰাই ইকুইটি শ্বেয়াৰৰ ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হ’ব। স্বাভাৱিকতেই দেশৰ বৃহত্তম ‘ইনিচিয়েল পাব্লিক অফাৰ’ৰ দিনটোলৈ বিনিয়োগকাৰী সকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More