ভাৰতবৰ্ষ অজেয় আৰু ভাৰতীয় সেনা অজেয় : ৰাজনাথ সিং

0 31

 

কলাক্ষেত্রত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা অসমৰ বীৰ যোদ্ধাসকলৰ প্ৰতি সন্মান। দেশৰ মান-সন্মানৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে কেতিয়াও আপোচ নকৰে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ এপ্ৰিলঃ পাকিস্তানৰ পৰা বাংলাদেশ পৃথক হোৱাৰ ফলত লাভবান হৈছে অসমসহ উত্তৰ-পূৰ্বাঞ্চল। ভাৰত-পাকিস্তান সীমান্তত থকা উত্তেজনা, অস্থিৰতা তথা সংঘাতময় পৰিৱেশৰ পৰা মুক্ত আছে উত্তৰ-পূৰ্বাঞ্চল। এই মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ। আজি গুৱাহাটীৰ কলাক্ষেত্রত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ১৯৭১চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এইদৰে কয়। ভাষণত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক বন্ধুত্বমূলক আৰু যাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলত শান্তি-স্থিৰতা আছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা প্ৰশংসাৰ পাত্র বাবেই প্ৰশংসা কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা দেশৰ অন্য ৰাজ্যই অনুকৰণ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্রী হিচাপে ভাৰতীয় সেনা বাহিনীৰ পৰাক্ৰম দেখিছো বুলি উল্লেখ কৰি তেওঁ কয় যে সেনা বাহিনীয়ে দেশৰ গৰ্ব অক্ষুণ্ণ ৰাখিছে। কোনেও দেশৰ গৰ্ব চূৰ্ণ কৰিব নোৱাৰে। অৱসৰ গ্ৰহণ কৰাৰ পাছতো ভাৰতীয় সেনাৰ অন্তৰত দেশমাতৃৰIMG 1650713693019 1 সেৱাৰ সেই মনোভাৱ জীৱিত হৈ থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক লোক ভাৰতীয় সেনাত জড়িত হৈ দেশমাতৃৰ সেৱাত নিয়োজিত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষ অজেয় আৰু ভাৰতীয় সেনা অজেয়। দেশৰ মান-সন্মানৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে কেতিয়াও আপোচ নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ আভ্যন্তৰীণ সন্ত্রাসবাদ আৰু বাহিৰৰ অপশক্তি নিঃশেষ কৰাটো আমাৰ চৰকাৰৰ নীতি। আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক সদভাৱ কেতিয়াও বিঘ্নিত হ’ব নালাগে। প্ৰসংগ ক্ৰমে তেওঁ ভাৰত চৰকাৰে সেনা বাহিনীৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা অসমৰ বীৰ যোদ্ধা সকলক সন্মানিত কৰে। অনুষ্ঠানত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত শ্বহীদ হোৱা ৯ গৰাকী বীৰ যোদ্ধাৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে সেই যুদ্ধৰ আহত হোৱা ৮ গৰাকী বীৰ সৈনিক, দুইগৰাকী যুদ্ধবন্দী, ১৬ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু ৭০ গৰাকী অৱসৰপ্ৰাপ্ত জোৱানক সম্বৰ্ধনা জ্ঞাপন কৰি সন্মানিত কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ১৯৭১ৰ যুদ্ধৰ অসমৰ বীৰ সেনানীৰ ওপৰত যুগুত কৰি উলিওৱা এখন পুস্তিকা উন্মোচন কৰে। বীৰ সেনানীৰ সন্মানৰ বাবে আয়োজন কৰা অনুষ্ঠানটোত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অসমৰ বীৰ-যোদ্ধাসকলৰ ওপৰত আধাৰিত এখন তথ্যচিত্র প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ১৯৭১চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি ভাৰতীয় সেনাৰ পৰাক্ৰম আৰু বাংলাদেশৰ মুক্তিৰ বিষয়ে সদৰি কৰে। আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১৯৭১চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ইতিহাস উল্লেখ কৰি কিদৰে ভাৰতীয় সেনাৰ ওচৰত পাকিস্তান সেনাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল তাৰ ঐতিহাসিক প্ৰেক্ষাপট দাঙি ধৰে। সেই যুদ্ধত অসমে পালন কৰা ভূমিকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমে তাৰ পৰা অহা শৰণাৰ্থীসকলক সকলো প্ৰকাৰে সহায় কৰিছিল। সেনা বাহিনীৰ অসমৰ লোকৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে নিহত সৈনিকৰ পৰিয়ালৰ লোকক দিয়া এককালীন সাহায্য ২০ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে পৰিয়ালৰ এজনক চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰাক্তন সৈনিকৰ বাবে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ২ শতাংশ সংৰক্ষণৰ উপৰি প্ৰাক্তন সৈনিকৰ সন্তানৰ বাবে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি প্ৰাক্তন সৈনিকৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত ২ শতাংশ সংৰক্ষণ কৰা হৈছে। তেওঁ ড° ভূপেন হাজৰিকাৰ ‘কত জোৱানৰ মৃত্যু হ’ল’ শীৰ্ষক কালজয়ী গীতটোৰে ভাষণৰ সমাপ্তি ঘটায়। অনুষ্ঠানত বাংলাদেশৰ প্ৰাক্তন লেফটেনেণ্ট কৰ্ণেল কাজি ছাজিদ আলী জাহিৰৰ উপৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰাৱাকে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু সেনাৰ শীৰ্ষ বিষয়া উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More