ভাৰতলৈ চীনা খেলনাৰ আমদানি ৭০ শতাংশ হ্ৰাস

0 5

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই: ‘মেক ইন ইণ্ডিয়া কেম্পেইন’ৰ কথা কেইবছৰমান আগলৈকে কোনেও ভাবিবলৈ সাহস কৰা নাছিল। কিন্তু স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰৰ পৰিকল্পনাত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য নিৰ্দিষ্ট হৈ আহিছিল। গলৱান উপত্যকাত উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিবলৈ দেশত আহ্বান জনোৱা হৈছিল। এইবাৰ ভাৰত সেই লক্ষ্যৰ দিশত এখোজ আগুৱাই গ’ল। ভাৰতীয় বজাৰলৈ ৪০ শতাংশতকৈ অধিক খেলনা চীনৰ পৰা আহে। এইবাৰ ভাৰতে চীনৰ এই বিশাল খেলনা বজাৰত আঘাত হানিলে। ভাৰতত খেলনা নিৰ্মাণৰ পদক্ষেপে অতি দ্ৰুতগতিত কাম কৰি আছে। মাত্ৰ তিনি বছৰতে চীনৰ পৰা আমদানি কৰা খেলনাৰ পৰিমাণ প্ৰায় ৭০ শতাংশ হ্ৰাস পাইছে। যিটো ভাৰতৰ বাবে এক বৃহৎ সফলতা। যোৱা তিনি বছৰত ভাৰতৰ খেলনা উদ্যোগত প্ৰায় ৬১ শতাংশ বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয়— “তিনি বছৰত খেলনা আমদানি ৭০ শতাংশ হ্ৰাস পাইছে। দেশৰ উৎপাদন বৃদ্ধি পাইছে প্ৰায় ৬১ শতাংশ। ‘লোকেল ফৰ ভ’কেল’এ ভাৰতীয় খেলনা নিৰ্মাণৰ চেহেৰা সলনি কৰিছে”। তেওঁ আৰু কয় যে, ভাৰতৰ খেলনা বজাৰত চীনা সামগ্ৰীৰ আধিপত্য আছে। আমি ভাৰতত যিমান পাৰোঁ খেলনা বনাব লাগে। ভাৰত সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হোৱাটো প্ৰয়োজন। এই প্ৰচেষ্টাক আৰু অধিক উৎসাহিত কৰিবলৈ ‘দ্য ইণ্ডিয়া টয় ফেয়াৰ ২০২১’ৰ আয়োজন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰিছে ১০০০ৰো অধিক খেলনা নিৰ্মাতাই। পৰিসংখ্যাই দেখুৱাইছে যে মোদী চৰকাৰৰ এই পৰিকল্পনা বহুলাংশে সফল হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More