ভাৰতে ৰাছিয়াৰ পৰা S-400 ক্ৰয়ত নিষেধাজ্ঞা নাই সিদ্ধান্ত আমেৰিকাৰ কংগ্ৰেছত

0 8
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : ৰাছিয়াৰ পৰা এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়াস কৰিছিল আমেৰিকাৰ প্ৰাক্তন ড’নাল্ড ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনত এই পদক্ষেপ কাৰ্যতঃ পানীত ডুব গৈছে। আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত গৃহীত এটা সংশোধনী প্ৰস্তাৱত কোৱা হৈছে যে, চীনৰ দৰে আক্ৰমণাত্মক শক্তিক বাধা দিবলৈ ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ ক্ৰয় কৰিলে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। প্ৰতিনিধি সদনৰ নিম্ন সদন আৰু মাৰ্কিন কংগ্ৰেছৰ উচ্চ সদনৰ কেইবাজনো সদস্যই ট্ৰাম্পৰ সময়ত এছ-৪০০ কিনাক লৈ ভাৰতৰ বিৰুদ্ধে ‘কাউন্টাৰিং আমেৰিকাজ এডভাৰচাৰিজ থ্রু চেংচনছ এক্ট’ (কাটচা) আইন অনুযায়ী নিষেধাজ্ঞা জাৰিৰ প্রক্রিয়া প্রত্যাহাৰৰ দাবী তুলিছিল। ১৫ জুলাইৰ পৰা বাইডেন প্ৰশাসনে এই দাবী গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০১৭ চনত প্ৰৱৰ্তিত ‘কাটচা’ আইন অনুসৰি ৱাশ্বিংটনে ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়াৰ পৰা অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰা যিকোনো দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। কিন্তু নতুন দিল্লীৰ সমৰ্থক চিনেটৰ আৰু কংগ্ৰেছীসকলৰ মতে বৰ্তমান ভাৰত হৈছে আমেৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা মিত্ৰ। কিন্তু নতুন দিল্লীয়ে দশক দশক ধৰি মস্কোৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আহিছে। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। ভাৰতৰ সন্মুখত ‘চীনৰ আগ্ৰাসনৰ বিপদ’ বুলিও যুক্তি দাঙি ধৰিছিল। তদুপৰি বাইডেনলৈ লিখা এখন পত্ৰত কাটছাই দাবী কৰিছিল যে এই আইন কাৰ্যকৰী কৰাৰ মূল উদ্দেশ্য হৈছে ৰাছিয়াৰ অন্যায় কাৰ্যৰ বিৰোধিতা কৰা। আমেৰিকাৰ কোনো মিত্ৰ দেশক লজ্জিত কৰিবলৈ নহয়। শুকুৰবাৰে প্ৰতিনিধি সদনত ভাৰতক ৰেহাই দিয়াৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতে কংগ্ৰেছী আৰ খান্নাই কয় যে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চীনৰ ক্ৰমবৰ্ধমান আগ্ৰাসন প্ৰতিহত কৰিবলৈ আমেৰিকাই ভাৰতৰ কাষত থিয় দিব লাগিব। প্ৰসংগক্ৰমে উল্লেখ্য যে ২০১৯ চনৰ আৰম্ভণিতে ট্ৰাম্পে ৰাছিয়াৰ পৰা এছ-৪০০ এণ্টি মিছাইল ব্যৱস্থা ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ কাৰ্যকলাপত ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে মস্কোৰ সৈতে হোৱা এছ-৪০০ ক্ৰয় চুক্তি বাতিল কৰিলে ৱাশ্বিংটনে ভাৰতক ‘টাৰ্মিনেল হাই এলটিচুড এৰিয়া ডিফেন্স’ (THAAD) আৰু পেট্ৰিয়াট-৩ এণ্টি-মিছাইল বিক্ৰী কৰিব। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে নাকচ কৰিছিল এই প্ৰস্তাৱ। ইয়াৰ পিছতে ট্ৰাম্প প্ৰশাসনে কাটছা আইন কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০০৭ চনত প্ৰথম ৰাছিয়াৰ সেনাবাহিনীত আছিল এছ-৪০০। ২০১৪ চনত নতুন দিল্লীয়ে এই এণ্টি মিছাইল ব্যৱস্থাটো ক্ৰয় কৰাৰ বিষয়ে মস্কোৰ সৈতে যোগাযোগ কৰিছিল। ইয়াৰ পিছতে আমেৰিকাৰ সতৰ্কবাণীক আওকাণ কৰি ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। ২০১৮ চনৰ অক্টোবৰ মাহত পুটিনৰ দিল্লী ভ্ৰমণৰ সময়ত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইতিমধ্যে ৰাছিয়াৰ পৰা ভাৰতত উপস্থিত হৈছে ৫ খন এছ-৪০০ ট্ৰাইমফ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More