ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ “স্বৰ্ণ পনম” উদ্ভাৱন ৰঞ্জিত বৰুৱাৰ

 ২৪ কেৰেট সোণৰ সূক্ষ্ম ভোজ্য পাপৰিৰে সমৃদ্ধ

0 305

 শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে’ : চাহৰ দেশ অসম। চি টি চি, অৰ্থ’ডক্স আৰু তাৰ পাছত গ্ৰীন টী, ব্লেক টী, হোৱাইট টী আৰু অলেখ ভিন ভিন প্ৰকাৰৰ চাহেৰে বজাৰ এতিয়া উভৈনদী।tea ইয়াৰ মাজতে সৌ সিদিনা ২১ মে’ তাৰিখ, আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে গুৱাহাটীত আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ল গ’ল্ড টী অৰ্থাৎ সোণ মিশ্ৰিত চাহ উদ্ভাৱনৰ কথা। ইয়াৰ পূৰ্বে ডুবাইত এই সোণ মিশ্ৰিত চাহৰ এখন সীমিত বজাৰ আছিল যাৰ গ্ৰাহক আছিল মধ্য প্ৰাচ্যৰ আমীৰ- শ্বেইখ সকল। কিন্তু সেই একেই সোণ মিশ্ৰিত চাহ এতিয়া প্ৰস্তুত কৰা হৈছে চাহৰ দেশ অসমত। আপুনিও ইচ্ছা কৰিলে অসমত থাকিয়েই এই চাহত চুমুক দিব পাৰিব, কিন্তু আপোনাৰ জেপ কিছু গধুৰ হ’ব লাগিব।

একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই বিশেষ মূল্যবান চাহবিধ প্ৰস্তুত কৰিছে চাহ ব্যৱসায়ী ৰঞ্জিত বৰুৱাই। সুদীৰ্ঘ কাল চাহ উদ্যোগৰ লগত জড়িত থাকি বৰুৱাই এতিয়া নিজাকৈ আৰম্ভ কৰিছে চাহৰ ষ্টাৰ্ট আপ ‘এৰ’মিকা টী’ । ইয়াৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ঝেলেনস্কিৰ সাহসৰ প্ৰতি সন্মান জনাই বৰুৱাই প্ৰস্তত কৰা ‘ঝেলেনস্কি’ নামৰ চাহৰ ব্ৰেণ্ডটোৱে সংবাদ শিৰোনাম অধিকাৰ কৰিছিল।

Uneven black tea with honey clone চাহৰ লগত ২৪ কেৰেট সোণৰ সূক্ষ্ম ভোজ্য পাপৰিৰে ‘স্বৰ্ণ পনম’ নামৰ এই বিশেষ চাহ বিধ বৰুৱাই নিজেই তৈয়াৰ কৰিছে। সম্পূৰ্ণ বিশুদ্ধ ই ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ। ‘স্বৰ্ণ পনম’ চাহবিধৰ উদ্ভাৱক বৰুৱাৰ মতে ইয়াৰ স্বাদ অতুলনীয় আৰু গুণগত মান অতি উচ্চ। ইয়াত ব্যৱহাৰ কৰা খাদ্য উপযোগী সোণৰ পাপৰি সমূহ আমদানি কৰিছে ফ্ৰান্সৰ পৰা। প্ৰধানকৈ চৌখিন চাহপায়ীসকলক আকৰ্ষিত কৰিবৰ বাবে প্ৰস্তুত কৰা এই চাহৰ মূল্য প্ৰতি কিলোগ্ৰামত আঢ়ৈ লক্ষ টকা। গ্ৰাহক সকলৰ বাবে বিশেষ ভাবে নিৰ্মিত কাচৰ বৈয়ামত এশ গ্ৰাম এই বিশেষ চাহ, এখন ব্ৰঞ্জ’ৰ চামুচেৰে সৈতে ক’লা ৰঙৰ বাকছটোৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৫,০০০ টকা। বৰুৱাই জনোৱা মতে ইতিমধ্যে তেওঁলোকে এই চাহবিধৰ বাৰটা ফৰমাইছ লাভ কৰিছে আৰু সোনকালেই তেওঁলোকে ৰপ্তানিও কৰিব।
এৰ’মিকা নামৰ প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে প্ৰায় ৪৫ টা বিভিন্ন চাহৰ ব্যৱসায় কৰিছে। আশা কৰা হৈছে এই মূল্যবান চাহবিধৰ কদৰ দেশৰ লগতে বিদেশতো বৃদ্ধি পাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More