ভাৰতৰ ব্যক্তিগত খণ্ডৰ ৰকেট ইঞ্জিন উৎক্ষেপণ

স্কাইৰুট এৰ'স্পেচৰ ডিজাইন, নিৰ্মাণ, আৰু সম্পূৰ্ণৰূপে পৰীক্ষা কৰা আটাইতকৈ ডাঙৰ ৰকেট

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : ভাৰতৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ৰকেট নিৰ্মাতা ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেচ প্ৰাইভেট লিমিটেডে নিজৰ বিক্ৰম-১ ৰকেটৰ তৃতীয় পৰ্যায় সফলতাৰে পৰীক্ষা কৰে। কোম্পানীটোৱে নিজৰ বিক্ৰম-১ ৰকেটৰ পূৰ্ণকালীন পৰীক্ষামূলক নিক্ষেপণ মাইলৰ খুঁটি বুলি সদৰী কৰিছে। প্ৰখ্যাত ভাৰতীয় ৰকেট বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ নামেৰে ‘কালাম-১০০’ নামকৰণ কৰা বিক্ৰম-১ৰ তৃতীয় পৰ্যায়ত ১০০ কিলোনেট (প্ৰায় ১০ টন) শীৰ্ষ ভেকুৱাম থ্ৰাষ্ট উৎপন্ন হয় আৰু ইয়াৰ বাৰ্ন টাইম ১০৮ ছেকেণ্ড। ৰকেট ষ্টেজটো উচ্চ শক্তিৰ কাৰ্বন ফাইবাৰ গঠন, কঠিন ইন্ধন, ইথাইলিন-প্ৰপাইলিন-ডাইন টাৰপলিমাৰ (EPDM) তাপ সুৰক্ষা ব্যৱস্থা, আৰু কাৰ্বন এব্লেটিভ নজেলৰ সৈতে নিৰ্মাণ কৰা হৈছে। ৰকেট ষ্টেজ (ইঞ্জিন)ৰ কোনো চলন্ত অংশ নাই আৰু নিৰ্মাণৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ স্বয়ংক্ৰিয়কৰণ। এই বিষয়ে স্কাইৰুটৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য বিষয়াজনে এনেদৰে কয়— “আমাৰ ফ্লেগশ্বিপ অৰ্বিটেল বাহন বিক্ৰম-১ৰ বিকাশৰ বাবে সম্পূৰ্ণ সময়সীমাৰ পৰ্যায়ৰ পৰীক্ষণ এক ডাঙৰ মাইলৰ খুঁটি। এই পৰীক্ষণে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে আৰু এই সফলতাই আমাৰ অন্যান্য ৰকেট পৰ্যায়ৰ পৰীক্ষণৰ বাবে যথেষ্ট আত্মবিশ্বাস প্ৰদান কৰিছে।” স্কাইৰুটৰ অন্যতম বিনিয়োগকাৰী ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া লিমিটেডৰ সুবিধাত ৰকেটৰ পৰীক্ষা কৰা হৈছিল। এইটো হৈছে ভাৰতীয় ব্যক্তিগত খণ্ডত এতিয়ালৈকে ডিজাইন, নিৰ্মাণ, আৰু সম্পূৰ্ণৰূপে পৰীক্ষা কৰা আটাইতকৈ ডাঙৰ ৰকেট ষ্টেজ। বিক্ৰম-১ত তিনিটা কঠিন ইন্ধন পর্যায় অন্তর্ভুক্ত হৈছে, তদুপৰি এইটো হৈছে তৰল-ইন্ধনযুক্ত কিক ষ্টেজ যিটো সৰু উপগ্ৰহ উৎক্ষেপণ বজাৰত পৰিবেশন কৰাৰ বাবে ডিজাইন কৰা হৈছে। এইটো ৰকেট ৪৮০ কিলোগ্রাম পর্যন্ত ওজন কক্ষপথলৈ বহন কৰাৰ বাবে ডিজাইন কৰা হৈছে আৰু কোম্পানীটোৱে নিজৰ ৱেবচাইটত উল্লেখ কৰিছে যে, এইটো ৰকেটক ২৪ ঘন্টাৰ ভিতৰত যিকোনো লঞ্চ ছাইটৰ পৰা লঞ্চ কৰাৰ বাবে ডিজাইন কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More