ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ

0 34
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাই : দ্ৰৌপদী মুৰ্মু ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল। তেওঁ হৈছে ভাৰতৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতি। ১৪ সংখ্যক ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। ইয়াৰ পিছতে শপত ল’ব দ্ৰৌপদী মুৰ্মুৱে। দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত থাকিব তেওঁ। এখন দেশৰ সাংবিধানিক মুৰব্বীৰ বাসস্থান হিচাপে ৰাইচিনা হিল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। এই ঐতিহাসিক ভৱনটোৰ চাৰি মহলাত বিস্তৃত ৩৪০টা কোঠা আছে। ২.৫ কিলোমিটাৰ কৰিডৰ আৰু ১৯০ একৰ মাটিত বাগিচা বিস্তৃত হৈ আছে। ইয়াৰ বাহিৰেও হায়দৰাবাদত ৰাষ্ট্ৰপতিৰ বাসস্থানৰ বাবে ‘ৰাষ্ট্ৰপতি নিলায়ম’ নামৰ এটা বিলাসী ভৱন আছে। একেদৰে ছুটীত কটাবৰ বাবে চিমলাতো আছে ৰিট্ৰিট বিল্ডিং। ৰাষ্ট্ৰপতি সচিবালয়ৰ পাঁচজন কৰ্মচাৰীৰ উপৰি ৰাষ্ট্ৰপতি ভৱনত প্ৰায় দুশ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণৰ কাম কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে মাহিলী ৫ লাখ টকা দৰমহা পায়। ২০১৭ চনলৈকে ইয়াৰ পৰিমাণ আছিল ডেৰ লাখ টকা। সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপালৰ দৰমহা। দৰমহাৰ উপৰি ৰাষ্ট্ৰপতিসকলে আজীৱন বিনামূলীয়া চিকিৎসা লাভ কৰে। ৰাষ্ট্ৰপতি ভৱনৰ দৰমহাৰ পৰা অতিথি মনোৰঞ্জন আৰু খাদ্যৰ বাবে বছৰি ২ কোটি ২৫ লাখ টকা আবণ্টন দিয়া হয়। ব্যৱহাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লাভ কৰে এখন ক’লা ৰঙৰ মাৰ্চিডিজ বেঞ্জ গাড়ী। মাৰ্চিডিজ বেঞ্জৰ উপৰি ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ হাতত থাকে এখন লিমোজিন বাহন। ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী বা পতিয়ে বিশ্বৰ যিকোনো দেশলৈ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰে। অৱসৰৰ পিছত ৰাষ্ট্ৰপতিসকলে প্ৰতিমাহে লাভ কৰে ১.৫ লাখ টকা। অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ স্বামী বা পত্নীয়ে মাহে ৩০ হাজাৰ টকা পায়। অৱসৰৰ পিছৰ জীৱন-যাপনৰ বাবে বিনামূলীয়াকৈ এটা সজ্জিত চৰকাৰী বাংলো লাভ কৰে। দুটা লেণ্ডলাইন আৰু এটা মোবাইল ফোন আজীৱন বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। অৱসৰৰ পিছত প্ৰয়োজনীয় কৰ্মচাৰীৰ দৰমহাৰ বাবে বছৰি ৬০ হাজাৰ টকা দিব লাগে। ৰাষ্ট্ৰপতিসকলে অৱসৰৰ পিছত সংগীৰ সৈতে বিমান বা ৰে’লেৰে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More