ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ সম্পন্ন

0 80

শতাব্দ প্ৰতিনিধি, ১৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্র, কলকতাৰ দ্বাৰা ফুলবাৰী বোকানদী  অভিনৱ থিয়েটাৰৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা  ১৬ আৰু ১৭ জানুৱাৰীত ৰংগ যাত্ৰা শীৰ্ষক এক ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হয়। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাত উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰাৰ লগতে বিহাৰৰ আৰাৰ প্ৰভাৱ ক্ৰীয়েটিভ চছাইটিৰ শিল্পীসকলে মনোজ কুমাৰ সিঙৰ পৰিচালনাত ভিক্ষাৰী ঠাকুৰৰ ৰচিত ভোজপুৰী ভাষাৰ কালজয়ী নাটক “গংগা স্নান” মঞ্চস্থ কৰে। লগতে কলিকতাৰ নৃত্য দলে লোকনৃত্য পৰিবেশন কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহ সংঘ চালক গীতাচাৰ্য্য পুৰন্দৰ বৰুৱাই বন্তি প্ৰজ্বলিত কৰি সমাৰোহৰ উদ্ধোধনী কৰে। এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা নাট্যব্যক্তিত্ব ড০ প্ৰাঞ্জল বুঢ়াগোহাঁই, নাট পৰিচালক নিৰঞ্জন শইকীয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেচনৰ প্ৰশিক্ষক ঋষিকেশ কুমাৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। দ্বিতীয় দিনা সন্ধিয়া প্ৰথমখন নাটক পশ্চিম বংগৰ কলিকতাৰ  শ্ৰীৰামপুৰৰ নাট্যগোষ্ঠী তপস্যাৰ শিল্পীসকলৰ দ্বাৰা লুম্বুনি কুণ্ডুৰ পৰিচালনাত বাংলা ভাষাৰ নাটক “হাৰিয়ে খুজি” মঞ্চস্থ কৰে। দ্বিতীয়খনি নাটক মংগলদৈৰ জেংৰাই অসম নাট্য গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিচালনাৰ  অসমীয়া ভাষাৰ নাটক “নৌ মেন লেণ্ড” মঞ্চস্থ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More