ভাৰত বহুত্ববাদী আৰু সহনশীল! ৰাষ্ট্ৰসংঘই নিৰ্দ্বিধাই স্বীকাৰ কৰিলে

ভাৰতে সদায় নিজৰ মন্ত্ৰত বিশ্বাস কৰি আহিছে। আনক আক্ৰমণ নকৰা, সাম্ৰাজ্যবাদ বিৰোধী, আন ঠাইত আধিপত্য বিস্তাৰ নকৰা। ভাৰতৰ মনোভাৱ ইতিহাসৰ আদিম কালৰ পৰাই অত্যাধুনিক হৈ আহিছে। ৰাষ্ট্ৰসংঘই যেন সেই কথা আকৌ এবাৰ মনত পেলালে।

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : ভাৰতে সদায় নিজৰ মন্ত্ৰত বিশ্বাস কৰি আহিছে। আনক আক্ৰমণ নকৰা, সাম্ৰাজ্যবাদত বিশ্বাস নকৰা, আন ঠাইত আধিপত্য বিস্তাৰ নকৰা। ভাৰতৰ মনোভাৱ ইতিহাসৰ আদিম কালৰ পৰাই অত্যাধুনিক হৈ আহিছে। ৰাষ্ট্ৰসংঘই যেন সেই কথা আকৌ এবাৰ মনত পেলালে। ভাৰতৰ ৰাষ্ট্ৰসংঘৰ আৱাসী সমন্বয়ক চম্বি শ্বাৰ্পে ভাৰতক প্ৰকৃততে বহুত্ববাদী আৰু সহনশীল দেশ হিচাপে স্বীকাৰ কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ উদ্যোগত মানৱ অধিকাৰ দিৱস উপলক্ষে এক কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ এইজন প্ৰতিনিধিক ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। আছিল মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণ মিশ্ৰ। একেটা অনুষ্ঠানতে ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ লিখিত বাৰ্তাও পাঠ কৰে চাম্বি শ্বাৰ্পে। তেওঁ কয় যে ভাৰত এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্ব আৰু জি-২০ গোটৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত গুৰুত্বপূৰ্ণ পদবীত আছে। ফলত মানৱ অধিকাৰ আৰু উন্নয়নক আগুৱাই নিয়াৰ বাবে বিশ্বই ভাৰতৰ নেতৃত্বৰ প্ৰতি সদায় দৃষ্টি নিক্ষেপ কৰে। শ্বাৰ্পে লগতে কয় যে ভাৰতে দীৰ্ঘদিন ধৰি মানৱ অধিকাৰৰ নীতি মানি চলি আহিছে। সকলোৰে বাবে স্বাধীনতা আৰু ন্যায়ৰ ধাৰণাটোৰ সমৰ্থক। এই প্ৰসংগত শ্বাৰ্পে কয়— এই ধাৰণাবোৰ ভাৰতীয় সংবিধানতেই আছে। ভাৰতীয় সংবিধানে বহুত্ববাদী আৰু সহনশীল সমাজৰ প্ৰতিফলন ঘটায়। এই সন্দৰ্ভত তেওঁ মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ অৱদানৰ কথা উল্লেখ কৰে। প্ৰসংগক্ৰমে ভাৰতকো কিছুদিন পূৰ্বে এই প্ৰমাণ পত্ৰ আমেৰিকাই দিছিল। যাক লৈ কিছু বিতৰ্ক হৈছিল। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতাৰ বাবে ১২খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ন’ হিচাপে তালিকাভুক্ত কৰিছে। ব্লিংকেনে কয়— পৃথিৱীত এনে কিছুমান চৰকাৰ আৰু অৰাষ্ট্ৰীয় শক্তি আছে যিয়ে কিছুমান ধৰ্মৰ লোকক অহৰহ হাৰাশাস্তি, ভয় দেখুৱাই, কাৰাগাৰত ভৰাই বা হত্যা কৰি থাকে। কিন্তু ব্লিংকেনে সেই দেশসমূহৰ অধীনত ভাৰতক অন্তৰ্ভুক্ত কৰা নাছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More