ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : ব্যতিক্ৰমী প্ৰতিভা থকা বা পৰ্যাপ্ত ধন থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ব্ৰিটেইনত উচ্চ শিক্ষাৰ বাট মুকলি হৈছে। কোনখন স্কুল ব’ৰ্ড বা কলেজ-ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থী সেয়া কোনো কথা নাই। ২১ জুলাইত দিল্লীত ভাৰত আৰু ব্ৰিটেইনৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ সৈতে এনে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ ফলস্বৰূপে এই দেশত সকলো ব্ৰিটিছ ডিগ্ৰীয়ে স্বীকৃতি লাভ কৰিব। আগতে তাত লাভ কৰা স্নাতকোত্তৰ ডিগ্ৰী ভাৰতত স্বীকৃতি দিয়া হোৱা নাছিল। ফলত ভাৰতীয়সকলে সেই দেশত স্নাতকোত্তৰ ডিগ্ৰী কৰি ইয়াত গৱেষণা কৰিব পৰা নাছিল। এতিয়াৰ পৰা আৰু সেই বাধা আৰু নাথাকিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অংশ হিচাপে ভাৰত চৰকাৰে দেশৰ সুনামধন্য বিদেশী বিশ্ববিদ্যালয়ৰ কেম্পাছ খোলাৰ বাবে কেইবাটাও ক্লিয়াৰেন্স প্ৰদান কৰিছে। এই চুক্তিয়ে ভাৰতক উচ্চ শিক্ষাৰ ক্ষেত্ৰত এখোজ আগুৱাই নিব বুলি ভবা হৈছে। ব্ৰিটিছ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ স্থায়ী সচিব জেমছ ব’লাৰ আৰু ভাৰতৰ উচ্চ শিক্ষা সচিব কে সঞ্জয় মূৰ্তিয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ফলত দুখন দেশে আন এক সুবিধা লাভ কৰিব। ইয়াৰে কিছুমান ডিগ্ৰী পাঠ্যক্ৰম দুয়োটা প্ৰতিষ্ঠানে আগবঢ়াব পাৰে, যিবোৰ ভাৰত আৰু ব্ৰিটেইন উভয়ৰে পৰা অধ্যয়ন কৰিব পাৰে। ইয়াৰ ফলত শৈক্ষিক সমাজে আশা কৰিছে যে দুয়োখন দেশতে কৰ্মসংস্থাপনৰ বাবে উপযুক্ত স্নাতক উৎপাদিত হ’ব। ব্ৰিটিছ শিক্ষা বিভাগৰ বিদেশ সচিব জেমছ ক্লেভাৰলিয়ে কয়— “ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা দেশসমূহৰ ভিতৰত অন্যতম। এই চুক্তিৰ ফলত দুয়োখন দেশৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পৰিব। গতিকে আমি ইয়াক আদৰণি জনাইছোঁ।” ভাৰতত ব্ৰিটেইনৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত জান থম্পছনে কয়— “ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে আমাৰ দেশ অন্যতম জনপ্ৰিয় গন্তব্যস্থান। যোৱা বিত্তীয় বৰ্ষত প্ৰায় ১ লাখ ৮০ হাজাৰ ভাৰতীয় নাগৰিকক ব্ৰিটেইনৰ ভিছা প্ৰদান কৰা হৈছে। এই চুক্তিৰ ফলত এনে ছাত্ৰ-ছাত্ৰীয়ে লাভৱান হ’ব আৰু দুয়োখন দেশৰ মাজত বাণিজ্যও বৃদ্ধি পাব। মুঠতে দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধিত ই এক ইতিবাচক ভূমিকা পালন কৰিব।” ব্ৰিটিছ কাউন্সিল ইণ্ডিয়াৰ সঞ্চালিকা বাৰ্বাৰা উইকহামে কয় যে, এই চুক্তি দুয়োখন দেশৰ বাবে এক সুখৰ খবৰ। ইয়াৰ ফলত দুয়োখন দেশতে উচ্চ শিক্ষাৰ সুবিধা অধিক সহজ হৈ পৰিব। দুয়োখন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ লগতে চাকৰিৰ সুবিধাও লাভ কৰিব। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই চুক্তিয়ে আৰু অধিক তাৎপৰ্য ধাৰণ কৰিছে। ইঞ্জিনিয়াৰিং, মেডিচিন, ফাৰ্মাচী, নাৰ্চিং, আইন আদি পেছাদাৰী পাঠ্যক্ৰম এই চুক্তিত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই বুজাবুজি চুক্তিৰ বাহিৰেও দুয়োখন দেশৰ মাজত আৰু দুখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। যাৰ জৰিয়তে ভাৰতীয় নাৰ্চিং কৰ্মচাৰীসকলক প্ৰশিক্ষণ আৰু নিয়োগৰ বাবে ব্ৰিটেইনলৈ নিয়া হ’ব।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা