ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ লক্ষ্য বন বিভাগৰ

0 49
শতাব্দ প্রতিনিধি, তামুলপুৰ, ২৭ মে : বিশ্ব পৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ঔষধি গছ, থলুৱা  জাতৰ ফল-মূলৰ গছ চিনাকি কৰি দিয়াৰ মানসেৰে ঔষধিযুক্ত, ফলমূলকে ধৰি সৌন্দৰ্য্যবৰ্ধনকাৰী বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ এক অভিনৱ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰে। আজি সীমান্তবৰ্তী আঙাৰকাটা নতুনবস্তি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । কুমাৰীকাটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন্দ্ৰ নাথ বড়োৱে জনোৱা মতে কুৰিখন বিদ্যালয়ৰ প্ৰতিখনত  পয়সত্তৰ জোপা বিভিন্ন জাতৰ ফলমূল সৌন্দৰ্যবৰ্ধনকাৰী আৰু  ঔষধিযুক্ত গছ পুলি ৰোপণ কৰা হ’ব। উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষক শুকলাল চৰকাৰ প্ৰমুখ্যে কুমাৰীকাটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন্দ্ৰ নাথ বড়ো আন বিষয়া কৰ্মচাৰী ক্ৰমে ভদ্ৰেশ্বৰ বড়ো, প্ৰফুল্ল ৰাজবংশী আৰু ৰবি বড়ো  উপস্থিত আছিল । বিদ্যালয়ৰ চৌহদত বনবিভাগে গছপুলি ৰোপণ কৰিবলৈ লোৱা কাৰ্যসূচীক স্থানীয় প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে ধন্যবাদ জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More