ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ

0 61

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। images 2 1এ পি এছ চিৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে। বৰ্তমান তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পূৰ্বতে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী। এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ভাতৃ। উল্লেখ যে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড° অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল। অৱশেষত ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশ যোগে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উল্লেখ্য যে ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ কেলেংকাৰি সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত। তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল । চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া । লগতে গ্ৰেপ্তাৰো হ’ব লগা হয় । এই চক্ৰান্তত জড়িত বহু বিষয়া এতিয়াও ৰঙাঘৰৰ আলহী। ৰাকেশ পালৰ সময়ত হোৱা এপিএছচিৰ বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয়। যাৰ ফলত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে। মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপিএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় । এতিয়া নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আগন্তুক দিনত অসম লোক সেৱা আয়োগে কি দৰে আগুৱাই যাব সেইটো লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More