ভাৰ্চুৱেলি যোৰহাট কৰ্কট কেন্দ্ৰৰ উদ্বোধন

0 18
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৮ এপ্ৰিল : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পৰা অনলাইন যোগে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, দৰং, কোকৰাঝাৰ আৰু যোৰহাটকে ধৰি মুঠ ৭খন জিলাৰ কৰ্কট চিকিৎসালয় কেইখন অনলাইনযোগে উদ্বোধন কৰে। উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ আৰু ৭ খন জিলাৰ কৰ্কট চিকিৎসালয়ৰ অনলাইনযোগে আধাৰশিলা স্থাপন কৰে। IMG 20220428 WA0016যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ চৌহদত আয়োজন কৰা যোৰহাট কৰ্কট চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত যোৰহাটৰ আটাইকেইটা সমষ্টিৰ বিধায়কসকল, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মিনা, স্বাস্থ্য বিভাগৰ নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,নৱনিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিপুল ভূঁঞা, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More