ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ২৩ বছৰে নাট ৰচনা, পৰিচালনা আৰু অভিনয়ৰে দৃষ্টান্ত তেজপুৰৰ কৰুণা শইকীয়াৰ

অসম আন্দোলনৰ খামীডাঠ যোদ্ধাৰ ৪০ সংখ্যক স্মৃতিদিৱসত তেজপুৰৰ বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি বিশিষ্টজনৰ

0 32

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২১ মাৰ্চ : IMG 20230321 WA0067এগৰাকী প্ৰতিভাবান, দক্ষ নাট্যশিল্পী তথা জাতীয় শ্বহীদ বন্ধুৰ স্মৃতি জীপাল কৰি তুলিবলৈ সুদীৰ্ঘ ২৩ বছৰ ধৰি নিজে নাটক ৰচনা, পৰিচালনা আৰু নিজে অভিনয়ো কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি অহা তেজপুৰৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক কৰুণা শইকীয়াৰ বিশেষ তৎপৰতাত কালি নিশাও পূৰ্বৰ দৰে “নাট্যশ্ৰী”ৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত সফল মঞ্চায়ন হয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতিত ২৩ সংখ্যক নাটক “ইতিহাস হ’বলৈ নিদিওঁ” ।উল্লেখ্য যে, জুয়েপোৰা ৮৩ ৰ ২০ মাৰ্চৰ দিনটোত একাংশ দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ খামীডাঠ যোদ্ধা তথা এসময়ৰ জনপ্ৰিয় অভিনেতা ভূপেন ডেকাৰ স্মৃতিত বিগত ২২ বছৰে বন্ধু কৰুণা শইকীয়াই একোখনকৈ নাটক ৰচনা কৰি নিজে পৰিচালনা আৰু অভিনয় কৰি নাট্যানুষ্ঠান “নাট্যশ্ৰী” ৰ জড়িয়তে নাট মঞ্চস্থ কৰি অহাৰ পিছত কালি জাতীয় শ্বহীদ গৰাকীৰ ৪০ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি “নাট্যশ্ৰী” ৮৭ সংখ্যক আৰু ভূপেন ডেকাৰ স্মৃতিত ২৩ সংখ্যক “ইতিহাস হ’বলৈ নিদিওঁ” শীৰ্ষক নাটকত ভূপেন ডেকাৰ সহযোদ্ধা বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰাৰ লগতে নাট্যকাৰ কৰুণা শইকীয়াৰ উপৰি একাংশ নবীন – প্ৰবীণ শিল্পীয়ে অভিনয় কৰি বাণ থিয়েটাৰৰ দৰ্শকক আপ্লুত কৰে। নাট মঞ্চস্থৰ পূৰ্বে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতীয় শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি, ধূপ আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ভূপেন ডেকাৰ অন্তৰংগ বন্ধু যশস্কৰ বৰুৱা, পৰেশ পটংগীয়া, বিকাশ গাংগুলী আৰু বাদল পালে। বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া,প্ৰাক্তন ছাত্ৰ নেতা যোগেন পটংগীয়া, অনিল ডেকা তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, কাৰ্যনিৰ্বাহক তাজ হুছেইন, বিশিষ্ট বুৰঞ্জীবিদ ভুবন চন্দ্র গগৈ আদিয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিশিষ্ট শিক্ষাবিদ, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে আনুষ্ঠানিক ভাৱে “ইতিহাস হ’বলৈ নিদিওঁ” শীৰ্ষক নাটকখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত অসম আন্দোলনৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত হৈ ভূপেন ডেকাৰ সান্নিধ্য লাভ কৰা মহেন্দ্ৰ নাথ কেওঁটে জাতীয় শ্বহীদ গৰাকীক জীয়াই ৰখাৰ কৰুণা শইকীয়াৰ এনে প্ৰয়াস মহৎ প্ৰয়াস বুলি মন্তব্য কৰি এয়া প্ৰকৃত বন্ধুত্বৰ প্ৰকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰে। মৃদুল দাসৰ সংগীত, কুলেন বৰাৰ ৰূপসজ্জা, বিপুল নাথৰ পোহৰ, অচ্যুত শৰ্মাৰ স্মাৰক আৰু পাপু বৰাৰ নৃত্য পৰিচালনাৰে নাটকখনৰ অনান্য চৰিত্ৰ সমূহ ৰূপায়ণ কৰা শিল্পী সকল আছিল ক্ৰমে – পাৰ্থদ্বীপ নাথ, দীপক শৰ্মা, অজিৎ চক্ৰৱৰ্তী, ৰত্নেশ্বৰ বৰা, ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, কুৰংগ নয়ন শইকীয়া, ৰঞ্জু শইকীয়া, জিন্টু বৰঠাকুৰ। নাৰী চৰিত্ৰ সমূহ ৰূপায়ণ কৰা শিল্পী সকল আছিল ক্ৰমে – মৰমী শইকীয়া, ৰেখা বৰুৱা, শতৰূপা ভৰদ্বাজ আৰু ডিম্পী শইকীয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More