ভূৱা তথ্যৰে বিটিআৰত চাৰিদুৱাৰৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগঃবিশাল ৰাজহুৱা সভাত তীব্ৰ বিৰোধিতা

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬মাৰ্চঃIMG 20230326 WA0126 বিটিআৰত নতুনকৈ শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলাৰ অভিযোগ তুলি এনে কাৰ্য আৰু ইয়াৰ বাবে জনগাঁথনিৰ ভূৱা তথ্যৰ তীব্ৰ বিৰোধিতাৰে আজি চাৰিদুৱাৰত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৬জানুৱাৰীত ৰাজ্যৰ একাংশ গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰিছিল আৰু সেই অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ দুখন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছিল৷ শেহতীয়াকৈ পৰৱৰ্তী পৰ্যায়ত চাৰিদুৱাৰৰ আৰু ৮৪খন ৰাজহ তথা বনগাঁও ভূৱা তথ্যৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ বিছৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আজি ইয়াৰ বিৰুদ্ধে কে’বা সহস্ৰ লোকৰ অংশগ্ৰহণৰে চাৰিদুৱাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ অভিযোগ অনুসৰি চাৰিদুৱাৰৰ মোলানকুৰি, চপালগা, মেকাহি, ঢৰিকাটি, গড়মৰা আদিকে ধৰি ৰাজহ তথা বনগাঁও সমূহৰ নাম ভূৱা তথ্যৰে বিটিআৰত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলোবা হৈছে য’দিও প্ৰস্তাৱিত এই ৮৪খন গাঁৱৰ ভিতৰত অধিকাংশতেই বাস কৰা বড়ো জনগোষ্ঠীৰ লোকৰ প্ৰকৃত সংখ্যা ২০শতাংশৰ অধিক নহয় বুলি দাবী কৰে স্হানীয় অবড়ো ৰাইজে৷উল্লেখযোগ্য যে,আজি দিনৰ ১১বজাৰ পৰা চাৰিদুৱাৰৰ গড়মৰা খেল পথাৰত অনুষ্ঠিত হয় এখন বৃহৎ ৰাজহুৱা সভা৷চাৰিদুৱাৰ অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত আৰু চাৰিদুৱাৰ মৌজাৰ বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ সহযোগত তথা শৰৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশাল সভাখনত উদেশ্য বাখ্যা কৰে সুৰক্ষা সমিতিৰ সম্পাদক সুৰজ ছেত্ৰীয়ে৷ বিভিন্ন জনগোষ্ঠীৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশলোৱা ৰাজহুৱা সভাখনত অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল কোঁচৰ উপৰি আক্ৰাছুৰ জিলা সভাপতি বিক্ৰম দাস,অসম গাৰো উন্নয়ন পৰিষদৰ অধ্যক্ষ এলেক্স চাংমা, নিচি এলাইট চচাইটি অসমৰ সভাপতি অমিতা চিৰি, জিলা আটছাৰ অমৰজিৎ কেৰকেটা, জিলা আদিবাসী ছাত্ৰ সন্থাৰ আনন্দ তাঁতি, মিচিং সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক পটেশ্বৰ মিলি,গোৰ্খা জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বা আৰু কোঁচ ৰাজবংশী জিলা সন্মিলনীৰ সহকাৰী সম্পাদক দোলেন কোঁচ আদিয়ে বক্তব্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠীয়ে সুদীৰ্ঘকাল শান্তি আৰু সম্প্ৰীতিৰ মাজৰে বসবাস কৰি অহাৰ পাছত এনেদৰে ভূৱা তথ্যৰে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিচৰা কাৰ্যৰ দূৰ্ঘোৰ বিৰোধিতা কৰে৷বক্তাসকলে কয় যে,স্হানীয় বড়ো সকলৰ লগতে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোক যেনেদৰে সমিল মিলৰে বাস কৰি আহিছে তিনেদৰেই সকলো মিলি থাকক৷তদুপৰি বড়ো সকলৰ প্ৰাপ্য অধিকাৰ লাভৰ ক্ষেত্ৰতো কোনো আপত্তি আন জনগোষ্ঠী সমূহৰ নাই বুলি উল্লেখ কৰি ইয়াৰ বিপৰীতে ভূৱা তথ্যৰে অনাবড়োসকলৰ ভূমি,ৰাজনৈতিক তথা মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ বিচৰা কাৰ্যৰ দুৰ্ঘোৰ বিৰোধিতা কৰা বুলি প্ৰকাশ কৰি বক্তা সকলে কয় যে,প্ৰকৃততে এশ শতাংশ বড়ো জনগোষ্ঠীয় গাঁও বুলি দাবী কৰা চাৰিদুৱাৰৰ বনগাঁও আৰু ৰাজহ গাঁও সমূহত প্ৰকৃততে বড়ো জনগোষ্ঠীৰ লোকৰ সংখ্যা ২০শতাংশহে৷ কিন্তু ভূৱা তথ্য দেশৰ গৃহমন্ত্ৰালয়ৰ লগতে চৰকাৰক দাখিল কৰা হৈছে৷ এটা জনগোষ্ঠীৰ স্বাৰ্থৰ নামত আন সকলো জনগোষ্ঠীৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ বিচৰা কাৰ্যক আজিৰ সভাত প্ৰতিটো সংগঠনৰ প্ৰতিনিধিৰ লগতে ৰাইজে তীব্ৰ বিৰোধিতা কৰে৷আজিৰ সভাত সকলোৱে চাৰিদুৱাৰ মৌজাৰ প্ৰস্তবিত গাঁও সমূহৰ প্ৰকৃত জনগাঁথনিৰ সবিশেষ তথ্য দেশৰ গৃহমন্ত্ৰালয়ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱাৰ লগতে বিষয়টোৰ সত্যতা অনুধাৱন কৰি অনাবড়োৰ প্ৰাধান্য থকা চাৰিদুৱাৰৰ গাঁও সমূহক বিটিআৰত চামিল নকৰিবলৈ আহ্বান জনাই ৰাইজে এইসমূহ গাঁৱক কোনোকাৰণতে বিটিআৰত অন্তৰ্ভুক্তি মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More