‘ভেলী অৱ ফ্লাৱাৰ্ছ’এ হাত বাউলি মাতিছে

১ জুনৰ পৰা পৰ্যটকৰ বাবে মুকলি উত্তৰাখণ্ডৰ বিখ্যাত ফুলৰ উপত্যকা

0 191

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আজি ১ জুনৰ পৰা মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ ‘ভেলী অৱ ফ্লাৱাৰ্ছ’ অৰ্থাৎ ফুলৰ উপত্যকা লৈ ট্ৰেকিং অভিযান। মনোমোহা উপত্যকাটোলৈ পৰ্যটকসকলক আদৰণি জনাই উত্তৰাখণ্ডৰ পৰ্যটন সচিব দিলীপ জাৱালকাৰে আজি কয় যে, আন্তগাঁথনিকে ধৰি পৰ্যটকৰ বাবে সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। valley of flowers trek1গ্ৰীষ্মকালত হিমালয় অঞ্চলৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰাৰ লগে লগেই এই প্ৰশস্ত উপত্যকাটোত প্ৰস্ফুটিত হ’বলৈ ধৰে নানা ৰঙ-বিৰঙৰ বনৰীয়া ফুলসমূহ। বিশেষকৈ জুলাই-আগষ্ট মাহত উপত্যকাটোত প্ৰৱেশ কৰিলে সততেই চকুত পৰিব ভিন ভিন ৰঙৰ ফুলেৰে সজোৱা কাৰ্পেটৰ নান্দনিক দৃশ্য। বৰফ গলা জলধাৰাৰে খৰস্ৰোতা জান-জুৰি, অৰণ্য, পাহাৰীয়া আৰু সমতল এলেকাৰে পৰিবেষ্টিত সমগ্ৰ উপত্যকাটোৱেই গ্ৰীষ্ম আৰু বৰ্ষা কালত হৈ পৰে সঁচা অৰ্থত এখন স্বৰ্গপুৰী। ফুলৰ উপৰি নানা প্ৰজাতিৰ চৰাই, পখিলাৰে মায়াময় এই উপত্যকাটোত বনৰীয়া ভেড়া, কস্তুৰী মৃগ, ভালুক, স্ন’ লিউপাৰ্ড আদি বন্য জীৱ-জন্তুও দেখিবলৈ পোৱা যায়। বৰফাবৃত হিমালয়ৰ পটভূমিত প্ৰতিবছৰেই সেয়ে ইয়াৰ ৰূপ-সৌন্দৰ্য উপভোগৰ বাবে আগমন ঘটে সহস্ৰাধিক দেশী-বিদেশী পৰ্যটকৰ।
১৯৩১ চনৰ গ্ৰীষ্মকালত এদিন হঠাতে এগৰাকী বৃটিছ পৰ্বতাৰোহী আৰু উদ্ভিদবিদ ফ্ৰাঙ্ক এছ স্মিথে ভিন ভিন ফুলেৰে জাতিষ্কাৰ হৈ থকা এই উপত্যকাটোৰ সন্ধান লাভ কৰিছিল। ৮৭.৫০ বৰ্গ কিলোমিটাৰ এলেকাৰ এই অঞ্চলটোক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে আৰু ২০০৫ চনত ইউনেস্ক’ৱে ইয়াৰ অসাধাৰণ বিশ্বজনীন মূল্যৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। উত্তৰাখণ্ডৰ চামোলি জিলাত ৩,৯০০ মিটাৰ উচ্চতাত অৱস্থিত এই ফুলৰ উপত্যকা অঞ্চল নন্দাদেৱী বায়’স্ফিয়েৰ ৰিজাৰ্ভৰ অন্তৰ্গত আৰু ইয়াত তিনিশৰো অধিক প্ৰজাতিৰ ফুল দেখিবলৈ পোৱা যায়। এনিম’নছ, জিৰানিয়াম, প্ৰিমুলুছ, ব্লু পপী, ব্লুবেলছৰ উপৰি বিখ্যাত তথা উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল ব্ৰহ্মকমল ফুল এই উপত্যকাটোত সহজেই দেখিবলৈ পোৱা যায়। ‘ভেলী অৱ ফ্লাৱাৰ্ছ’ত প্ৰৱেশৰ বাবে ৰাজ্যিক বন বিভাগে নিৰ্দিষ্ট পৰিমাণৰ মূল্যৰে প্ৰৱেশ পত্ৰ প্ৰদান কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ সময় নিৰ্ধাৰণ কৰা হৈছে পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে। বিয়লি ৪ বজাৰ পূৰ্বে সকলো পৰ্যটকে উদ্যানখনৰ পৰা প্ৰস্থান কৰাটো বাধ্যতামূলক। জুন আৰু জুলাই মাহত এই অঞ্চলৰ উষ্ণতা সৰ্বোচ্চ ১১-১৫ ডিগ্ৰী আৰু সৰ্বনিম্ন ২-৫ ডিগ্ৰী চেণ্টিগ্ৰেড হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More