ভোমোৰাগুৰি বনভোজস্হলীত যুৱতীক শ্লীলতা হানি:ধৃত দুই স্বয়ম্ভু সাংবাদিক

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২জানুৱাৰী: পহিলা জানুৱাৰীৰ বিয়লি প্ৰায় চাৰি বজাত তেজপুৰৰ বনভোজস্হলী কলিয়াভোমোৰা দলঙৰ তলত বনভোজ খাবলৈ যোৱা তেজপুৰৰ এটা দলৰ লগত কাজিয়াত লিপ্ত হয় আন এটা দল৷এই দলটোৱে তেজপুৰৰ বনভোজকাৰী দলটোৰ যুৱতীক অশ্লীলভাবে জোকোৱাৰ লগতে গোপন অংগত হাত দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি,পীড়িত দলটোক মাৰধৰ তথা সোণৰ অলংকাৰ, নগদ ধন কাঢ়ি নিয়াৰো অভিযোগ উঠিছে৷ প্ৰণিধানযোগ্য যে,এই আক্ৰমণকাৰী দলটোত নগাঁৱৰ নলতলি অঞ্চলৰ  দুই পৰ্টেলৰ সাংবাদিক বিমান বৰুৱা আৰু অনুপ বৰাও আছিল৷ অভিযোগ অনুসৰি, যুৱকৰ দলটোৱে বনভোজকাৰী দলৰ যুৱতীক অশ্লীল ইংগিত দিয়াই নহয়, শ্লীলতা হানিৰো অপচেষ্টা চলাইছিল৷ যাক লৈ দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ আনকি অভিযুক্ত যুৱকৰ দলটোৱে বনভোজকাৰী দলৰ এখন বাহনৰ আইনা ভাঙি ক্ষতিসাধনো কৰে৷ পিছত ঘটনাস্থলীত স্হানীয় বৰঘাট আৰক্ষীৰ চকীৰ এটা দল গৈ অভিযুক্ত দলটোৰ দুজনক আটক কৰি লৈ আহে৷ জানিব পৰা মতে, কাজিয়াত লিপ্ত যুৱকৰ দলক নেতৃত্ব দিছিল এই দুই স্বয়ম্ভু সাংবাদিকে৷ আৰক্ষীয়ে কৰায়ত্ব কৰা দুই পৰ্টেল সাংবাদিকক লাইভ ২৪ৰ বিমান বৰুৱা আৰু অসম এক্সপ্ৰেছৰ অনুপ বৰা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ দুয়োৰে ঘৰ নলতলিৰ উলুৱনিত৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More