ভয়ঙ্কৰ প্রাকৃতিক বিপৰ্যয় বৃদ্ধি পাবঃ ৰাষ্ট্ৰসংঘ

২০০১ চনৰ তুলনাত প্রায় ৩০ শতাংশ বাঢ়িব তাপপ্রবাহ

0 53

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ মে’ : জলবায়ু পৰিৱর্তনক লৈ হাড় কঁপাব পৰা এক ৰিপ’র্ট প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘই। য’ত দায়ী কৰা হৈছে জলবায়ু পৰিৱর্তনকেই। ৰিপ’র্টটোত কোৱা হৈছে যে, জলবায়ু পৰিৱর্তনৰ ক্রমবর্ধমান পৰিণতিৰ কাৰণে বিপর্যকৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে। যাৰ ভিতৰত অনেক বিপৰ্যয়েই হ’ব বিধ্বংসী। জীৱন বা জীৱিকাকো প্রভাৱিত কৰিব পাৰে বুলিও আশঙ্কা কৰা হৈছে। ৰাষ্ট্রসংঘৰ নতুন এই প্রতিবেদনত প্রাকৃতিক পৰিস্থিতিৰ ভয়ঙ্কৰ এক ৰূপ প্রকাশ কৰা হৈছে। আগন্তুক বছৰৰ পৰা পৃথিৱীত আৰু বেছিকৈ বিপর্যয়কৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে। প্রতিবেদনত কোৱা হৈছে যে, বর্তমান প্রৱণতা যদি নিয়ন্ত্রণ নহয় তেন্তে ২০৩০ চনত গোটেই বিশ্বত বছৰি প্রায় ৫৬০টা প্রাকৃতিক বিপর্যয়ৰ ঘটনা ঘটিব। ২০১৫ চনৰ পৰা এইপর্যন্ত প্রতিবছৰে প্রায় ৪০০ টাকৈ প্রাকৃতিক বিপৰ্যয়ৰ ঘটনা ঘটিছে গোটেই বিশ্বত। যাৰ ভিতৰত আছে বান, খৰাং, দাবানল, ভূমিকম্প। মহামাৰী আৰু ৰাসায়নিক দুর্ঘটনাৰ দৰে ঘটনাও ঘটিব পাৰে বুলি সতর্ক কৰা হৈছে। জলবায়ু পৰিৱর্তনে জলবায়ু সম্পর্কিত বিপদৰ মাত্রা, ফ্রিকুৱেন্সি, সময়কাল আৰু তীব্রতা বঢ়াই দিছে। ইয়েই দুর্যোগৰ ক্ষয়ক্ষতি আৰু উন্নয়ন অর্জনৰ বিপর্যয়ৰ এক প্রধান চালক হৈ উঠিছে। বৈজ্ঞানিক প্রতিবেদনত কোৱা হৈছে যে, ১৯৭০-২০০০ চনপর্যন্ত বিশ্ব ক্ষতিগ্রস্ত হৈছে ৯০-১০০টা প্রাকৃতিক বিপর্যয়ৰ ঘটনাত। প্রতিবেদনত আৰু কোৱা হৈছে যে, ২০৩০ চনত তাপপ্রবাহৰ পৰিমাণো অনেক বেছি বাঢ়ি যাব। ২০০১ চনৰ তুলনাত প্রায় ৩০ শতাংশ বাঢ়িব তাপপ্রবাহ। ৰিপ’র্টত আশঙ্কা কৰা হৈছে যে, জলবায়ু পৰিৱর্তনৰ কাৰণে কোভিড-১৯ , আর্থিক মন্দাৱস্থা আৰু খাদ্যৰ নাটনিয়েও প্রভাৱিত কৰিব পাৰে। ৰিপ’র্টটোত কোৱা হৈছে যে, জয়বায়ু পৰিৱর্তন ৰোধ কৰাৰ চেষ্টা বা উপায় কেৱল মানুহৰ হাততেই আছে। প্রতিবেদনত কোৱা হৈছে, প্রাকৃতিক বিপর্যয়প্ৰৱণ এলেকাত জনসংখ্যা বৃদ্ধিৰ কাৰণে দুর্যোগৰ প্রভাৱো বৃদ্ধি পাইছে। ৰাষ্ট্র সংঘৰ দুর্যোগ ক্ষতি হ্রাস বিষয়া প্রধান মামি মিজুতোৰিয়ে কৈছে যে, এতিয়াও মানুহ সতর্ক হোৱা নাই। যি বিপর্যয়ৰ সম্ভাৱনা আৰু বঢ়াই দিছে। প্রতিবেদনত কোৱা হৈছে, দুর্যোগৰ কাৰণে বর্তমান প্রায় ৯০ শতাংশ অর্থই সাহায্য হিচাবে খৰচ কৰা হৈছে। ৬ শতাংশ অর্থ ব্যয় কৰা হৈছে পুনর্গঠনৰ বাবে। আৰু মাত্র ৪ শতাংশ অর্থহে খৰচ কৰা হৈছে প্রতিৰোধৰ বাবে। প্রতিবেদনত কোৱা হৈছে, প্রাকৃতিক দুর্যোগৰ কাৰণে বিশ্বৰ দেশসমূহৰ প্রায় প্রতিবছৰেই ১ শতাংশকৈ জিডিপি কমি যায়। প্রতিবেদনত আৰু কোৱা হৈছে যে, প্রাকৃতিক বিপর্যয়ৰ কাৰণে এছিয়া পেচিফিক অঞ্চল সকলোতকৈ বেছি ক্ষতিগ্রস্ত হ’ব পাৰে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More