ভৰলু,বাহিনী আৰু মৰাভৰলী নৈক বেদখলমুক্ত কৰা হ’ব

পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত ল’ব পৌৰসভাইহেঃ তেজপুৰত মন্ত্ৰী সিংহলৰ ঘোষণা

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮এপ্ৰিলঃ ৰাজ্যৰ প্ৰাকৃতিক নলা নৰ্দমাসমূহত হোৱা বেদখল উচ্ছেদ কৰাৰ লগতে ৰাজ্যৰ কে’বাখনো নৈত হোৱা বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে৷আজি এই কথা তেজপুৰত ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে৷ উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যখনত  প্ৰাকৃতিক নলা নৰ্দমা সমূহ নিঃশেষ হৈ অহাৰ সমান্তৰাল ভাবে কৃত্ৰিম বান এক বৃহৎ সমস্যাত পৰিণত হৈছে৷এনে পৰিস্হিতিত ৰাজ্যৰ প্ৰাকৃতিক নলা,হোলা সমূহত হোৱা বেদখল উচ্ছেদ কৰিব বুলি আজি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে৷প্ৰনিধানযোগ্য যে,আজি তেজপুৰৰ বাটমাৰিত থকা কনভেনচন চেন্টাৰত অনুষ্ঠিত হয় কৃত্ৰিম বান প্ৰতিৰোধ আৰু ৰাজ্যত পৌৰকৰ বৃদ্ধি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ৰাজ্যৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ সমূহৰ সভাপতি সকলৰ স’তে অনুষ্ঠিত হোৱা এই সভাখনৰ পাছত সন্ধিয়া সংবাদমাধ্যমৰ আগত মন্তব্য কৰা মন্ত্ৰী সিংহলে কয় যে,এই সভাত কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক নলা নৰ্দমা সমূহত হৈ থকা অবৈধ দখল মুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হৈছে আৰু সম্প্ৰতি ৰাজ্যত অব্যাহত তীব্ৰ নগৰীকৰনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবেও সিদ্ধান্ত গ্ৰহন কৰা হৈছে।আনহাতে পৌৰকৰ বৃদ্ধিকলৈ ৰাজ্যজুৰি সৃষ্ট তীব্ৰ প্ৰতিক্ৰিয়াৰ বিপৰীতে বিষয়টো সন্দৰ্ভত সকলো দায়িত্ব পৌৰসভা সমূহৰ ওপৰতে এৰে মন্ত্ৰীজনে৷বিষয়টোৰে ৰাজ্য চৰকাৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি মন্ত্ৰী সিংহলে কয় যে পৌৰকৰ বৃদ্ধি কৰা বা নকৰাৰ ক্ষেত্ৰত সিদ্ধান্ত পৌৰসভা সমূহে ল’ব৷এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় একো নাই বুলিও তেওঁ মন্তব্য কৰে৷ইপিনে,গুৱাহাটীৰ ভৰলু, বাহিনী নৈ  আৰু মৰা ভৰলীৰ বেদখলত উচ্ছেদ চলোৱা হ’ব বুলি প্ৰকাশ কৰি মন্ত্ৰী সিংহলে কয় যে,প্ৰয়োজন হ’লে ভূমিৰ বিপৰীতে ক্ষতিপূৰণ দি হ’লেও নৈৰ ভূমি মোকলোৱা হ’ব। গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  এইদৰে  মন্তব্য কৰা  সিংহলে ভৰলুক মুক্ত কৰাৰ লগতে বাহিনী আৰু মৰাভৰলী নৈৰ বিষয়ে উল্লেখ কৰে৷আনহাতে গড়কাপ্তানি পথসমূহ মেৰামতিৰ সময়ত প্ৰতিবাৰেই পূৰ্বতকৈ ওখ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে,ইয়াৰ বাবেও বহুস্হানত কৃত্ৰিম বান পৰিস্থিতিৰ উদ্ভৱ হয় আৰু সেয়ে এতিয়াৰ পৰা এনে পথসমূহ ওখ কৰিবলৈ দিয়া নহ’ব৷তেজপুৰ পৌৰসভা অন্তৰ্গত বজাৰ সমূহৰ আৱণ্টনৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি উত্থাপন হোৱা অভিযোগৰ ক্ষেত্ৰতো তেওঁ দৃষ্টি দিব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More