ভৱানী দলে টাহুৰ  ‘O2’ ফিচাৰ ফিল্মৰ দেশ-বিদেশত কেইবাটাও বঁটা লাভ

0 101

ৰয়েল পেগু

পৰিৱেশ সুৰক্ষাৰ বিষয়কলৈ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ বৰ্ধিত বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত ‘O2’ নামৰ ফিচাৰ ফিল্মখন দেশ-বিদেশত কেইবাটাও বঁটা লাভ কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লখিমপুৰৰ জীয়ৰী তথা বৰ্তমান দিল্লী নিবাসী ভৱানী দলে টাহুৱে পৰিচালনা কৰা ‘O2’ নামৰ ফিচাৰ ফিল্মখন জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা ‘বাৰ্লিন ইন্দি ফিল্ম ফেষ্টিভেল-২০২২ ত ‘শ্ৰেষ্ঠ সেউজ আৰু পাৰিপাৰ্শ্বিক ফিল্ম’ (বেষ্ট গ্ৰীণ আৰু এণ্ডভাইৰ’নমেণ্ট) পুৰস্কাৰ লাভ কৰে। তদুপৰি ৩১ আগষ্ট, ২০২২ চনত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হোৱা ‘গ্ৰেট মেছেজ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত’ ‘O2’ চিনেমাখনৰ কাহিনীৰ লেখিকা ভৱানী দলে টাহু আৰু সহকাৰী লেখক বিশ্বজিত টাহুৱে ‘শ্ৰেষ্ঠ লেখক’ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে টেগুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰকৃতি/পৰিৱেশ/বন্যপ্ৰাণী বোলছবিৰ শাখাত ‘আউটষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড’ (Outstanding Achievement Award) পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ‘O2’ নামৰ ফিচাৰ ফিল্মখনৰ প্ৰযোজক ভৱানী দলে টাহু আৰু নাম্পো দলে পেগু। IMG 20220917 WA0023গীতিকাৰ ধৰণী টাৱ, নিশিথ ৰাজখোৱা আৰু হৰেন দলেৰ কেইবাটাও গীতত কণ্ঠদান কৰিছে ধৰণী টাৱ, প্ৰিন্স টাৱ আৰু ৰোজী দলে পেগুৱে। ভাস্কৰজ্যোতি দলেয়ে চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰা ‘O2’ নামৰ ফিচাৰ ফিল্মৰ কাহিনী ভৱানী দলে টাহু আৰু বিশ্বজিৎ টাহুৰ। উল্লেখযোগ্য যে এই পৰিৱেশধৰ্মী ‘O2’ ফিচাৰ ফিল্মখনত জোনাইৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠীৰ ‘ছেভ পবা ৰেইন ফৰেষ্ট, নতুন দিল্লীৰ ‘চিষ্টাৰ্ছ ফাউণ্ডেচন’ আৰু iamgurgaon নামৰ এন জি অ’ তিনিটা বিশেষ ভূমিকা পালন কৰিছে। দিল্লীৰ বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত ফিচাৰ ফিল্মখনৰ ৮০ শতাংশ দৃশ্যগ্ৰহণ দিল্লীত কৰা বিপৰীতে চিনেমাৰ ২০ শতাংশ অসমৰ বিভিন্ন লোকেচনৰ লগতে জোনাইৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আদিত দৃশ্যগ্ৰহণ কৰা হৈছে। অহা দুই ডিচেম্বৰত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসত OTT প্লেটফৰ্মত মুক্তি পাব লগা চলচ্চিত্ৰ ‘O2′ খনত বিশ্বজিৎ টাহু, আনেং দলে, লক্ষী দলে, ৰীতা টাইদ কুণ্ডু, গৌৰী শইকীয়া, সিদ্ধাৰ্থ ৰয়, ৰুমা দলে, ফুলেমা দলে, স্বৰূপ কাৰচাং টাহু, ৰোজী দলে পেগু, ৰঞ্জিত পাটিৰ, থয়ন পেগু, পুন্নিউম পূৰৱী পেগু, থিয়ন পেগু, মনালিছা দলে, ব্ৰিষ্টিনা পেগু, তুলসী নাৰায়ণ টায়ে, ইন্দ্ৰপ্ৰকাশ দলে, সুনীল টায়ে, নীৰজ চৌধুৰী, পদ্মিনী বৰপূজাৰী, চানী শেঠ, ভাৰতী শেঠ, তিয়ানা শেঠ, সুভাম কুমাৰ, ৰয়েল পেগু, পিংকু ঙাতে, সুৰভি আনন্দ ৰয়, নাৰায়ণ বৰা, নাম্পো দলে পেগু, গৌৰৱ কুণ্ডু, চালমা বেগম, কৃষ্ণ কুমাৰ এণ্টিল, মনু কুমাৰ এণ্টিল, ইন্দ্ৰজিত পেগু, বীৰেন্দ্ৰ দলে আদিয়ে অভিনয় কৰিছে। ফিচাৰ ফিল্মখনৰ সকলো কলা-কুশলী অ-পেছাদাৰী, আৰু বিভিন্ন ক্ষেত্ৰত কৰ্মৰত। প্ৰযোজক নাম্পো দলে পেগু হৈছে দিয়াজিঅ’ কোম্পানীৰ এগৰাকী জ্যেষ্ঠ গ্ৰাহক বিপণন মেনেজাৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বিশ্বজিৎ টাহু দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক। ৰোজী দলে পেগু ভাৰতীয় ষ্টেট বেংকৰ বেংক মেনেজাৰ, ৰীতা কুণ্ডু এগৰাকী পিএইচ ডি পণ্ডিত, আনেং দলে এগৰাকী প্ৰাক্তন এয়াৰ হোষ্টেছ (এয়াৰ ইণ্ডিয়া), লক্ষী দলে, এজন ব্যৱসায়ী, ছানী শেঠ আৰু ভাৰতী শেঠ সহকাৰী অধ্যাপক (গণিত), সিদ্ধাৰ্থ ৰয় আৰু সুৰভী আনন্দ ৰয় স্থপতিবিদ, নিৰজ চৌধুৰী ইঞ্জিনিয়াৰ ইত্যাদি।IMG 20220917 WA0021 চলচ্চিত্ৰখনৰ পৰিচালক ভৱানী দলে টাহুৱে জানিব লৈ দিয়া মতে সকলো কলা-কুশলীয়ে চিত্ৰনাট্যখনত স্বেচ্ছাই অভিনয় কৰিছে। পৰিৱেশবিদ তথা অৱসৰপ্ৰাপ্ত শিক্ষক দঞিয়ে অসমৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত তেওঁৰ পুত্ৰ আৰু কন্যাৰ পৰিয়ালৰ সৈতে শান্তিপূৰ্ণভাৱে বাস কৰিবলৈ আহি ঘটনাক্ৰমে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ অভিযানত জড়িত হৈ পৰে। কিন্তু প্ৰথমতে পুত্ৰই তেওঁৰ এই কামত সমৰ্থন কৰা নাছিল। অৱশেষত পৰিৱেশৰ সৈতে একাত্ম হৈ মানুহে জীৱন যাপন কৰিব লাগে তাক এদিন অনুধাৱন কৰিবলৈ সক্ষম হয়- এয়াই ছবিখনৰ মূল কাহিনী। ছবিখনৰ শ্বুটিঙৰ সময়ত সন্মুখীন হোৱা অভিজ্ঞতা সন্দৰ্ভত পৰিচালক ভৱানী দলে টাহুৱে কয়- এইটো মোৰ জীৱনকালত সম্পন্ন কৰা আটাইতকৈ কঠিন কাম আৰু আটাইতকৈ কঠিন প্ৰত্যাহ্বান আছিল।ছবিখনক ক’ভিড -১৯ৰ দ্বিতীয় ঢৌ চলি থকা সময়ত দৃশ্যগ্ৰহণ কৰা হৈছিল। শ্বুটিঙৰ সময়ত ক’ভিড নিয়ম মানিব লগা হৈছিল। দিল্লীত চলচ্চিত্ৰখনৰ ৮০ শতাংশ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ দুবছৰীয়া ছোৱালীজনী এক বিৰল ৰোগত আক্ৰান্ত হৈছিল আৰু তাইৰ নতুন দিল্লীৰ শালিমাৰ বাগৰ মেক্স চিকিৎসালয়ত দুটা ডাঙৰ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। অস্ত্ৰোপচাৰৰ সফলতাৰ পিছত মই সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ’ল নতুন দিল্লীত প্ৰথম অমিক্ৰ’ন কেছ ধৰা পৰা। সামাজিক দূৰত্বৰ নিয়ম আৰু মোৰ ব্যক্তিগত সমস্যাৰ বাবে আমি ৰিহাৰ্চেলৰ বাবে সঘনাই লগ পাব পৰা নাছিলো। সেয়েহে, কলা-কুশলীসকলৰ বাবে গুগল মিট, আৰু অনলাইন ৰিহাৰ্চেল প্ৰ’গ্ৰাম পৰিচালনা কৰিছিলো। মোৰ ছোৱালীৰ অসুস্থতাৰ বাবে মই কিছুমান বাহিৰৰ আউটডৰ শ্বুটিঙত উপস্থিত থাকিব নোৱাৰিলোঁ। সেয়েহে, মই কিছুমান দৃশ্যৰ বাবে ঘৰৰ পৰা অনলাইন নিৰ্দেশনা কৰিছিলো। সেই পৰিস্থিতিত মোৰ মা-দেউতা আৰু চিত্ৰগ্ৰহণকাৰী ভাস্কৰজ্যোতি দলেয়ে মোক যথেষ্ট সহায় কৰিছিল। তেওঁলোকৰ সহযোগিতাৰ অবিহনে মই এই চিনেমাখন সম্পূৰ্ণ কৰিব নোৱাৰিলো হেঁতেন। চিনেমাখন নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হোৱা সন্দৰ্ভত পৰিচালক ভৱানী দলে টাহুৱে কয়- মই মোৰ শৈশৱটো অসমৰ এখন সৰু ঠাই জোনাইত অতিবাহিত কৰিছিলো। মোৰ শৈশৱকালত আমি গোটেই বছৰটো কম্বল লৈছিলো। প্ৰথমবাৰৰ বাবে মই ২০১১ চনত নতুন দিল্লীলৈ অহাৰ পিছত মোৰ জীৱনকালত এ চি ব্যৱহাৰ কৰিছিলো। মই নতুন দিল্লীত ১০ বছৰ অতিবাহিত কৰিছো। মই অসম আৰু দিল্লীৰ মাজৰ পৰিৱেশৰ তাৰতম্যক অনুভৱ কৰিছো। এতিয়া নতুন দিল্লীক বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে গণ্য কৰা হয়। কিন্তু দিল্লীৰ বেছিভাগ লোক এই সত্যটোৰ বিষয়ে অজ্ঞাত। এই চলচ্চিত্ৰখন দিল্লীত বৰ্ধিত প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ নিৰ্মাণ কৰা হৈছে। ভৱানী দলে টাহু উত্তৰ লখিমপুৰৰ নিবাসী ভূমি ৰঞ্জন দলে আৰু কমলা কান্তি দলেৰ দ্বিতীয় কন্যা। তেখেত স্বামী আৰু দুই সন্তানৰ সৈতে নতুন দিল্লীত বাস কৰে।উল্লেখযোগ্য যে ভৱানী দলে টাহু ইতিপূৰ্বে ‘মাস্ক’ নামৰ ফিচাৰ ফ্লিম এখন নিৰ্মাণ কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More